চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

বিদ্ৰোহী৷৷ নীলাভ সৌৰভ৷৷

(চাদাত হাচান মন্টোৰ সোঁৱৰণত) একো নাই তুমি কৰা মই প্ৰিয় নাৰীৰ হাতৰপৰা তুলি ল’ব খোজোঁ মদিৰাৰ পিয়লা তুমি যজ্ঞ কৰা সাপেক্ষ সভ্যতাৰ শাসন কৰা বৰদৈচিলাক মই ভালপোৱাৰ ব্যাকৰণৰ ভুল বানান তথাপি চিগাৰেটৰ ধোঁৱাৰ মাজত ৰঙা ওঁঠ এযোৰ বিচাৰোঁ তাকেহে মোৰ ফাগুন ফাগুন লাগে চি়ঞৰিবলৈ বাদ নিদিও বুকুৰ বিষতো তুমি কৰা …

অধিক চাওক

গাঁত৷৷ ৰাকেশধিৰ মেধি৷৷

এনেকৈয়ে একোটা গাঁতৰ সৃষ্টি ঠায়ে ঠায়ে যি আচলতে একোটা সপোন কবিয়ে কোৱাৰ দৰে “পোতা পুখুৰী”ৰ পৰা ৰিঙিয়াই মতা জলকুঁৱৰীৰ ৰিং কেনেকৈ কবি কেনেকৈ সুধী যেনেকৈ ৰজাই ভাল পায় পাহাৰ অথচ কথা পাতিব নোৱাৰে গছৰ স’তে ভালপোৱা ধানখেৰৰ জুইৰ দৰে হ’ব পাৰে! কিন্তু বিৰহ তুঁহ জুই সপোন নেদেখা সামাজিক বাট পথ …

অধিক চাওক

ইউৰিয়া৷৷ মমিন বৰা৷৷

দেওবৰীয়া দুপৰবোৰত লগ পাওঁ এজাক চৰাই কাষত বা দি বহি থাকে কপালত কেঁহেৰাজ বৰণ হৈ জিলিকি থকা এসোঁতা ঘাম ইউৰিয়া ৰহিত বুলি সেউজীয়া শাকনি ডৰাত সোমাই খুটিয়াই খুটিয়াই চাওঁ নহ’লে পাগত উঠা সময়বোৰো ভেকুৰি উঠে অকস্মাতে পণ্য পৰ্ব এটা গাত মেৰিয়াই নিতাল মাৰি থাকে বজাৰখন অসুখীয়া অংক এটা লৈ বুকুত …

অধিক চাওক

আহি আছে পিতাই সেই দিন৷৷ ভাস্কৰ জে নাথ৷৷

যদিওবা মই হত্যাকাৰী নহয় হত্যা কৰাৰ কুচকাৱাজ চলাইছো দুঃসময়বোৰক চুৰিকাঘাত কৰিব ওলাইছো বেদনাবোৰক পিতাই কেবল তোৰ ওঁঠত চাবলে হিৰন্ময় সময়ৰ হাঁহি মই হত্যাকাৰী হোৱাৰ কুচকাৱাজ চলাইছো শীতৰ সেমেকা ৰাতি আমাৰ গাঁৱৰ সকলোৱে জুই ফুৱাব সকলোৰে তেজত উষ্ণতা বাঢ়িব সেই উষ্ণতাৰে গাঁও খনক উষ্ণ কৰি ৰাখিম জুই ফুৱাই ধোঁৱা লগা ৰঙাচাহ …

অধিক চাওক

সপোনত সপোন এটা আহিল আৰু গ’ল৷৷ ৰিমঝিম মহন্ত৷৷

জোন গলা আহিনৰ ৰাতিটো সপোন এটি হৈ কথা কোৱা নদী এখন হৈ মোৰ শেতেলিলৈ আহিছিল। ৰাতিটো অহাৰ লগে লগে মুখৰ হৈ পৰিছিল মৌন হৃদয় খোলা খিৰিকিৰে ভাহি অহা শেৱালিৰ আমোলমোল সুবাসত হৃদয়ৰ প্ৰাচীন বিষণ্ণতা উৰি গৈছিল কপাহগুটীয়া মেঘৰ পিঠিত উঠি পিয়লাৰ পাছত পিয়লা ৰাগীভৰা জোনাক পি পি মাতাল হৈ পৰিছিলো …

অধিক চাওক

কোকিলৰ কবিতা৷৷ জুৰি বৰুৱা৷৷

কোকিল শইকীয়াৰ মনলৈ ‘শুই থকা চহৰখনক জগাই দিয়াৰ কথা’ আহোঁতে, দিনবোৰৰ কুশল বাৰ্তাৰ ভুৱা বিজ্ঞাপন ছপাই থকা ৰাজনীতিৰ অন্তৰ্দ্বন্দ্বত আমিও ভুগি আছিলোঁ। আত্মজাহৰ প্ৰতি আমাৰ বিৰাগ, বাস্তৱলৈ পিঠি নিদি ‘ৰঙা’ মেঘৰ সৈতে আমাৰ যুক্তি-তৰ্ক-বিতৰ্ক-প্ৰতিবাদ এইবোৰত কেৱল ৰোমান্টিকতাই নাছিল। আছিল এক স্থিতিও— সমাজ নামৰ স্থিতি। কোকিলৰ কবিতাই কোৱাৰ দৰে আমিও ক’ব …

অধিক চাওক

কথকতা৷৷ ইন্দিৰা গোস্বামী৷৷

শেষনিশাৰ কথকতা কৃষ্ণপক্ষৰ শেষনিশা তৰাবোৰে আকাশত পোহৰৰ পোহাৰ মেলে ৷ নাৰিকল পাতত উলমি ৰোৱা নিয়ৰৰ টোপালবোৰে চোতালত আল্পনা আঁকে৷ উদং বুকুৰ উমত সাধুবোৰে বিৰবিৰাই স্বপ্ন নে দিঠক ঠাৱৰ কৰাৰ পৰা বিৰত থাকে সময়৷ পুৱতি নিশাৰ কথকতা বাঁহৰ দৰ্জাখন খুলি চাঙঘৰৰ বাৰাণ্ডাত সাধুবোৰে পায়চাৰি কৰে৷ লাহে লাহে কুঁৱলীৰ অস্পষ্ট আৱৰণখন ফালি …

অধিক চাওক

বিদ্ৰোহী৷৷ ৰুদ্ৰ সিংহ মটক।৷

এখন জনসভাত ভাষণ দি আছিল মানুহজনে বিষয় — সৰ্বহাৰা বনাম পুঁজিবাদৰ অৱক্ষয় দহদিন পিছত তেওঁক কলীয়াপানীত এৰি অহা হ’ব দহবছৰৰ বাবে ছেন্টহেলেনা নহয়, কুখ্যাত তিহাৰ জেললে’ সভাথলীত বেছ কিছু জনতাৰ সমাগম হৈছিল চেঁপা উত্তেজনা এটাই হঠাতে অহা ঘূৰ্ণি এটাৰ দৰে জোঁকাৰি আছিল কিছুমান মানুহৰ মুখৰ ওলোমা ছাঁবোৰ কি ক’ব বা …

অধিক চাওক