মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

এক বিকল্প যৌন ৰাজনীতিৰ সন্ধানত (দুই) ৷৷ জিতেন বেজবৰুৱা৷৷

ভাৰতীয় দণ্ড বিধিৰ ৩৭৭ নং অনুচ্ছেদটো অসাংবিধানিক, অযুক্তিকৰ আৰু উদ্ভট বুলি ঘোষণা কৰি যোৱা ৬ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়টো নিঃসন্দেহে ভাৰতৰ ৰাষ্ট্ৰ আৰু সমাজ উভয়ৰ বাবেই এটা যুগান্তকাৰী ৰায়। ঔপনিবেশিক যুগত ১৮৬২ চনৰপৰা কাৰ্যকৰী হোৱা ভাৰতীয় দণ্ড বিধি আইন বা ইণ্ডিয়ান পিনেল ক’ড (আই পি চি)খনক পৰৱৰ্তী …

অধিক চাওক

গৌৰী হত্যাৰ এবছৰ৷৷ ৰশ্মিৰেখা বৰা৷৷

ধৰ্মান্ধ হত্যাকাৰীহঁতৰ হাতত প্ৰাণ দিয়াৰ আগতে সাংবাদিক-লেখক গৌৰী লংকেশে নিজৰ শেষ সম্পাদকীয়টোত উৰাবাতৰিৰ কাৰখানাৰ কথা লিখিছিল। তেওঁ কৈছিল কিদৰে অতি পৰিকল্পিতভাৱে শাসকপক্ষৰ পৃষ্ঠপোষকতাত এচাম মানুহে দিনে নিশাই এই মিছা বৈষম্যমূলক বাতৰিবোৰৰ সৃষ্টি কৰি জনসাধাৰণক বিভ্ৰান্ত কৰি নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰি আছে। এই মিছা বাতৰিবোৰে মানুহৰ মনত অবিশ্বাস, সন্দেহ আৰু …

অধিক চাওক

ভাৰতৰ পদাতিক সেনাৰ ৰাইফল, যুদ্ধনীতি ইত্যাদি৷৷ সুমন্ত কাকতি৷৷

পৰিসংখ্যাৰ দৃষ্টিৰে চাবলৈ গ’লে বিশ্বৰ দ্বিতীয় বৃহত্তম স্থলসেনা হৈছে ভাৰতবৰ্ষৰ। জন্মসূত্ৰে লাভ কৰা যুদ্ধোন্মাদ চুবুৰীয়া পাকিস্থান আৰু চীনৰ ৰণ দুন্দুভিৰ বাবে সদাসষ্টম তৃতীয় বিশ্বৰ দৰিদ্ৰ দেশ ভাৰতেও বাজেটৰ অধিকাংশ ধন প্ৰতিৰক্ষা ক্ষেত্ৰতেই খৰচ কৰিব লগা হৈছে। স্বাধীন পৰিচিতি লাভ কৰাৰ পাছৰে পৰাই ভাৰতে নিজৰ সাৰ্বভৌম অস্তিত্ব ৰক্ষাৰ বাবে পাঁচখনকৈ পূৰ্ণপৰ্যায়ৰ …

অধিক চাওক

অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী বঙালী লেখক-ব্লগাৰৰ৷৷ ধ্ৰুৱজ্যোতি ধনন্তৰি৷৷

কালি এবিপি নিউজৰ ফেচবুক পেজত এটা লাইভ অনুষ্ঠান চাই আছিলো। তেনেতে বহু লোকৰ লগতে এজন লোকৰ হিন্দীত লিখা কমেণ্ট দেখি হতভম্ব হৈ পৰিলো। হতভম্ব নহ’মেই বা কিয়? কিয়নো তেওঁ কমেণ্টটোত লিখিছিলঃ ”অসম মে বংগালী হিন্দুয়ো কা মৌলিক অধিকাৰ কা হনন হো ৰহা হ্যায়। গলত তৰিকে ছে ওনকা ভোট দেনেকা অধিকাৰ …

অধিক চাওক

কাঠচিতীয়া কাঠুৱাক বুজিবৰ চেষ্টাৰে ৷৷ ঋতুৰাজ কলিতা৷৷

জম্মুৰ কাঠুৱা জিলাৰ ৰসনা গাঁৱত ঘটা নৃশংস হত্যা-ধৰ্ষণৰ ঘটনাটোক লৈ কাঠুৱা চহৰ তথা জিলাখনতে বহু সংখ্যক হিন্দু ৰাইজে অভিযুক্ত কেইজনক জম্মু-কাশ্মীৰ আৰক্ষীয়ে মিছাকৈ ষড়যন্ত্ৰমূলকভাৱে অভিযুক্ত কৰা বুলি দাবী কৰি যি তীব্ৰ আন্দোলন চলাই আছিল, সেয়া প্ৰত্যক্ষ কৰি আমি ভাৰতবাসীৰ লগতে আজি সমগ্ৰ বিশ্ব ঘৃণাত শিয়ঁৰি উঠিছে। কাঠুৱাৰ উকীল সংস্থায়ো আদালতত …

অধিক চাওক

মতাদৰ্শ আৰু ৰাজনৈতিক ৰূপান্তৰ৷৷ ইন্দ্ৰিজৎ বৰা৷৷

ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ ইতিহাসত বামপন্থী ৰাজনীতিৰ নিৰ্বাচনী ফলাফল মাত্ৰ তিনিখন ৰাজ্যতে সীমাবদ্ধ বুলি ক’ব পাৰি ৷ অৱশ্যে কেন্দ্ৰত ত্ৰিশংকু সংসদৰ দৰে অস্থিৰতাৰ সময়ত কেতিয়াবা ভিতৰৰ পৰা আৰু কেতিয়াবা বাহিৰৰ পৰা চৰকাৰৰ অংশও হ’ল কেইবাৰমান। এইবিলাকক বাওঁশিবিৰৰে বহুতে একপ্ৰকাৰৰ ভেকোভাওনা বুলিয়ে আখ্যা দিয়ে ৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে নিৰ্বাচনী ৰাজনীতিক এক গণ …

অধিক চাওক

নাৰীৰ এক নিজস্ব পৰিচয় আছেনে? ৷৷ আনমনা গগৈ৷৷

নাৰী ! কি যে এটা শব্দ। কাৰোবাৰ বাবে সপোন সুকোমল, কাৰোবাৰ বাবে সন্মোহনী, কাৰোবাৰ বাবে গৌৰৱ, কাৰোবাৰ বাবে প্ৰেম আৰু কৰুণা, কাৰোবাৰ বাবে ঘৃণা আৰু সন্ত্ৰাস। মন কৰিলেই দেখা যায় যে পূৰ্বৰে পৰা নাৰীক যাৰ যেতিয়া প্ৰয়োজন হয়, সেই নামেৰেই অভিহিত কৰে। দেৱকুল ৰক্ষা কৰিবলৈ দেৱী সজায়। পুৰুষত্বৰ শৃংখল পিন্ধাবলৈ …

অধিক চাওক

নিতুপৰ্ণ ৰাজবংশীৰ চেঙাতেল

অধিক চাওক