চ’ৰাঘৰ / কথাশিল্প / কবিতা (পৃষ্ঠা 16)

কবিতা

মোৰ এই শব্দবোৰ (ৰৌচন আৰা বেগম)

চেতনৰপৰা অৱচেতনলৈ বগাই যোৱা সুগন্ধিজোপাৰ কাষলৈ কোনেও মোক লৈ যাব নোৱাৰে! সপোনৰ ৰেহৰূপ কাৰো ইচ্ছাৰ অধীন নহয়, সেয়ে এই দুৰত্ব! ঢুকি পালেও সন্তোষ্টিৰ ফলকেইটালৈ হাত মেলিও ৰৈ যাওঁ আমি। অথচ ক’ব নোৱৰাকৈয়ে নোৱাই-ঢৌৱাই কেতিয়া যে কেনেকৈ কাক তৃপ্তিৰ অনন্তলৈ বোৱাই লৈ যায়! তেতিয়া মই আৰু মই হৈ নাথাকো মোৰ মাজত …

অধিক চাওক

আঘোণৰ পথাৰত ( জ্যোৎস্না ৰাজখোৱা শৰ্মা )

আঘোণৰ পথাৰত ডাঙৰী বন্ধাৰ চলেৰে কিয় চাইছিলি চকুলৈ ? হাতখন কাঁচিয়ে কাটিলে ! ৰবাব টঙাৰ সোৱাদ জিভাত লাগোতেই বেলিটো পাহাৰত লুকালে !! লেচেৰি বোটলাৰ লগ আছিলি তই ডাৱৰত ছবি অঁকাৰো লগ আঘোণৰ পথাৰতেই কথা দিছিলি নৈৰ ঘাটলৈ নিম বুলি । তই কথা দিও কথা নেৰাখ আঘোনটো আহিয়েই থাকে তইহে ভুমুকি …

অধিক চাওক

কবিতা ( ঋতুৰঞ্জন গগৈ )

আমি গৈ আছিলো বহল শস‍্যভূমিৰ ওপৰেৰে; আমাৰ সমুখত এটা ৰাতিৰ পয়োভৰ, জোনাকীবোৰ উৰি আহিছিল আমাৰ সৈতে, আমাৰ দুচকুৰ পৰা সৰি পৰিছিল অজস্ৰ তৰাৰ ধূলিয়াৰি পোহৰ। স্মৃতি কিম্বা অতীত, যেন আইনাত জিলিকা এটা নীৰৱ সন্ধ‍্যা; লাহে লাহে জ্বলি উঠা শৰতৰ চাকিত দেখা বহুতো অস্পষ্ট মুখ… আমাৰ বহু কথাই মনত পৰিছিল, ছাঁয়াঘন …

অধিক চাওক

দেওপাহাৰ ( অমৰ শৰ্মা )

সিঁচৰতি বৰ্ণিল ইতিহাসৰ প্ৰস্তৰ পৃষ্ঠা শিপা গজা শিলৰ বিস্তীৰ্ণ প্ৰান্তৰ তুমি দেওপাহাৰ মূক বধিৰ উপত্যকা কালিয়নীত পোত গ’ল প্ৰেমিক জৰাসন্ধৰ সোণৰ নাও তীখাৰ শিকলিয়ে ঝন ঝনায় শুকান পাতত কাৰ খোজ সচকিত হৈ উঠে ছিন্ন মস্তক সৈনিক, আৰু সূৰ্য মন্দিৰৰ ৰুদ্ধদ্বাৰ দেওপাহাৰৰ চূড়াত নূপুৰ বাজে ৰজনীগন্ধাৰ সুৱাস সানি কোন প্ৰণয়িনীৰ শৃংগাৰ …

অধিক চাওক

মাছ নহয়, মই এটা চৰাই ( ভাৰ্গৱ জ্যোতি বৰা )

হঠাৎ পোহৰবোৰ আন্ধাৰ হৈ গ’ল চাৰিফালৰ চাৰিখন দুৱাৰ তক্তাৰে গঁজাল মাৰি দিয়া হ’ল . মই এটি মাছ নহয় মই এটা চৰাই . চহৰখন গৈ গৈ য’ত শেষ হৈছিল তাতে আকাশখনো শেষ হৈছিল আৰু তেতিয়া আমি কাৰ্ফিউ লগা চহৰৰ দুৰ্গন্ধময় গলিবোৰত ঘূৰি ফুৰিছিলো . আৰু বেয়’নেটৰ খোঁছ খাই মই এটা মাছ …

অধিক চাওক

ছৈ দিয়া শব্দ ( ছবি গগৈ)

নঙলা খোলাৰ মাত এটাই বাৰে বাৰে বাধা দি আছে অহ ! এতিয়াহে বুজিছোঁ গুচি যোৱা ঋতুবোৰ কিয় কেনেকৈ পুনৰ উভতি আহে ঘাটটো এৰি নৈখন গৈ আছে উৰুলি এটা বাজি আছে হালধীয়া জোনৰ আগে পাছে।

অধিক চাওক

হাইকু (সিদ্ধাৰ্থ শৰ্মা )

১ লঠঙা গছৰ ডালত এতিয়াও তিনিটা পকা মধুৰী – বতাহবিহীন দিন ২ খৰস্ৰোতা নৈত হঠাতে সৰিল চিলনী – উৰিল মাছ ৩ টক টক শব্দত দুৱাৰখন খুলিলোঁ – পানীপতাত বৰষুণ।

অধিক চাওক

গণসংগীত (দেৱব্ৰত মহন্ত)

ভাং ভাং ভাঙি দে পুৰণি দুনীয়া স্বপ্ন ৰচোঁ যুগান্তৰৰ পৃথিৱী সলোৱা ৰূপান্তৰেহে মাথোঁ কৰে জগত ধুনীয়া সেয়ে স্বপ্ন ৰচোঁ এক ৰূপান্তৰৰ জগত ধুনীয়া নতুন মানুহৰ ভাঙি পিটি গঢ়ি যাওঁ নতুন নতুন ঘৰ মুক্ত মানুহৰ ভাঙি দে ভাঙি দে পুৰণি দুনীয়া সময় আহিছে আজি পঙ্গুৱে শৃংগ বিজয় কৰা ৷৷ দুসাজ ভাতৰ …

অধিক চাওক