চ’ৰাঘৰ / টুনুজ্যোতি গগৈৰ ৰচনা সম্ভাৰ

টুনুজ্যোতি গগৈৰ ৰচনা সম্ভাৰ

টুনুজ্যোতি গগৈৰ দ্বাৰা বিভিন্ন সময়ত, বিভিন্ন বিষয়ত লিখিত যিবোৰ লেখা বৈদ্যুতিন মাধ্যমলৈ ৰূপান্তৰিত হৈছে, সেইবোৰৰ একাংশ ইয়াত সন্নিৱিষ্ট হৈছে৷

প্ৰসংগ : ভীমবৰ দেউৰী৷৷ টুনুজ্যোতি গগৈ৷৷

যোৱা ৩০ অক্টোবৰত ‘আমাৰ অসম’ত প্ৰকাশিত ময়ূৰ বৰাৰ ‘সাহিত্যৰ গজদন্ত মিনাৰৰ পৰা পেংলাইসূচক পকা-মিঠৈ নিক্ষেপ : ড০ নিৰোদ কুমাৰ বৰুৱা সমীপেষু’ লেখাটো পঢ়ি আমিও কিছু কথা ক’বলৈ আগ্ৰহ অনুভৱ কৰিছোঁ। অসমৰ ৰাজনৈতিক ইতিহাসত ভীমবৰ দেউৰীৰ দৰে এগৰাকী প্ৰতিভাবান, বিচক্ষণ, দূৰদৰ্শী আৰু অসমপ্ৰেমী ব্যক্তি বেদনাদায়কভাবে উপেক্ষিত হৈ আহিছে বুলি ব্যক্তিগতভাৱে অনুভৱ …

অধিক চাওক

সংকটৰ গ্ৰাসত কৃষিখণ্ড : ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই৷৷ টুনুজ্যোতি গগৈ৷৷

কৃষকৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰসমূহে আদৰি লোৱা নব্য উদাৰবাদী নীতিবোৰ ত্যাগ কৰি বিকল্প অৰ্থনৈতিক পথৰ সন্ধান কৰিব লাগিব। এই বিকল্প অৰ্থনৈতিক পথৰ সন্ধানেহে কৃষকসকলক সঠিক নিৰাপত্তা প্ৰদান কৰিব পাৰিব। বৰ্তমান সমবায় কৃষি ব্যৱস্থায়ো কৃষক আৰু কৃষিখণ্ডক সংকটৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি ভাবিব নোৱাৰি।

অধিক চাওক

দীঘলী পুখুৰীত যযাতিৰ জিন৷৷ টুনুজ্যোতি গগৈ৷৷

সৌৱা বেলিয়ে লাহ দিওঁ-নিদিওঁ কৰা পৰতেই সখীয়েকহঁতৰ লগত স্নান কৰিবলৈ বুলি ৰাজপ্ৰসাদৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈ ওলাই আহিছে কামৰূপ নৃপতি ভগদত্ত তনয়া অষ্টাদশী ভানুমতী, তাইৰ ছন্দময় খোজৰ তালে তালে ঢৌৱাইছে নিতম্ব চুমা আৰু কাজল ক’লা খোলা চুলি, ৰূপহী গাভৰুজাকৰ প্ৰাণখোলা হাঁহিৰ শব্দত উচপ খাই উৰি গৈছে পথৰ কাষৰ প্ৰহৰীসদৃশ বিৰিখত পৰি …

অধিক চাওক

গুৱাহাটী : অতীত আৰু বৰ্তমান৷৷ টুনুজ্যোতি গগৈ৷৷

৷৷ প্ৰাগ্ ঐতিহাসিক কালৰ গুৱাহাটী : পুৰাকথা বনাম বস্তুনিষ্ঠ ইতিহাস৷৷ বিভিন্ন কিম্বদন্তীৰ মতে, গুৱাহাটী কেইবাখনো পৌৰাণিক ৰাজ্যৰ ৰাজধানী আছিল। এচাম দেশী-বিদেশী পণ্ডিত-গৱেষকে ক’ব খোজে যে দ্বাপৰ যুগত গুৱাহাটী নৰকাসুৰ আৰু ভগদত্তই শাসন কৰা প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী আছিল। তেওঁলোকে মহানগৰখনৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ, কামৰূপ, দুৰ্জয় নগৰ, শ্ৰী দুৰ্জয় নগৰ আছিল বুলি …

অধিক চাওক

ধৰ্মীয় চেতনা আৰু শিক্ষা পদ্ধতি৷৷ টুনুজ্যোতি গগৈ৷৷

– মুক্তি তনিচপ’ সজিতো সেহি ভকতক নমু ৰসময় মাগুহু ভকতি … মাধৱদেৱ বিৰচিত ‘মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময় মাগোহো ভকতি’ ঘোষাটি আমাক প্ৰাথমিক বিদ্যালয়ত প্ৰাৰ্থনা হিচাবে গাবলৈ শিকাইছিল৷ আমি কোনো অৰ্থ নুবুজি ভুলে-শুদ্ধই ভক্তি ভাৱ নৰখাকৈ আৰু বেসুৰাকৈ গাইছিলো৷ প্ৰাৰ্থনাৰ সময়ত যে দুচকু মুদি ল’ব লাগে, সেয়াও বহুদিনলৈ …

অধিক চাওক

অসমীয়া লোক-সাহিত্যত ডিব্ৰুগড়ৰ ঐতিহ্য সন্ধান৷৷ টুনুজ্যোতি গগৈ৷৷

লোকজীৱনৰ লোক-অভিজ্ঞতা আৰু লোক-প্ৰজ্ঞাক ভেটি কৰিয়েই লোক-ভাষাৰ সহায়ত গঢ় লৈ উঠে লোক-সাহিত্যৰ ঐশ্বৰ্যয়ম সম্ভাৰ। সহজ ভাষাত ক’বলৈ গ’লে, সাধাৰণ খাটিখোৱা মানুহৰ সহজ-সৰল মনৰ নিভাঁজ অথচ মধুৰ ভাৱৰাশিৰ মুকলি প্ৰকাশেই হ’ল লোক-সাহিত্য।

অধিক চাওক

বকুল তলৰ কথকতা৷৷ টুনুজ্যোতি গগৈ৷৷

[এক] ক্ৰমশঃ বয়স বাঢ়ি অহা কবিক এদিন কোনো এজন বিশেষ ব্যক্তিয়ে সুধিলে– হেৰা কবি, সন্ধিয়া হৈ আহিল–তোমাৰ চুলিত ৰূপালী ৰং লাগিছে – আকাশৰ ফালে মুখ কৰি তুমি পৰকালৰ আহ্বান শুনি বহি আছা নেকি বাৰু? কবিয়ে উত্তৰ দিছেঃ সন্ধিয়া হ’ল ঠিকেই– শ্ৰান্ত দেহ লৈ শুনিব লাগিছো– আজিও সিপাৰৰ কোনো গাঁৱৰ পৰা …

অধিক চাওক

অসমীয়া সাংবাদিকতা আৰু পৰাগ কুমাৰ দাস৷৷ টুনুজ্যোতি গগৈ৷৷

এক. অসম আন্দোলনৰ সময়তেই অসমৰ সংবাদ উদ্যোগটোৱে এক নতুন মাত্ৰা লাভ কৰিছিল। কেৱল শিক্ষিতসকলেই নহয়, অৰ্দ্ধশিক্ষিত আৰু নিৰক্ষৰ লোকসকলেও দেশ-ৰাজ্যৰ খা-খবৰ ল’বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। বাতৰি কাকতৰ পাঠকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে অসমৰ সংবাদ জগতত ভালে কেইখন সাপ্তাহিক, দৈনিক কাকতৰ জন্ম হৈছিল। লক্ষণীয় কথাটো হ’ল, তেতিয়ালৈকে অসমৰ সংবাদ জগতত …

অধিক চাওক