চ’ৰাঘৰ / কথাশিল্প / কবিতা (পৃষ্ঠা 10)

কবিতা

নাঙঠ পথাৰৰ পদ্য ৷৷ মিন্টুল হাজৰিকা৷৷

পথাৰে সেউজীয়া পোছাক পিন্ধে সেউজীয়াবোৰ গৈ এদিন কেঁচাসোণ বৰণীয়া হৈ দুপৰীয়াৰ পূৰঠ বেলিৰ আলিংগনত জুয়ে পোৰা সোণ হৈ হাঁহে এদিন পথাৰখনৰ ৰংটো দেউতাৰ কান্ধত উঠি চোতাল পায় আৰু পথাৰখন উকা হৈ পৰে ঠিক বৃদ্ধ গণিকাৰ কঁপালখনৰ দৰে কিদৰে হালধীয়াবোৰ পথাৰখনৰ বুকুত বহি যৌৱন বেহাই আৰু উটুৱাই ক্ৰমশঃ পথাৰৰ বুকুফালি কলিজাখন …

অধিক চাওক

কথাৰ কথকতা ( মদাৰজ্যোতি )

কথাবোৰ আৰু কথা হৈ নাথাকিব গহৰা কথাৰ লতাই চানিব সাধুকথাৰ ডাল-পাত পাত হালধীয়া হ’ব পচিব মাটিৰ খনিজ কমি আহিব ৰ’দৰ ৰাইয’বিয়ামো সেউজীয়া গ্ৰহ এটাৰ সন্তুলনো পাণ্ডুৰোগীৰ বৰণ ল’ব সেউজীয়াই সোণাৰু সূৰুয ৰঙা দৈত্য বোৱতী কথাত উটিব জাঁজি জঁট বাঢ়িব সংস্কৃত কথাত কথাৰ ভেৰণিত ককবকাব ভালপোৱাৰ মসৃণ শব্দ এই কথা গমিবলৈ …

অধিক চাওক

কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী ( জ্যোতিপ্ৰসাদ আগৰৱালা )

(১) মই কাঞ্চনজঙ্ঘা তুষাৰ শুভ্ৰশিৰ ময়ে অভ্ৰভেদী বীৰ মোৰ জটা ঝাৰি ঝাৰি নিজৰি নিজৰি বয় নিগৰি নগিৰ অবিকল কল্‌কল্‌ ৷ শৈলজা পয়োধৰা পিযুষ সলিলা যুৰধনী গঙ্গা ; প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি, অণ্বনৃ হুৰি মোৰ আলোক-নৃত্য কৰি ৷ বিয়পাই বিশ্বত ৰঞ্জন দ্যূতি ৷ মোৰে আশেপাশে গায় কিন্নৰী বালিকাই আলোক-বোধন মহাগীত, সন্ধিয়াই সন্ধিয়াই …

অধিক চাওক

মোৰ গাঁৱৰ মেজিটো ( তপন বৰুৱা)

কুঁৱলিয়ে ঢাকি ধৰিছে মোৰ গাঁৱৰ মেজিটো! উছৱৰ উলাহত নাচি উঠা যেন লাগিলেও চোতাল-পদূলি; ভিতৰে ভিতৰে কলিজাত এক অবৰ্ণনীয় বিষ । ইমান প্ৰৱল পশ্চিমৰ বতাহ ইমান উত্তাল বাণিজ্যিক ঢৌ খুউব সহজেই গঞা-গিয়াতি কিয় সেই নিচাত মাতাল ওৰ নাপাওঁ ভাবি ! উদযাপনৰো আছে সীমা । সেয়া, গাঁৱৰ প্রয়োজন আৰু সমস্যাক চেৰাই কেতিয়াও …

অধিক চাওক

যুঁজৰ এনিশা ( জমশ্বেৰ আলি )

ঈগলটো আজি নিশা মোৰ ভঙা জুপুৰীত বহিছিল! ঈগলটোৰ পাখি গাৰ সমস্ত বলেৰে ধৰিলো। ধৰফৰাই থকা ঈগলটোৱে তাৰ জোঙাল কঠিন নখেৰে আঁচুৰিবলৈ ধৰিলে মোৰ বাঁওহাতত মই ৰক্তাক্ত হলোঁ তেজাল দেহত অযুত হাতীৰ শকতি ঈগলটোৰ ঠোঁটত ধৰি তুলি ল’লোঁ ইয়াতেই এটা ছেলফী লাজতে লুকালে দানবী ঈগল !

অধিক চাওক

হেঙুলীয়া ( জুৰি সন্দিকৈ গগৈ )

হেঙুলীয়া পৰতহে পালোঁগৈ তেতিয়ালৈ তুমি ডুব গ’লা মগন হ’লা ৰাগীত পাঠোদ্ধাৰ নহ’ল দুচকুৰ হেঙুলীয়াই তেতিয়ালৈ ৰংবোৰ শুহিল শুহি থাকিল শুহিয়েই থাকিল ৰঙৰ বেলা নাথাকিলোঁ সুখৰ আজলিবোৰ কিমান আঁজুৰিলা নুবুজিলোঁ সুৰ পুনৰ তুলিবানে সৃষ্টি কৰিবানে অমৰ হোৱাকৈ এটি সুৰ,কঁপি যোৱাকৈ তন্ত্ৰী মোৰ হেঙুলীয়াই শুহি ল’ব নোৱাৰাকৈ…৷

অধিক চাওক

ফ্ৰেমৰ বাহিৰৰ অৰণ্য ( কল্যাণী বৰ্মন )

পোহ মানিব নোখোজা কথাবোৰেই পোহ দিব খোজোঁ প্ৰায়ে পুৰণি কেলেণ্ডাৰ আৰু নতুন কেলেণ্ডাৰবোৰে একেবোৰ কথাকে সোঁৱৰায় মাথোঁ বাঢ়ি যায় বহু আহ্নিক গতিৰ নিৰন্তৰ পৰিক্ৰমাৰ খতিয়ান পাতবোৰ এখিলা-দুখিলাকৈ সৰি পৰে শুকাই যায় ডাল খৰি লুৰিবলৈ অহা ল’ৰাটোৱে ভাঙিবলৈ লওঁতেই দেখা পাওঁ কুঁহিপাতে ঠুঁটিওৱা ফ্ৰে’মৰ বাহিৰৰ এখনি অৰণ্য>

অধিক চাওক

চোলাৰ নাম দুহেজাৰ ওঠৰ ( তপন বৰুৱা )

একত্ৰিশ ডিচেম্বৰ হ’লত পুৰণি চোলাকেইটা চাৰ্ফ দি ধুনীয়াকৈ ধুলোঁ । গধুৰ ইস্ত্ৰি বিচাৰি ধোবীৰ কাষলৈ নিলোঁ কিন্ত্ত কোনোবা নহয় কোনোবা এঠাইত কোঁচ এটা ৰৈ গ’ল প্ৰতিটোতে , অলপ অলপকৈ সেয়ে আকৌ ঘঁহালোঁ । নাই ! সুফল নাপালোঁ পিন্ধিব পৰা হৈ নুঠিল এটাও । বাটত ৰৈ আছিল এদল মানুহ , ভিন্ …

অধিক চাওক