মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

নাৰী, তোমাৰ দেহৰ বাবে৷৷ কোকিল৷৷

দেশ কালৰ সকলো নিস্তৰংগ  স্থিতৱস্থা বুৰ্জোৱাৰ বিপৰীতে কবিতা লিখা বাদ দি মই এই মুহূৰ্তত কেৱল তোমাৰ শৰীৰৰ কথাকেই কবিতাত লিখিব খুজিছোঁ দূৰ নিলগৰ পাহাৰটো মোৰ বুকুৰ মাজতেই ডাঙৰ হৈছে সেই কথা তোমাক ক’বলৈ আছে পৃথিৱীৰ সমস্ত ৰং ৰূপ তোমাৰ মাজতেই আছে সকলো উপঢৌকণ, সাগৰীয় বন্দৰ,যুদ্ধ ভূমি তোমাৰ শৰীৰতেই অাছে সেই …

অধিক চাওক

জাতীয়তাবাদ আৰু নাৰী : এটি চমু আলোচনা৷৷ জিতেন বেজবৰুৱা৷৷

জাতীয়তাবাদ সম্পৰ্কীয় মূলসুঁতিৰ আলোচনাবোৰত নাৰী আৰু লিংগৰ প্ৰশ্নটোৰ উপস্থিতি প্ৰায় নায়েই বুলিব পাৰি। আনকি জাতীয়তাবাদ সম্পৰ্কীয় আলোচনাৰ ক্ষেত্ৰত যিকেইখন বিশ্ববিখ্যাত গ্ৰন্থক ক্লাছিকৰ মৰ্যাদা দিয়া হয় সেইসমূহৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। পঢ়িবলৈ পোৱা মতে, কিছুসংখ্যক নাৰী পণ্ডিতেহে (চিন্থিয়া এনল’, কুমাৰী জয়াৱাৰ্দেনা, নীৰা য়ুভাল-ডেভিছ আদি) প্ৰসংগটো গুৰুত্বসহকাৰে আৰু বহল ৰূপত আলোচনা কৰিছে নিজা …

অধিক চাওক

বেজবৰুৱাৰ সাধুকথাত নাৰী চৰিত্ৰ৷৷ সীমা ভূঞা৷৷

সাধাৰণতে সাধুকথা বুলিলে কেৱল শিশুৰ উপযোগী ৰচনাকে বুজা যায়৷ পুৰণি কালৰপৰা প্ৰচলিত হৈ থকা সাধুকথাবোৰত একোটা জাতিৰ আচাৰ-আচৰণ, ধ্যান-ধাৰণা, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ প্ৰতিফলন দেখা যায়৷ অৰ্থাৎ, একোটা জাতিৰ জাতীয় জীৱনৰ সামগ্ৰিক স্বৰূপ সাধুকথাত নিহিত হৈ থাকিব পাৰে৷ সেয়ে, অসমীয়া জনসমাজত প্ৰচলিত সাধুকথাবোৰতো স্বাভাৱিকতে অসমীয়া সমাজৰ বিভিন্ন দিশ সম্পৃক্ত হৈ আছে৷ …

অধিক চাওক

গছবোৰ নাৰী, নাৰীবোৰ গছ৷৷ দীপালী বৰা৷৷

গছবোৰ নাৰীৰ দৰে শিপাই শিপাই ধনশিৰি ৰাগ মেলে এপিয়লা আকাশ হৈ হৃদয়ত পোখা মেলে , সেউজীয়া হৈ হাঁহে ফুল হৈ সুবাস বিলায় ৰ’দত ছাঁ দিয়ে ভাগৰত বা দিয়ে ভোকৰ বেলিকা দিয়ে বুকুৰ শাহ নাৰীবোৰ গছৰ দৰে, উশাহত বাঢ়ি আহে শিপা মেলি অৰণ্য হয় ছাটি ধৰে সেউজীয়াৰ সোপানেৰে আলষণীয়ে ধৰা জীৱনৰ …

অধিক চাওক

নাৰীৰ এক নিজস্ব পৰিচয় আছেনে? ৷৷ আনমনা গগৈ৷৷

নাৰী ! কি যে এটা শব্দ। কাৰোবাৰ বাবে সপোন সুকোমল, কাৰোবাৰ বাবে সন্মোহনী, কাৰোবাৰ বাবে গৌৰৱ, কাৰোবাৰ বাবে প্ৰেম আৰু কৰুণা, কাৰোবাৰ বাবে ঘৃণা আৰু সন্ত্ৰাস। মন কৰিলেই দেখা যায় যে পূৰ্বৰে পৰা নাৰীক যাৰ যেতিয়া প্ৰয়োজন হয়, সেই নামেৰেই অভিহিত কৰে। দেৱকুল ৰক্ষা কৰিবলৈ দেৱী সজায়। পুৰুষত্বৰ শৃংখল পিন্ধাবলৈ …

অধিক চাওক

নাৰীয়ে কিয় মদ খাব লাগে ? ( জিতেন বেজবৰুৱা )

নাৰীয়ে মদ খাব লাগে৷ লুকাই-চুৰকৈ নহয়, সকলোৱে দেখাকৈ খাব লাগে৷ কেতিয়াবা বমি কৰাকৈও খাব লাগে৷ কেতিয়াবা খালে-ডোঙে পৰি থকাকৈও খাব লাগে৷ মদ খাই ৰাজহুৱা জেগাত বমি কৰি দিবলৈ বা পৰি থাকিবলৈ দম লাগে৷ সেয়া এতিয়া একমাত্ৰ পুৰুষৰহে আছে৷ নাৰীৰ সিমানখিনি দম নাই – তেওঁলোকে সিমানখিনি ৰিস্ক ল’ব নোৱাৰে, তেওঁলোক সিমানখিনি …

অধিক চাওক

সাম্প্ৰদায়িকতাৰ আগ্ৰাসন আৰু নাৰী সমাজ ( গীতালী বৰপাত্ৰগোঁহাই )

“মহিলা সমাজ এখন আৰ এছ এছৰ প্ৰধান টাৰ্গেট” – এই কথাষাৰি গৌতম ৰয় নামৰ পশ্চিমবংগৰ এজন লেখকে এটা ব্লগত লিখা কথা। ৰয়ে লিখিছে যে কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰৰ ম্যাদ তিনিবছৰ অতিক্ৰম হোৱাৰ সময়ত আৰ এছ এছে ইয়াৰ শাখা সংগঠন ‘ৰাষ্ট্ৰ সেৱিকা সমিতি’ক বিশেষভাৱে সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে কৰ্মসূচী হাতত লৈছে। …

অধিক চাওক