চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

দীঘলী পুখুৰীত যযাতিৰ জিন৷৷ টুনুজ্যোতি গগৈ৷৷

সৌৱা বেলিয়ে লাহ দিওঁ-নিদিওঁ কৰা পৰতেই সখীয়েকহঁতৰ লগত স্নান কৰিবলৈ বুলি ৰাজপ্ৰসাদৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈ ওলাই আহিছে কামৰূপ নৃপতি ভগদত্ত তনয়া অষ্টাদশী ভানুমতী, তাইৰ ছন্দময় খোজৰ তালে তালে ঢৌৱাইছে নিতম্ব চুমা আৰু কাজল ক’লা খোলা চুলি, ৰূপহী গাভৰুজাকৰ প্ৰাণখোলা হাঁহিৰ শব্দত উচপ খাই উৰি গৈছে পথৰ কাষৰ প্ৰহৰীসদৃশ বিৰিখত পৰি …

অধিক চাওক

এসাঁজ৷৷ বি জে ৰঞ্জন৷৷

— “কি চাইছা? বৰ দুষ্ট হৈছা অ’ তুমি। চাওঁ ইপিনে আহানা। সৌ বাহিৰৰ পৰা দেখা পাই যে গম পাইছা? চুলিত ৰং লগাইছিলো, চোৱাচোন ভালকৈ লাগিছেনে।” প্লাৱন যেন সপোন ৰাজ্যলৈ উৰি গ’ল। নিশা বাইদেউ। তাৰ অতি মৰমৰ বাইদেউ। স্নান কৰি ওলাই অহা নিশাৰ মুখখন তেজাল হৈ পৰিছে। চুলিৰ ৰং চাবলৈ ওচৰ …

অধিক চাওক

উত্তৰবিহীন৷৷ চন্দামিতা দেবী৷৷

: ঐ, আমাৰ নামটা পায়েল হ’লে কি ৰকম লাগত? খুউব ভালো লাগত না? আলতা ভৰা পায়ে পায়েল পৰে ৰূণ-ঝুণ কৰে নাচতাম আৰ খিলখিল কৰে হাসতাম। আহ! কি যে ভালো লাগত! : আকৌ বাংলা চিনেমা চাইছা না? কিয় যে তোমাৰ ইমান বাংলা প্ৰীতি বুজিয়েই নাপাওঁ। কিয় ইমান বাংলা চিনেমা চোৱা? মই …

অধিক চাওক

অস্তিত্ব৷৷ ৰিমঝিম মহন্ত৷৷

“জীৱনটো যদি এখন ডায়েৰীৰ কেইটামান পৃষ্ঠা হয় ! শব্দবোৰক যদি শিকলি লগাই বন্দী কৰা হয়…! মৃত্যুলৈ আৰুনো কেইদিন বাকী থাকে, তাৰ হিচাপ কোনে দিব? সময়ে দিবনে? দিবনে ঘূৰাই সময়ে সেই সোণসেৰীয়া সপোনটো? জীৱনৰ অৰ্থ বিচাৰি ফুৰোতে শেষ হয় সময়…। ভাঙিব নোখোজা জটিলতাবোৰৰ সহজ সমাধান ঘটে ।” “অনুভৱবোৰে আগুৰি ধৰি প্ৰশ্ন …

অধিক চাওক

এখন কপাহী চাদৰ৷৷ দ্বিজেন্দ্ৰ নাথ শৰ্মা৷৷

শাৰী শাৰী সজাই থোৱা দমটোৰ চুকত সযতনে ৰখা বাকচটো ৰূপহীয়ে উলিয়াই আনিলে। মামৰে ধৰা তলাটো খুলিবলৈ টান হ’ব বুলিয়েই তাই মিঠাতেলৰ বটলটোও লৈ আহিছিল। তাৰে দুটোপাল চাবি ভৰোৱা সৰঙাটোত পেলাই দি তাই খিৰিকিখনেৰে বাহিৰলৈ চালে। খিৰিকিমুখত আমজোপাত তেতিয়া কপৌফুলে পাহ মেলিছে। হুমুনিয়াহ এটা এৰি তাই বাকচটোলৈ চালে। বাকচ নহয় যেন …

অধিক চাওক

বৃদ্ধাশ্ৰম৷৷ দ্বিজেন্দ্ৰনাথ শৰ্মা৷৷

“উম্, মায়ে কৈছে , বৃদ্ধাশ্ৰমবিলাক দেখিবলৈ ভীষণ ধুনীয়া। মোক এদিন লৈ যাম বুলি কৈছে।” পল্লৱীয়ে বৃদ্ধাশ্ৰম দেখা নাই। নাজানেও কি? আজি লেজাৰৰ পিছত ক্লাছ ফ’ৰক বৃদ্ধাশ্ৰমলৈ নিব। পল্লৱীৰ উৎসাহৰ অন্ত নাই। “প্ৰিঞ্চী, তোমাৰ মায়ে বৃদ্ধাশ্ৰম দেখিছে?” “উম্, মা আৰু দেউতা দুয়ো গৈছিল।” “তুমি কিয় নগলা?” “মই স্কুলত আছিলো যে। এইবাৰ …

অধিক চাওক

সংসাৰ৷৷ ৰিমঝিম মহন্ত৷৷

ঘড়ীটোৱে পুৱা সাত বজাৰ সংকেত দিয়াৰ লগেলগে দিশাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। পিছে কান্দিছেহে, কান্দিছে৷ কাৰো এটা সাৰি শব্দ নাই। আৰু অলপ ডাঙৰকৈ কান্দিলে ,এইবাৰ ঔষধে কাম দিলে৷ গৃহস্থ খপজপকৈ উঠি বহিল। — হেৰা , কি হৈছে তোমাৰ? কিয় কান্দিছা? — …. …. ….৷ — হেৰা, নোকোৱা কিয়…বেয়া সপোন দেখিলা …

অধিক চাওক

বৰষুণৰ বাঁহী৷৷ মনোজ কুমাৰ ডেকা৷৷

গোটেই পৃথিৱীখন খন্তেকতেই কিবা আন এখন পৃথিৱীলৈ ৰূপান্তৰিত হ’ল ! এজাক পক্ষীৰ মাত কাণত বাজিবলৈ ল’লে। পখিলা বৰণীয়া পাখিৰ ভৰত তাইৰ চকু জাপ খাই আহিল। তেজৰ ঢৌৰ কোব বাঢ়িছে। এটি অনাবিল তৃপ্তিয়ে তাইক ক্ৰমশঃ চেপি আনিছে। নিচাসক্ত মানুহৰ দৰে তাই আগবাঢ়িছে। ঘৰটো কেনেবাকৈ গৈ পাব লাগে। তাইৰ দৌৰিবৰ মন গৈছে। …

অধিক চাওক