মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

হিন্দুত্ববাদীৰ অহৈতুকী প্ৰীতি৷৷ জিতেন বেজবৰুৱা৷৷

পাকিস্তান! পাকিস্তান! শব্দটো শুনি আপোনাৰ গাত একো ফিলিং হোৱা নাই নেকি বাৰু? পাকিস্তানক এক মামুলি বস্তু বুলি বা ‘ভাৰতৰ চুবুৰীয়া এখন দেশ আৰু’ বুলি ভাবিছে নেকি? তেন্তে আপোনাৰ গাত নিশ্চয়কৈ হিন্দুত্ববাদৰ অভাৱ ঘটিছে৷ যদি সেইটো বস্তু নাই তেন্তে আপোনাৰ লাইফত একোৱেই নাই৷ পাকিস্তানৰ মাহাত্ম্যৰ কথা আপুনি কেনেকৈ বুজিব? কেনেকৈ উপলব্ধি …

অধিক চাওক

মাদানীয়ে আমাক কি শিক্ষা দিলে? ( জিতেন বেজবৰুৱা )

জমিয়ত উলেমা-ই-হিন্দৰ প্ৰধান আৰ্ছাদ মাদানীয়ে দিল্লীৰ মিটিঙত অসমৰ এন আৰ চি সম্পৰ্কত প্ৰেছৰ আগত কোৱা কথাখিনি অসমৰ সাম্প্ৰতিক স্পৰ্শকাতৰ পৰিস্থিতিত ক্ষতিকাৰক আৰু সেয়ে সমালোচনাৰ যোগ্য। কিন্তু কথাখিনি শুনি আমাৰ ভাব হৈছে: সেয়া এনেধৰণে উচটনিমূলক নহয় যে তেওঁক আইনগতভাৱে দোষী সাব্যস্ত কৰিব পৰা যাব। কথাখিনি ঘাইকৈ বৰ্ণনাত্মক আৰু ভৱিষ্যৎবাণীমূলকহে – এন …

অধিক চাওক

ডঃ হীৰেন গোঁহাইৰ সাহিত্যবীক্ষা আৰু সমাজবীক্ষা বনাম হিন্দুত্ববাদীৰ কলা-কৌশল ( ৰত্না ভৰালী তালুকদাৰ )

অসমৰ বৌদ্ধিক জগতৰ অন্যতম পথ প্ৰদৰ্শক ডঃ হীৰেন গোঁহাই হিন্দুত্ববাদী শক্তিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰাটো নতুন কথা নহয়। অৱশ্যে ৰাজনৈতিক পৰিবেশত এই বোদ্ধাজন বিভিন্ন পক্ষৰ আক্ৰমণৰ সন্মুখীন হৈ অহা আৰু পৰৱৰ্তী সময়ত যুক্তি আৰু সত্যৰে সূৰ্যৰ দৰেই প্ৰতিভাত হৈ প্ৰতিপক্ষক ধৰাশায়ী কৰাটো আমি সদায়েই বিস্ময় আৰু কৌতুকেৰে লক্ষ্য কৰি আহিছোঁ। …

অধিক চাওক

অসমত বিজেপিৰ উত্থানৰ ইতিহাস আৰু প্ৰচাৰ কৌশল ( সমুদ্ৰ শংখ গগৈ )

এই লিখনিৰ দ্বাৰা মই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক গালি পাৰি আঁতৰাই দিয়াৰ দিশ দেখুৱাব বিচৰা নাই। সেই কামটো লোকতান্ত্ৰিক ব্যৱস্থাই সময় মতে কৰি আহিছে আৰু কৰি যাব। ইতিহাস ইয়াৰ সাক্ষী। কথাটো হ’ল, ভাৰতৰ এই গণতান্ত্ৰিক ব্যৱস্থাৰ সহায়েৰে উঠি অহা ভাৰতীয় জনতা পাৰ্টিৰ অগণতান্ত্ৰিক কাৰ্যকলাপ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৃষ্ঠপোষকতাত জন্ম লাভ কৰা …

অধিক চাওক

অসমৰ শিক্ষাক্ষেত্ৰত গেৰুৱাকৰণ ( নিৰুজ কুমাৰ ডেকা )

”আমি এনে এক ৰাষ্ট্ৰীয় শিক্ষা প্ৰণালীৰ বিকাশ সাধন কৰিব খোজো, যাৰ দ্বাৰা আমাৰ মাজত এক শ্ৰেণীৰ নতুন পুৰুষ গঢ় লৈ উঠিব, যিসকল হিন্দুত্বনিষ্ঠা আৰু ৰাষ্ট্ৰভক্তিত ওতঃপ্ৰোত ভাবে জড়িত হয় …. ” – ‘আমাৰ লক্ষ্য’ বুলি বিদ্যা ভাৰতীয়ে এনে কথাই প্ৰচাৰ কৰে। এই ক্ষেত্ৰত লক্ষণীয় দিশ দুটা হল- ১) ‘দেশপ্ৰেমৰ সলনি …

অধিক চাওক

হিন্দুত্বৰ গ্ৰাসত অসমীয়াত্ব ( কৌশিক তালুকদাৰ)

কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ হোৱাৰ পাছৰেপৰা ভাৰতবৰ্ষৰ সাহিত্য-সংস্কৃতি-শিক্ষা-বিজ্ঞান খণ্ডত চৰকাৰী পৃ্ষ্ঠপোষকতাত গেৰুৱা ৰং লগোৱাৰ জোৰদাৰ প্ৰচেষ্টা চলিছে বুলি প্ৰতিজন সচেতন ভাৰতীয়ৰ দৃষ্টিত স্পষ্টকৈ ধৰা পৰিছে৷ অসমৰ শাসনভাৰ যোৱা বছৰ বিজেপিৰ হাতলৈ যোৱাৰ ফলত অসমতো এই ‘গেৰুৱাকৰণ’ অভিযানটো তীব্ৰ গতিত আৰম্ভ হৈছে ৷ চৰকাৰী পৃষ্ঠপোষকতা লাভ কেতবোৰ অনা-অসমীয়া হিন্দুত্ববাদী সংগঠনৰ কেতবোৰ …

অধিক চাওক

অসমত তৃতীয় বিকল্প : সংশয় আৰু সম্ভাৱনা ( মুনিন মহন্ত)

যোৱা ২০১৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত দুৰ্নীতিগ্ৰস্ত, ভ্ৰষ্টাচাৰী আৰু অকমৰ্ণ্য কংগ্ৰেছ চৰকাৰৰ শাসন ওফৰাই জনসাধাৰণৰ ইচ্ছা, আকাংক্ষাক মূলধন হিচাপে লৈ জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ভাৰতীয় জনতা দলৰ নেতৃত্বৰ মিত্ৰজোঁটে শাসন ক্ষমতা দখল কৰিলে৷ লক্ষ্যণীয় যে অসমত ক্ষমতাৰ বাঘজৰী বিজেপি দলে এককভাৱে লোৱাৰ সাংবিধানিক ভেটি নাছিল৷ তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলৰ …

অধিক চাওক