মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

এজন নীৰৱ কাব্য সাধক প্ৰদীপ শইকীয়া ৷৷ নীলাভ সৌৰভ৷৷

ভোগবাদত আক্রান্ত আজিৰ সমাজ জীৱনত পৃথিৱীৰ প্রাচীনতম কলা হিচাপে স্বীকৃত কবিতাও যেন পণ্য হৈ পৰিছে৷ এনে প্ৰসংগক লৈয়ে কথাবতৰা হৈছিলোঁ নগাঁও জিলাৰ ৰণথলী গাঁৱত জন্মগ্রহণ কৰা এজন প্রচাৰ বিমুখ কবি প্রদীপ শইকীয়া(১৯৬১)ৰ সৈতে। তেখেতে কবিতাৰ পৃথিৱীত খোজ দিয়াৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰি কৈছিল—‘কবিতাৰ প্রতি মোৰ তেনে কোনো আকৰ্ষণ নাছিল। কলেজীয়া …

অধিক চাওক

‘মূল্যবোধ বনাম ভোগবাদ বিশেষ’ৰ সম্পাদকীয় টোকা

আমাৰ সাম্প্রতিক সমাজ জীৱনত সততে চৰ্চিত হোৱা এটা শব্দ হৈছে— অৱক্ষয়। দৈনন্দিন জীৱনৰ তুচ্ছ প্রাত্যহিকতা আৰু আত্মকেন্দ্রিকতাই আমাক এনেদৰে আৱৰি ৰাখিছে যে আমি কেওফালে সংঘটিত নেতিবাচক ক্রিয়া-কাণ্ডক দেখি থাকিও প্রতিবাদৰ ভাষা পাহৰিছোঁ বা ইচ্ছাকৃতভাবে মৌনতা অৱলম্বনেই শ্রেয় বুলি ভাবিছোঁ। ভাবিবলৈ বাধ্য হৈছোঁ। এনে পৰিস্থিতিত বিশেষকৈ ক্ষতিগ্রস্ত হৈছে আমাৰ উঠি অহা …

অধিক চাওক

ব্যক্তিনমস্যতা আৰু সমাজ-চিন্তা ৷৷ ইন্দ্ৰজিৎ বৰা৷৷

“ওঁ পূৰ্ণমদঃ পূৰ্ণমিদং পূৰ্ণাৎ পূৰ্ণদমুচ্যতে পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণামেৱাৱশিষ্যতে।” উপনিষদৰ এই কালজয়ী শ্লোকৰ বৰ্ণনা মতে, যেনেকৈ চৈতন্য সম্পূৰ্ণ তেনেকৈ পাৰ্থিৱ জগতখনো সম্পূৰ্ণ৷ কাৰণ এই পৰিপূৰ্ণতা সেই পূৰ্ণতাৰে প্ৰকাশ ৷ তাৰ ভাৱান্তৰ কৰি শংকৰাচাৰ্যই কৈছে যে চৈতন্য অবিভাজ্য আৰু সদায় ঐকিক ৷ সেয়ে মানৱীয় সত্তাবিলাকৰ মাজত থকা পাৰ্থক্যও ভ্ৰান্ত ধাৰণাহে মাথোঁ৷ গীতাত …

অধিক চাওক

ভোগবাদ আৰু অসুখী মনবোৰ ৷৷ দেৱাঞ্জন বৰঠাকুৰ৷৷ 

আজি আমেৰিকানসকলৰ হাতত পূৰ্বতকৈ দুগুণ সংখ্যক গাড়ী আছে, ধন-সম্পত্তিও বাঢ়িছে৷ কিন্তু সেই অনুপাতে সুখ বাঢ়িছেনে? কেৱল আমেৰিকা কিয়, আমাৰ অসমতো ভোগবাদী মানসিকতাই মানুহক বান্ধি পেলাইছে৷ যেন অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ মানুহক বাধ্য কৰা হৈছে৷ ভোগবাদৰ লগত অৱধাৰিতভাৱেই আহে বস্তুবাদৰ কথা৷ ইয়াত কাৰ্ল মাৰ্ক্সৰ ধাৰণাও উল্লেখনীয়৷ তেওঁ কৈছিল, “Commodity Fetishism“ ৰ কথা …

অধিক চাওক

ভোগবাদ : এক প্রহসন ৷৷ বিদ্যুৎ বিকাশ চিৰিং৷৷

‘এডি ভেডাৰ’ নামৰ সংগীত শিল্পীজনে তেওঁৰ ‘ছোচাইটি’ শীৰ্ষক গীতটিত গাইছে -“When you want more than you have, you think you need; and when you think more than you want your thoughts begin to bleed.”( যেতিয়া তুমি তোমাৰ থকাখিনিতকৈ অধিক বিচাৰা, তুমি ভাবা যে তোমাক প্ৰয়োজন; আৰু যেতিয়াই তুমি নিজে বিচৰাখিনিতকৈ …

অধিক চাওক

ভোগবাদ আৰু সামাজিক নৈতিকতা৷৷ কিশোৰী মোহন পাল৷৷

কেইমাহমান আগতে গুৱাহাটীৰ এখন বৃদ্ধাশ্রমত এগৰাকী বৃদ্ধাৰ মৃত্যু হয়। তেওঁৰ উচ্চ শিক্ষিত পুত্র-পত্নী সহিতে মাতৃৰ মৃত্যুৰ খবৰ পাই লগে লগে বৃদ্ধাশ্রমত উপস্থিত হ’ল। লগত তেওঁ লৈ অহা শ্রমিকৰ হতুৱাই মাতৃৰ শৱ নৱগ্রহ শ্মশানলৈ নি মৃতদেহ সৎকাৰ কৰে। অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ সময়ত এইগৰাকী পুত্রই আমাৰ সমাজৰ প্রচলিত সামাজিক তথা ধৰ্মীয় নিয়মৰ …

অধিক চাওক

কোন দিশে আমাৰ সমাজ ? ৷৷ ইফটিখাৰ হুছেইন৷৷

বহুত আগৰ কথা নাজানো, কিন্তু ১৯৯১ চনৰ মুক্ত অৰ্থনীতিৰ পিছৰ পৰা ভাৰতীয় সমাজ জীৱনৰ পৰিৱৰ্তন নিজ চকুৰে দেখিছোঁ। বিদেশী সামগ্ৰী আৰু সংস্কৃতিৰ পয়োভৰে ভাৰতৰ সাধাৰণ মানুহকো চুবলৈ ধৰিলে। ভোগবাদ ভাৰতত অধিক জনপ্ৰিয় হ’বলৈ ধৰিলে। পিছে ইয়াতনো বেয়া পাবলৈ কি আছে? কোনোবাই বহুত বেছি উপাৰ্জন কৰি বেছি সুখ শান্তিত থকাটো নিশ্চয় …

অধিক চাওক

ভোগবাদী সমাজ আৰু গণশিল্পী ভূপেন হাজৰিকাৰ গীত ৷৷ খগেশ সেন ডেকা৷৷

ভোগবাদত আচ্ছন্ন সাম্প্ৰতিক অসমীয়া জন-মানসক এতিয়াৰ সংগীতৰ জগতখনে যেন ৰোগাক্ৰান্ত কৰি তুলিছে৷ পূৰ্বৰ মেলডিযুক্ত গীতৰ সলনি এতিয়া মাত্ৰ শুনা যায় বাদ্যযন্ত্ৰৰ অহেতুক কোলাহল ৷ এতিয়াৰ প্ৰায়ভাগ গীতৰ কথাবস্তু তথা শব্দ-চয়ন তেনেই নিশকতীয়া৷ গায়ক-গায়িকাসকলৰো সমাজৰ প্ৰতি কোনো দায়বদ্ধতা অনুভূত নহয়৷ সমাজ জীৱনলৈ অহা পৰিৱৰ্তন দুই ধৰণৰ : এবিধ কল্যাণকৰ আৰু আনবিধ …

অধিক চাওক