এজন ব্যক্তিক জানিবলৈ, বুজিবলৈ ব্যক্তিগৰাকীক সোঁশৰীৰে লগ পোৱাৰ বা অন্য ধৰণে সান্নিধ্য লভাৰ কিছু কিছু ক্ষেত্ৰত প্ৰয়োজন নহ’বও পাৰে, যদিহে তেওঁ বিভিন্নজনলৈ লিখা আৰু বিভিন্নজনে তেওঁলৈ লিখা চিঠি বা তাৰ প্ৰতিলিপি কেনেবাকৈ পোৱাৰ সুবিধা মিলে। তেওঁক বুজাৰ অন্য এটা উপায়ো আছে–সেইটো হ’ল ব্যক্তিগৰাকীৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ সামগ্ৰিক চাৰিত্ৰিক বৈশিষ্ট্য আৰু জীৱনদৰ্শন …
অধিক চাওকহেমাংগ বিশ্বাস : এক অবিস্মৰণীয় শিল্পীসত্ত্বা৷৷ ডঃ পৰমানন্দ মজুমদাৰ৷৷
আজিৰ অসমৰ সাংস্কৃতিক পৰিৱেশত হেমাংগ বিশ্বাসক স্মৰণ কৰাটো বহুতৰ বাবে বিস্ময়কৰ কথা যেনেই লাগিব। কিয়নো হেমাংগ বিশ্বাসে যি পৰম নি¸ষ্ঠা আৰু আদৰ্শৰে অসমৰ মাটিত সংস্কৃতিৰ ভেটি নিৰ্মাণ কৰিছিল, সি আজি ভাগি পৰিছে। আজিৰ অসমৰ মাজত সেই নিষ্ঠা আৰু আদৰ্শ বিচৰাটো বৰ কষ্টসাধ্য। পিছে এজন ব্যক্তিৰ ভূমিকা নিৰ্ণয় কৰে ইতিহাসে, হেমাংগ …
অধিক চাওকহেমাংগ বিশ্বাস : গণ সংস্কৃতিৰ সুযোগ্য প্ৰতিনিধি ৷৷ অজিত কুমাৰ ভূঞা৷৷
অপসংস্কৃতিৰ বিৰুদ্ধে কেৱল মাথোঁ চিঞৰ-বাখৰ কৰি থাকিলে নহব। গণ সংস্কৃতিৰ দ্বাৰা তাক মোকাবিলা কৰিব লাগিব।— হেমাংগ বিশ্বাস যাৰ বিষয়ে লিখিবলৈ লৈছো, কাল-কালান্তৰৰ সেইজন নায়কৰ তথা কেইটামান বাক্য বা এটা নিবন্ধৰে জানো শেষ কৰিব পাৰি! সেইজন মনীষীক আৱেগভৰা কেইটামান শব্দ আৰু বাক্যৰে অঞ্জলি যাচিও শ্ৰদ্ধা নিবেদন কৰা সম্ভৱ নহয়। হেমাংগ বিশ্বাসৰ …
অধিক চাওকবৰ্তমান পৰিস্থিতিত হেমাংগ বিশ্বাসৰ স্মৃতিচাৰণৰ প্ৰাসংগিকতা ৷৷ উদয়াদিত্য ভৰালী৷৷
অসমৰ গণ সাংস্কৃতিক আন্দোলনৰ ইতিহাসৰ এগৰাকী চিৰযুগমীয়া খ্যাতিৰ নেতা হ’ল, গণশিল্পী হেমাংগ বিশ্বাস। তেওঁৰ ঐতিহাসিক গুৰুত্বৰ অৱদানবোৰৰ বিষয়ে উল্লেখ নকৰাকৈ অসমৰ গণ সাংস্কৃতিক ইতিহাস সম্পৰ্কে কোনেও বস্তুনিষ্ঠ আলোচনা আগবঢ়াব নোৱাৰে। আধুনিক অসমৰ গণ সাংস্কৃতিক ইতিহাসৰ সবাতোকৈ গুৰুত্বপূৰ্ণ নেতা তিনিগৰাকী হ’ল – জ্যোতিপ্ৰসাদ আগৰৱালা, ড০ ভূপেন হাজৰিকা আৰু বিষ্ণু প্ৰসাদ ৰাভা। …
অধিক চাওকমঘাই ওজাৰ সোঁৱৰণত৷৷ পূৰ্ণ কাকতি৷৷
অসম প্ৰতিভাৰ আকৰ। ইয়াৰ বহু শিল্পী দৰিদ্ৰতাৰ কোলাতে জন্ম। আজি দুগৰাকী কণমানি উদীয়মান শিল্পীয়ে গাঁৱৰ পঁজাৰ পৰা গৈ ভাৰত জয়ৰ কিৰিটি জিনি আকৌ ঘৰলৈ আহিছে। প্ৰচাৰ মাধ্যমৰ বলত আমি ঘৰতে থাকি আনন্দ-উৎসৱৰ সমভাগী হৈছো। এটা সময়ত এইবিলাক প্ৰচাৰ যন্ত্ৰ নাছিল। বহু শিল্পীয়ে কিনো সাধনা কৰিছে বাহিৰৰ মানুহে জানিলেও পৰিয়ালৰ মানুহেই …
অধিক চাওকহারাধন-ৰংমনৰ কথা ( হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকা )
ৰংমন: মনৰে বননিৰ চেনেহৰে নিজৰাৰ পানীকে এটুপি পিওঁ, পোৰাকৈ ভেঁটিতে তুমি ঘৰ বান্ধা আমি টঙাল তুলাই দিওঁ। হারাধন: আবার আমি বান্ধমু ঘর আবার গাইমু গান দুঃখে যদি পাষাণ গলে গলবে কি পরাণ। ৰংমন : লুইতৰ চাপৰিত চাকৈয়ে কান্দিলে মানুহৰ নাওখন চাই মানুহৰ দুখতে মানুহ বুৰিব আনকচোন দুষিবৰ নাই। হারাধন : …
অধিক চাওকসংহতিৰ বাটকটীয়া হেমাঙ্গ বিশ্বাসৰ অসমপ্ৰীতিৰ চানেকি ( নলিনীধৰ ভট্টাচাৰ্য )
হেমাঙ্গ বিশ্বাসৰ চিন্তা-চেতনা, কৰ্মৰাজিৰ বিষয়ে অলপ-অচৰপ জানিছিলোঁ যদিও সম্প্রতি পৰমানন্দ মজুমদাৰৰ সম্পাদনাত প্রকাশ পোৱা হেমাঙ্গ বিশ্বাস ৰচনাৱলী পঢ়ি বহুত কথাই জানিব পাৰিলোঁ, বিশেষকৈ হেমাঙ্গৰ অসমপ্ৰীতি সম্বন্ধে ভালেখিনি কথা আমাৰ কাৰণে স্পষ্ট হৈ পৰিল। এইবাবে মজুমদাৰৰ ওচৰত কৃতজ্ঞ হৈ থাকিলোঁ । ভাষা আৰু সংস্কৃতিত বাঙালী হৈও চিলেট জিলাখন অসমৰ ভৌগােলিক অংশ …
অধিক চাওকহেমাংগ বিশ্বাস আৰু লোকসংস্কৃতি ( জিতেন বেজবৰুৱা )
কলা-সাহিত্যৰ প্রতি হেমাংগ বিশ্বাসৰ সামগ্রিক দৃষ্টিকোণ মূলতঃ ষ্টালিনীয় আছিল। অৰাজনৈতিক কলা-সাহিত্যৰ প্রতি তেওঁৰ উৎসাহ নাছিল যেন লাগে। কিন্তু তেওঁ নিজে আছিল এজন শিল্পী আৰু শিল্পী হিচাপে অন্য শিল্পীৰ প্রতি দৃষ্টিভংগী আছিল উদাৰ আৰু উমাল। অসমৰ গণনাট্য সংঘৰ দীঘলীয়া জয়যাত্রাত মার্ক্সীয় দৰ্শনৰ প্রতি আকর্ষণ থকা-নথকা সকলোধৰণৰ বহুজন প্রতিভাৱান শিল্পীৰ নিঃসংকোচ যোগদানেই …
অধিক চাওক