মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

এন আৰ চিৰ খচৰা আৰু শ্ৰেণী বিচাৰ৷৷ ইন্দ্ৰজিৎ বৰা৷৷

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ বা তাৰ আগৰ পৰাই এনে প্ৰশাসনিক প্ৰক্ৰিয়া এটাৰ ঐতিহাসিক গুৰুত্ব, তাৰ সীমাবদ্ধতা, সঞ্চালন তথা ৰূপায়ণজনিত আসোঁৱাহক লৈ আলোচনা হৈ আহিছে৷ এনে আলোচনাৰ মাজেৰে সকলোৱে এক বস্তুনিষ্ঠ অৱস্থানৰ সন্ধান কৰাৰ চেষ্টা কৰিছে৷ স্বাভাৱিকভাৱেই এই দিশত মূল প্ৰত্যাহ্বান হিচাবে থিয় দিছে ধৰ্ম আৰু ভাষাগত পৰিচিতিকেন্দ্ৰিক ৰাজনৈতিক …

অধিক চাওক

বাঙালী প্ৰগতিশীলসকলৰ বিষয়ে দুটামান কথা৷৷ জিতেন বেজবৰুৱা৷৷

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত বিপৰীতধৰ্মী প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ চলি থকাৰ সময়ছোৱাত বহুসংখ্যক প্ৰগতিশীল বাঙালী ব্যক্তি তথা সংগঠনেই এক ভণ্ডামি তথা দ্বিচাৰিতাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ তেওঁলোকৰ বহুতেই অসমীয়া প্ৰগতিশীল শিবিৰক আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লৈছে৷ কিন্তু প্ৰায় কোনেও দ্ব্যৰ্থবিহীনভাৱে আৰু সবলভাৱে বিধেয়কখনৰ বিৰোধিতা কৰা নাই৷ …

অধিক চাওক

জাতীয়তাবাদ কি?৷৷ টুনুজ্যোতি গগৈ৷৷

ইংৰাজী ভাষাৰ Nation আৰু Nationalism শব্দ দুটা অসমীয়া ভাষাত ‘জাতি’ আৰু ‘জাতীয়তাবাদ’ হিচাবে ব্যৱহৃত হৈ আহিছে। ইংৰাজী ভাষাত Nationalism বুলিলে ‘‘Ideology of Nationhood’ বুজোৱাৰ দৰে অসমীয়া ভাষাত জাতীয়তাবাদ বুলিলে জাতি সম্পৰ্কীয় মতবাদকে বুজায়। কোনো ব্যক্তি বা সমষ্টিয়ে আত্ম পৰিচয়ক ত্যাগ কৰি আত্ম স্বাৰ্থ থিৰাং কৰিব নোৱৰাৰ দৰে কোনো জাতীয়তাবাদ জাতি …

অধিক চাওক

নাগৰিকত্ব সংশোধনী বিধেয়ক-বিৰোধী প্ৰতিবাদ আৰু প্ৰাসংগিক কিছু প্ৰশ্ন ৷৷ জিতেন বেজবৰুৱা৷৷

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে এই সময়ছোৱাত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ব্যাপক প্ৰতিবাদ ধ্বনিত হৈছে। বহল অৰ্থত এই প্ৰতিবাদৰ প্ৰধান কৃতিত্বটো হ’ল এই যে ই উক্ত আইনখনৰ বিৰোধিতাক এক জাতীয়-জনপ্ৰিয় স্তৰত প্ৰতিষ্ঠা কৰিছে। এই বিৰোধিতাৰ কিমানখিনি বিজেপি-আৰ এছ এছৰ ৰাজনীতিৰ সামগ্ৰিক বিৰোধিতালৈ ৰূপান্তৰিত হ’ব সেয়া সন্দেহজনক। কিন্তু এটা কথাত সন্দেহ নাই …

অধিক চাওক

জাতীয়তাবাদৰ নতুন তৰংগ৷৷ পঞ্চানন হাজৰিকা৷৷

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাক যেতিয়াৰ পৰা অসমীয়া মধ্যবিত্তই অসমীয়া জাতীয়তাবাদ ৰক্ষাৰ ঠিকাটো দিছিল, তেতিয়াৰ পৰাই অসমীয়া জাতীয়তাবাদে ইয়াৰ গণতান্ত্ৰিক আৰু প্ৰগতিশীল ৰূপতো হেৰুৱাইছিলে; ই সমাজৰ প্ৰান্তীয়, নিপীড়িত শ্ৰেণীটোৰ লগত সম্পৰ্কৰহিত হৈ পৰিছিল। একেদৰে ইয়াৰ মাজত নাছিল অসমৰ অন্য জনগোষ্ঠীৰ অধিকাৰকেন্দ্ৰিক প্ৰসংগবোৰো৷ ইফালে বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াৰ …

অধিক চাওক

জয়মতী সম্পৰ্কে কিছু কথা৷৷ জিতেন বেজবৰুৱা৷৷

এইটো বিদ্যায়তনিকভাৱে প্ৰতিষ্ঠিত সত্য যে জয়মতী চৰিত্ৰটো তথা জীৱন-কাহিনীটো সম্পৰ্কে পৰ্যাপ্ত ঐতিহাসিক সমলৰ অভাৱ। পুৰণি বুৰঞ্জীসমূহত চৰিত্ৰটোৰ কোনো উল্লেখ পোৱা নাযায়। এই সংক্ৰান্তত জে. এম. ফ’ষ্টাৰে কাশীনাথ তামুলীফুকনৰ বুৰঞ্জীখনৰ যিটো আৰম্ভণিৰ সংস্কৰণৰ কথা উল্লেখ কৰিছে সেইটোও পাবলৈ নাই। সেইবাবে চৰিত্ৰটো তথা তৎকেন্দ্ৰিক কাহিনীটোৱে সময়ে সময়ে বিতৰ্কৰ সৃষ্টি কৰি আহিছে। (‘The …

অধিক চাওক

জাতীয়তাবাদ আৰু নাৰী : এটি চমু আলোচনা৷৷ জিতেন বেজবৰুৱা৷৷

জাতীয়তাবাদ সম্পৰ্কীয় মূলসুঁতিৰ আলোচনাবোৰত নাৰী আৰু লিংগৰ প্ৰশ্নটোৰ উপস্থিতি প্ৰায় নায়েই বুলিব পাৰি। আনকি জাতীয়তাবাদ সম্পৰ্কীয় আলোচনাৰ ক্ষেত্ৰত যিকেইখন বিশ্ববিখ্যাত গ্ৰন্থক ক্লাছিকৰ মৰ্যাদা দিয়া হয় সেইসমূহৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। পঢ়িবলৈ পোৱা মতে, কিছুসংখ্যক নাৰী পণ্ডিতেহে (চিন্থিয়া এনল’, কুমাৰী জয়াৱাৰ্দেনা, নীৰা য়ুভাল-ডেভিছ আদি) প্ৰসংগটো গুৰুত্বসহকাৰে আৰু বহল ৰূপত আলোচনা কৰিছে নিজা …

অধিক চাওক

‘বৈকল্পিক ৰাজনীতিৰ সন্ধানত’ : সমাজ চিন্তাৰ এক অভিনৱ সংযোজন ৷৷ ইন্দ্ৰজিৎ বৰা৷৷

“Every ideology is historically conditional, but it is unconditionally true that to every scientific ideology, there corresponds an objective truth, absolute nature.” – ভি আই লেনিন মানৱ সমাজত মতবাদবিলাকৰ ঐতিহাসিক গুৰুত্ব স্বীকাৰ কৰাৰ পাছতো এইটো অনস্বীকাৰ্য যে প্ৰতিটো প্ৰতিষ্ঠিত মতবাদৰ এক স্থিতাৱস্থাবাদী প্ৰৱণতা আছে৷ ভিন্ন সময়ত ধৰ্মীয়, সামাজিক, সাংস্কৃতিক অথবা …

অধিক চাওক