চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

প্ৰসংগ : ভীমবৰ দেউৰী৷৷ টুনুজ্যোতি গগৈ৷৷

যোৱা ৩০ অক্টোবৰত ‘আমাৰ অসম’ত প্ৰকাশিত ময়ূৰ বৰাৰ ‘সাহিত্যৰ গজদন্ত মিনাৰৰ পৰা পেংলাইসূচক পকা-মিঠৈ নিক্ষেপ : ড০ নিৰোদ কুমাৰ বৰুৱা সমীপেষু’ লেখাটো পঢ়ি আমিও কিছু কথা ক’বলৈ আগ্ৰহ অনুভৱ কৰিছোঁ। অসমৰ ৰাজনৈতিক ইতিহাসত ভীমবৰ দেউৰীৰ দৰে এগৰাকী প্ৰতিভাবান, বিচক্ষণ, দূৰদৰ্শী আৰু অসমপ্ৰেমী ব্যক্তি বেদনাদায়কভাবে উপেক্ষিত হৈ আহিছে বুলি ব্যক্তিগতভাৱে অনুভৱ …

অধিক চাওক

ভীমবৰ দেউৰী আৰু অসমৰ জনগোষ্ঠীগত আন্দোলনঃ পটভূমিত আলোকপাত ( ড° হীৰেন গোহাঁই)

নানা কাৰণত অসমত ব্ৰিটিছ শাসনৰ সময়ৰে পৰা জনগোষ্ঠীগত আন্দোলন হৈ আছে৷ সম্প্ৰতি যদিও সেইবিলাক আন্দোলনৰ বিষয়ে আগতকৈ বিস্তাৰিত আৰু সমৃদ্ধ আলোচনা হৈছে, তথাপি দুই-এক ব্যতিক্ৰম বাদ দিলে সেই আলোচনা সমূহত বৃটিছ যুগতকৈ গভীৰতৰ ধ্যান ধাৰণাৰ আবিৰ্ভাৱ আৰু প্ৰভাৱ দেখা নাযায়৷ এনে এক মনোভাৱ উক্ত আলোচনাবোৰত সক্ৰিয় যেন সেইবোৰ আমাৰ সমাজ …

অধিক চাওক

অতিথি সম্পাদকৰ কলম (প্ৰাঞ্জল দেউৰী )

“হিন্দু মহা-সভাৰ পক্ষৰ পৰা ভাৰতৰ আন প্ৰদেশত প্ৰচাৰ কৰি জাকে জাকে বিদেশী হিন্দু মানুহ আনি অসমৰ খালি মাটিবিলাকত ভৰাই দিয়া হওক বুলি প্ৰস্তাৱ কৰা হৈছে।ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে ১৯৩৮ চনৰ পহিলা জানুৱাৰী পাছত অহা পমুৱাসকলৰ মাটি নিদিবৰ যি আইন কৰা হৈছে, সেই আইনক উঠাই দিব। অসমীয়া হিন্দু-মুছলামন আৰু ট্ৰাইবেল …

অধিক চাওক

জননেতা ভীমবৰ দেউৰীৰ দূৰদৃষ্টি ( উদয়াদিত্য ভৰালী )

মানুহ মাথোন “সামাজিক জীৱ”ই নহয়, লগতে ‘‘ৰাজনৈতিক জীৱ”ও৷ সমাজ নোহোৱাকৈ মানুহ যেনেকৈ চলিব নোৱাৰে, তেনেকৈয়ে ৰাজনীতিহীন সমাজো থাকিব নোৱাৰে৷ সমাজৰ চৰিত্ৰ গণকল্যাণমুখী নহ’লে সেই সমাজৰ সাধাৰণ ৰাইজৰ জীৱন সমৃদ্ধিময়, শান্তিময়, প্ৰগতিময় হোৱটো সম্ভৱ নহয় আৰু সমাজৰ চৰিত্ৰক গণকল্যাণমুখী কৰিব পাৰে গণকল্যাণকামী ৰাজনীতিয়েহে৷ সেয়ে ৰাজনীতি অবিহনে চলিব নোৱাৰা সমাজত ৰাজনীতিত আগভাগ …

অধিক চাওক

স্বৰ্গীয় ভীমবৰ দেউৰী ( গোপীনাথ বৰদলৈ )

মোৰ মনেৰে ৺ভীমবৰ দেউৰী আচলতে অসমৰ এজন জননতা আছিল৷ জীৱিত অৱস্থাত তেওঁৰ বহু সহকৰ্মী আৰু অনুকৰণকাৰীসকলে আৰু ঠিক তেনেকৈয়ে আন দলৰ তেওঁৰ প্ৰতিদ্বন্দ্বী বহুলোকে তেওঁক পূৰ্ণমাত্ৰাই ‘সাম্প্ৰদায়িক’ বা ‘চেকচেনেল’ নেতা প্ৰতিপন্ন কৰিছিল আৰু এতিয়াও কৰি আছে; কিন্তু, দেউৰীক মই যিদৰে জানিছিলো তাৰ পৰা মই ইয়াকে ডাঠি ক’ব পাৰো যে তেওঁ …

অধিক চাওক

ভীমৰাও আম্বেদকাৰ স্থান পাব লাগিছিল জননেতা ভীমবৰ দেউৰীয়ে ( অনুপ কুমাৰ দেউৰী )

আমাৰ বিবেচনাত ভীমৰাও আম্বেদকাৰ স্থান পাব লাগিছিল ভীমবৰ দেউৰীয়ে৷ ভীমৰাও আম্বেদকাৰ যেনেকৈ শিক্ষাৰ ক্ষেত্ৰত বৰ্ণ-বৈষম্যৰ বলি হব লগা হৈছিল আৰু পাছলৈ এই বৰ্ণবৈষম্য সমাজৰ পৰা দুৰ কৰিবলৈ সৱল যুক্তি দাঙি ধৰি সংবিধান প্ৰণেতা হিচাবে পিছ পৰা অনুসুচিত জাতি-জনজাতিৰ উন্নয়নৰ কথা চিন্তা কৰি শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছিল; …

অধিক চাওক

অসমৰ ৰাজনীতিত ভীমবৰ দেউৰীৰ প্ৰাসংগিকতা ( মেদিনী চৌধুৰী )

স্বৰ্গীয় ভীমবৰ দেউৰীৰ ৰাজনৈতিক জীৱন চমু হ’লেও ইমান গুৰুত্বপূৰ্ণ ঘটনাৰাজিৰে সমৃদ্ধ যে আৰু এনে এক আলোড়িত পৰিস্থিতিত তেওঁ কিছুমান বিশেষ সমস্যা সমাধানৰ ক্ষেত্ৰত নেতৃত্ব দিবলগীয়াত পৰিছিল যে নিবিড় আৰু বিস্তৃত গৱেষণা অবিহনে এই সম্বন্ধে কিবা এটা সঠিক সিদ্ধান্তত উপনীত হোৱাটো সহজ কথা নহয়৷ তৃতীয় দশকৰ মাজভাগৰ পৰা চতুৰ্থ দশকৰ মাজভাগলৈ …

অধিক চাওক

পূজ্য নেতা স্বৰ্গীয় ভীমবৰ দেউৰীৰ সোঁৱৰণত ( নিবাৰণ বৰা )

[পূজা নেতাজনৰ দিবলগীয়া চিনাকি বহু দিনৰ আছিল তেনে নহয় কিন্তু সম্বন্ধটো আছিল অন্তৰংগ আৰু এটা দিশত মোৰ পথ প্ৰদৰ্শক। ১৯৪৫ চনৰ কথা মই সক্ৰিয় ৰাজনীতিত যোগ দিছো ১৯৪২ বিপ্লৱত নিজ সাৰ্থকতা অনুসৰি কাৰ্যনিৰ্বাহ কৰাৰ পিছত৷ মই কংগ্ৰেছত যোগ দিছো সকলো ১৯৪২ ৰ কৰ্মীসকলৰ দৰেই৷ কাম কাজত লিপ্ত হৈছো৷ বনুৱা ক্ষেত্ৰত …

অধিক চাওক