চ’ৰাঘৰ / কথাশিল্প / কবিতা (পৃষ্ঠা 5)

কবিতা

দু:সময়ৰ কবিতা ৷৷ গীতিৰেখা দত্ত৷৷

মানুহবোৰে এতিয়া কাপোৰ সলাইছে ছোঁঘৰৰ ৰখীয়া হৈ চাই আছোঁ সেই দৃশ্য অলপ পিছত সকলো মঞ্চত উঠিব সকলো উঠিব আৰু অতদিনে আওৰাই থকা সংলাপবোৰ দাৰি কমা ভাববোধক সকলো যথাৰ্থ ৰূপত ৰাখি উবুৰিয়াই বাকি দিব হেলজেনৰ পাণ্ডু বৰণীয়া পোহৰেৰে চেপি ৰখা মঞ্চটোৰ বুকুত৷ অত দিনৰ অতবোৰ আখৰাত দিয়া একেটা গঢ়তে চিঞৰবোৰ ওলাই …

অধিক চাওক

তৃতীয় জগত৷৷ মদাৰজ্যোতি৷৷

পানীপোতাত নদীয়া পাতি গিৰিহঁতনী সৰণ খেৰৰ উঁৱলা ছাল চাবেক নজনা প্ৰফুল্লৰ হাতে তমালে বন্ধা এযুগ কাল কটা নিধক মতা, সোঁৱৰালো তিনি বেলিৰ আগতেই বোলো খেৰ ইকৰা আন এতিয়া মুঠা বান্ধি উলুৰে গোটাই ল বিৰিণা ছবছৰ আয়ুসৰ সঞ্জাত নোপোৱাকৈ ছালৰ ফুটাৰে কোন ঘৰ-গোণাই লেখে আকাশৰ তৰা চৰকাৰী গৃহও উজানত নপৰা বোলো …

অধিক চাওক

ৰাঙলী বুঢ়ীৰ দান৷৷ বিনন্দ চন্দ্ৰ বৰুৱা৷৷

অ’ ৰঙামুৱা, অ’ ৰঙামুৱা চোতাল পালেহি মান, জামুগুৰি চাপৰিত গি্ৰজনি মাৰিছে, চিঞৰত ফালিছে কাণ৷   মানৰ ৰণ-চালি কিনো তালি ভুলি, কিনো নিঠৰুৱা প্ৰাণ, স্বৰ্গদেউ ঈশ্বৰৰ, সোণৰ দেশ ভাঙিছে, গচকত ভাঙিছে ধান৷   গগৈ সেনাপতি অকলে অাহিছে, চাপৰিত পাতিব ৰণ; যোৰহাট নগৰত স্বৰ্গদেউ ঈশ্বৰে, খৰকৈ গুণিছে ক্ষণ৷   অসমীয়া সেনা তেনেই …

অধিক চাওক

ৰ’দৰ প্ৰত্যাশাই আমাক জীয়াই ৰাখক৷৷ যোজনা পাঠক৷৷

ৰ’দৰ প্ৰত্যাশাই আমাক জীয়াই ৰাখক! কোনোকালে বিশেষ নোহোৱা অপ্ৰত্যাশিত শেলে সী নিয়া অস্থিৰতাৰ আলি কেঁকুৰিকেইটা হওকেই বা শোক সৰাৰ আখৰাথলী হাৰি হাৰি পতিয়ন নোযোৱা সেমেকা ৰাতি তথাপিও আমি জী থাকোঁ ৰ’দৰ প্ৰত্যাশাই আমাক জীয়াই ৰাখক!

অধিক চাওক

মোৰ দেশৰ মাটিত শইচ ফুলে৷৷ দিতুল চেতিয়া৷৷

মোৰ দেশৰ মাটিৰ গোন্ধই মোক ব্যাকুল কৰে প্ৰতিদিনে মোৰ দেশৰ আকাশে বতাহে মোৰ পিতৃ পিতামহৰ আত্মাই মোক ৰিঙিয়াই কয় এই দেশ মোৰ প্ৰাণৰ স্বদেশ মোৰ দেশৰ নদী দিচাং দিখৌ দিহিঙৰ পাৰে পাৰে মোৰ আজোককাৰ পদচিহ্ন মোৰ আইৰ হাতৰ চেনেহৰ পৰশ মোৰ দেশৰ আকাশৰ তৰা ফুলে বাৰে বাৰে কয় আমিয়ে অতীত …

অধিক চাওক

সেউজীয়া সপোনৰ অপেক্ষাত ৷৷ সত্যেন্দ্ৰ বৰদলৈ৷৷

চ’তহেন চোতালত নিতৌ ৰ’দাওঁ সাঁচতীয়া শব্দবোৰ মোৰ ৰুক্ষ আঙুলিৰে লিৰিকি বিদাৰি সযতনে সামৰি টোমত ভৰাওঁ পাভটিত তুলি থওঁ সিহঁতে কি কথা পাতে সপোন দেখে সেয়া অজান নৈমিত্তিক বসন্তত সূৰ্যাস্তৰ ছবি আঁকি পমুৱা পথাৰত সিঁচিবলে বাট চাওঁ মেদহীন শব্দবোৰ মোৰযে বৰ হেঁপাহ আঘোণৰ কুঁৱলীৰ মাজতো জাগি থকা সপোন এটাহে যেন মাজে …

অধিক চাওক

আঁহতে সলাবৰ পাত (এটা পুৰণি সাধুকথা !) ৷৷ দাদুল দেৱকৃষ্ণ৷৷

আঁহতে সলাবৰ পাত কাঁইটত কেতেকীৰ মাত কোঁৱৰৰ বুকুত বিষে ধৰে শুনা নাই কুঁৱৰীৰ মাত আউল বাউল কুঁৱৰীৰ চুলি বতাহৰ কাকৈৰে মেলে বান্ধি লৈ খোপা কলদিলীয়া তগৰ এপাহি গুঁজে তগৰ ফুলে ক’ত— বসন্তই মেলা পাতে য’ত খোপাত গুঁজে কোনে— কোঁৱৰৰ আকাশৰ জোনে বনত কান্দিলে বনৰ চৰাই মনত ধৰফৰাই কোন দেৱে নেজানে …

অধিক চাওক

ৰবি ঠাকুৰৰ নিলিখা কবিতাটো৷৷ নিবিড় অনুৰাগ মানস৷৷

ৰবি ঠাকুৰৰ পাকঘৰত এখন পীৰা আছে দিনৰ দিনতো ঠেলা চলাই এই চানমাৰী, এই বেলতলা সকলোতে ৰাতি ভাত খাবৰ সময়ত পীৰাখন টানে আৰু শোৱাৰ আগত প্ৰায়ে বিদ্ৰোহৰ কবিতা এটা লিখাৰ কথা ভাৱে কেতিয়াবা সপোনো দেখে আইনষ্টাইনে দাড়ি খজুৱাই ব্লেকবৰ্ডত কিবা এটা লিখে ৰবি ঠাকুৰ খপজপকৈ সাৰ পাই আঁঠুৱাখনলৈ চায় মহ এটাই …

অধিক চাওক