চ’ৰাঘৰ / কথাশিল্প / কবিতা (পৃষ্ঠা 3)

কবিতা

খডাংছ্যৰ সাধু৷৷ মৈত্ৰেয়ী পাটৰ৷৷

চোলাৰ জেপত তামোল কাটি দুপৰ যেন ৰাতি এটা দাঁতিয়লীয়া, সেই দিন ধৰি কলৈ যায় ফৰিংফুটা জোনাকত শিলৰ পাহাৰবোৰৰ মাত পোটোকা পৰা দেহাবোৰ জুইত সেঁকি বুঢ়াবোৰে মেলিছিল সাধুকথাৰ কুঁকি পেন্দুকণাহঁতে গালত হাত দি শুনিছিল— “মাত থাগাইছে চ্যাত্‌ব থাও” ভাষা থাকিলেহে থাকিব জাতি জাতি থাকিলেহে পৰম্পৰা সাধুকথাত সকলো খডাংছ্যৰ খডাংছ্যৰ হাগ্ৰা মাখা,লিবিঙে …

অধিক চাওক

চুনীয়া মোৰ অাৰ্কেডিয়া৷৷ মূল : ৰফিক অাজাদ, অনুবাদ : কোকিল শইকীয়া৷৷

স্পৰ্শকাতৰ এই নাম উচ্চাৰণ কৰিলেই যেন জিভাৰ খুন্দাত ভাঙি যাব ফাঁচ হৈ যাব তাৰ গোপন মহিমা চুনীয়া এখন গাঁও; সৰু কিন্তু ভিতৰি বিৰাট শক্তিশালী মৰাণাস্ত্ৰময় সভ্যতাৰ বিৰুদ্ধে থিয় দিব পৰাকৈ মাজনিশা চুনীয়া নীৰৱ চুনীয়াই ভাল পায় শান্ত স্নিগ্ধ পূৰ্ণিমাৰ জোন চুনীয়া প্ৰকৃততে বৌদ্ধ স্বভাৱৰ নিৰিবিলি অাৰু সবুজ ধৰণৰ চুনীয়া বিস্তৃৰ্ণ …

অধিক চাওক

হীৰুদালৈ৷৷ মদাৰজ্যোতি৷৷

আয়ে মোৰ ভূঁই ৰুইছিল পিতাই পথাৰৰ পো ভোকৰ দিনত সপোনতো দিঠকতো যেতিয়া পালোঁ তোক তয়েই হুৰাইছিলি দুৰ্ভিক্ষৰ শোক কবিতাৰ মানুহ এটা হৈ মোক লৈ ফুৰিছিলি দিহিঙে-দিপাঙে দেশ বুলি ক’লে আদেশ নালাগে মই তোৰ নিৰ্দেশত ওলাই গৈছিলোঁ বাৰুদৰ গোন্ধ পাইছিলোঁ বিপ্লৱৰ গোন্ধ পাইছিলোঁ কেঁচা তেজৰ গোন্ধ পাইছিলোঁ কবিতাত তোৰ মোৰ আইৰ …

অধিক চাওক

চপৰা চপৰে খহিছে মাজুলী৷৷ বিপুল কুমাৰ দত্ত৷৷

চপৰা চপৰে খহিছে মাজুলী ক’লৈ উভতি যাম পানীৰ জুইত সকলো পুৰি ছাই চোতালখন নাই য’ত অাঁঠুকাঢ়ি মই থিয় হ’ব শিকিছিলো বাটচ’ৰাটো নাই য’ত অামি কচুগুটি খেলিছিলোঁ গোহালিটো নাই ৰুপিত মাটি দুহালিচাও নাই চৰকাৰে দিবলৈ খাজনা ৰেহাই এশবছৰীয়া জয়ন্তী পাতিবলৈ পাঠশালাখন নাই য’ত মোৰ জীৱনৰ বোধোদয় য’ত এদিন ভাওনা চাইছিলোঁ অন্য …

অধিক চাওক

অপৰিচিত৷৷ মূল ইংৰাজী : চৈয়দ আহমদ ছাহ, অনুবাদ: অৱনী বুঢ়াগোহাঁই৷৷

তোমাৰ বাবে কোনো তেজ কাৰো অন্তৰৰ পৰা নিগৰি নাহে, তোমাৰ কলিজাৰ মাজেদি পাৰ কৰিবলৈ কোনো ঘৰ্মাক্ত হাতৰ সেমেকা মুঠিত এখন ছুৰী নাথাকে, তোমাক ঘৃণাও নকৰে প্ৰেমো নকৰে, ময়ো নাজানো, দয়া অনুভৱ কৰো নে ঈৰ্ষা অনুভৱ কৰো । অপৰিচিত ! মৃত মানুহৰ মহানগৰীলৈ তুমিয়েই অহা একমাত্ৰ তেজ-মঙহৰ শৰীৰ, বিভ্ৰান্তিৰ সাঁথৰেৰে ভৰা …

অধিক চাওক

ছায়াছবি৷৷ মমিন বৰা৷৷

আলকতৰা গলি যোৱা দুপৰীয়া গান শুনি আলিবাটত শুই পৰে ঘামবোৰ ঘামৰনো আৰু কি গান পেটৰ জুইকুৰা- ঘামবোৰৰ গান বুকুৰ মজ্জাত বাহ লোৱা বিষবোৰ— ঘামবোৰৰ গান ঘামৰ কান্দোন বুলিবলৈও একো নাই মাথোন বুকুৱেদি উৰি ফুৰা ধুলি আৰু শুকাই কৰ্কৰীয়া হোৱা এখন চকুৰ চোতাল এই ঘামে ধুলিৰ সতে লেটি লৈ বেকত কৰে …

অধিক চাওক

সেয়া সময়ৰ তৰপ আছিল৷৷ সৃষ্টি শ্ৰেয়ম৷৷

বুকুৰ উঠা-নমাত লাহে লাহে লাহেকৈ জিলিকিছিল পখিলাৰ এটা ফছিল কেতিয়া -বা ছাগৈ উৰিছিল কেতিয়া -বা ছাগৈ সৰিছিল কেতিয়া -বা ছাগৈ স্মৃতিয়ে সাৱটিছিল কোলাত তৰপৰ পাছৰ তৰপত মাথোঁ টোপনি আছিল টোপনিৰ ঘৰত ছন্দ থাকে টোপনিৰ ঘৰত প্ৰশান্তি থাকে টোপনিৰ ঘৰত থাকে নিৰ্জনতাও আন্ধাৰ আৰু শূন্য টোপনিৰ উঠা-নমাত মুখ গুঁজি বৰ সন্তৰ্পণে …

অধিক চাওক

মাছৰ ফিছাৰ ঢৌ৷৷ কোকিল শইকীয়া৷৷

মাছৰ ফিছাৰ ঢৌত পানীৰ কঁকাল ভাঙে জলগাভৰুৰ ঢৌ মেথনিলৈ উজাই অাহে নামি যায় ৰ’দৰ জিলিঙনিত উটি উটি গুচি যায় তাইৰ লাস্যময়ী চুলিকোচা কোনোবা দুপৰীয়াৰ ঘাটত গৰখীয়া ল’ৰা নৈত নামে গা ধুবলৈ অকলে অকলে বুৰ মাৰি উঠি অাহোতে বাউসীত উঠি অাছে দীঘল চুলি এডালৰ গোন্ধ গৰখীয়াৰ বুঢ়ীমাকৰ পাতচৰুত চাউল সিজে বুদ …

অধিক চাওক