চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অৱনী চক্ৰৱৰ্তীৰ তিনিটি কবিতা

অৱনী চক্ৰৱৰ্তীৰ তিনিটি কবিতা

বিস্ফোৰক এটা খবৰ পঢ়ি

বাতৰিৰ পাছত বাতৰি উৰে
বিস্ফোৰক খবৰ এটাই
মুৰ আচন্দ্ৰাই কৰে

জোচেফ ষ্টেলিন
তোমাক চালাম

আমাৰ মনত নাই
তোমাৰ উদ্‌গনি
এটুকুৰা আপোন মাটি
আৰু ওঁঠৰ ভাষাৰ
অধিকাৰ

মানুহৰ মহত্তম আকাংক্ষাৰ সৌধ
নীলামত কোনেও বিক্ৰী কৰিব নোৱাৰে

সিহঁতে হোটেল খোলক
অৰ্থই আনক অনৰ্থ
মূৰ নঘমাও৷
পঞ্চাশ হাজাৰ ডলাৰ নহয়
ত্ৰিশটন ওজন নহয়৷
অংকেৰে জুখিব নোৱাৰা
স্মৃতিৰে আমি জীয়াই থাকোঁ৷
স্মৃতিৰ ভৰৰ জোখ কোনে লয়?
কিমান দেৱাল ভঙা গানেৰে
মূৰ্ত আমাৰ জীৱনৰ সংগীত৷

পাহৰি থাকিবলৈ ভাবিব নালাগে
নতুনকৈ সাজা যদি পাৰা জীৱন সৌধ৷
যিমান দিনলৈ থাকিব শোষণ
সিমান দিনৰ পাচতো জ্বলিব
মুক্তি যুঁজত জীৱনৰ ঈশ্বৰ৷

মজিয়া ভকেভকায়

এনেকৈ অন্ধকাৰত
আৰু আপোনাঘাতী নহ’বি
কলিজাৰ এফাল
শতৰুৰ শাল ।
চকু মেল
দাবাগ্নিৰ শিখাতেই
চকু গজক
চাচোন
ভালদৰে চা
মূৰ তোল
কথা ক
আপোনঘাতী নহওঁ ।
তই তোক চিনি ল
থেতেলি দিয়া মগজু
ফুলৰ পাপৰি
হৃদ স্পন্দন
বুটলি ল
যি
কাল শতৰু
সি পৰিবই
তাক শেল
তাক
শেলি পেলা
বান্ধৈ ঐ বুকুৰে বান্ধৈ
সেউজৰ মাত ফুটক
চাপৰি বাবৰি নামাৰিবি
কথা দে
কথা ৰাখ
পোৰা ভেঁটি
ছনপৰা মাটি

শ্মশান কবৰখানা
আকৌ আবাদকৰ
ফেঁহুজালি দিয়ক
ইমান আন্ধাৰ!

ভোগালী যেতিয়া শ্লেষৰ কবিতা

তোমাৰ এলিগ’ৰি, নক্সাকটা
ইনফাৰ্ণো
মোৰ হাতে নসহে ভৰ
আঃ
ডান্টে !

জ্ঞানে
মুখ টিপি হাঁহে
মই ভোকত ভকত
উত্তম শব্দৰ নাজানো
ৰূপৰ ভাৱনা

নিতাল দুপৰীয়া
বৰশী বাওঁ
চিপ্ নামাৰো
টোপ গাঁথি গাঁথি
মাছক খুৱাওঁ ভোক ।

কবি্য়ে কলম থয়
বাওঁফালে বুকৰ জেপত
আৰু যি প্ৰেমৰ কৰ্কটত
আক্ৰান্ত এই ওঁঠ
পাহৰি পেলাওঁ নাম ।

(নলবাৰীৰ বৰনৰ্দ্দীত জন্ম হোৱা অৱনী চক্ৰৱৰ্তীৰ প্ৰথম কবিতা সংকলন  ‘দেহা ৰমেৰমায় মোৰ’ (১৯৭০)। তেওঁৰ অন্যান্য সংকলনকেইখন হ’ল- শ্লোগান(১৯৮০), কবিকন্ঠ (১৯৮৭), অৱনী চক্ৰৱৰ্তীৰ নিৰ্বাচিত কবিতা (১৯৯৬) আৰু স্বনিৰ্বাচিত কবিতা (২০০৪) । সদৌ অসম কবি সন্মিলনৰ আহ্বায়ক তথা প্ৰতিষ্ঠাপক উপ সভাপতি চক্ৰৱৰ্তীয়ে ‘অন্তৰংগ’, ‘অসমীয়া কবিতা’ আৰু ‘চিৰন্তন’ নামৰ ক্ৰমে ছমহীয়া, মাহেকীয়া আৰু তিনিমহীয়া আলোচনীকেইখন সম্পাদনা কৰিছিল । ‘অমূল্য বৰুৱা জীৱন আৰু কবিতা’ নামৰ গ্ৰন্থখনো সম্পাদনা কৰিছিল তেওঁ । ‘মাও চে টুঙৰ কবিতা’ (১৯৭৯), ‘হো চি মিনৰ কবিতা’ (১৯৭৯) আৰু ‘কৃষ্ণাংগ কবিৰ কবিতা’ (১৯৮৬) তেওঁৰ উল্লেখযোগ্য অনূদিত কাব্যগ্ৰন্থ । নিজে কবিতা লিখাৰ লগতে কবিতাক জনপ্ৰিয় কৰিবৰ বাবে আপ্ৰাণ চেষ্টা কৰা কবিজনে গাঁৱে-ভূঞে কবিতাৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছিল । কবিতাৰ জৰিয়তে সমাজ সংস্কাৰ কৰিব খোজা এইজনা কবিৰ কবিতাত দেখা যায় বিদ্ৰোহৰ সুৰ, প্ৰগতিবাদৰ সুৰ ।  মাত্ৰ ৫১ বছৰ বয়সত তেওঁৰ নিৰুদ্দেশ যাত্ৰা অসমীয়া কাব্য-সাহিত্যৰ কাৰণে কোনোকালে পূৰাব নোৱাৰা ক্ষতি হৈ ৰ’ল ।)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে