চ’ৰাঘৰ / কথাশিল্প (পৃষ্ঠা 4)

কথাশিল্প

সংসাৰ৷৷ ৰিমঝিম মহন্ত৷৷

ঘড়ীটোৱে পুৱা সাত বজাৰ সংকেত দিয়াৰ লগেলগে দিশাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। পিছে কান্দিছেহে, কান্দিছে৷ কাৰো এটা সাৰি শব্দ নাই। আৰু অলপ ডাঙৰকৈ কান্দিলে ,এইবাৰ ঔষধে কাম দিলে৷ গৃহস্থ খপজপকৈ উঠি বহিল। — হেৰা , কি হৈছে তোমাৰ? কিয় কান্দিছা? — …. …. ….৷ — হেৰা, নোকোৱা কিয়…বেয়া সপোন দেখিলা …

অধিক চাওক

বৰষুণৰ বাঁহী৷৷ মনোজ কুমাৰ ডেকা৷৷

গোটেই পৃথিৱীখন খন্তেকতেই কিবা আন এখন পৃথিৱীলৈ ৰূপান্তৰিত হ’ল ! এজাক পক্ষীৰ মাত কাণত বাজিবলৈ ল’লে। পখিলা বৰণীয়া পাখিৰ ভৰত তাইৰ চকু জাপ খাই আহিল। তেজৰ ঢৌৰ কোব বাঢ়িছে। এটি অনাবিল তৃপ্তিয়ে তাইক ক্ৰমশঃ চেপি আনিছে। নিচাসক্ত মানুহৰ দৰে তাই আগবাঢ়িছে। ঘৰটো কেনেবাকৈ গৈ পাব লাগে। তাইৰ দৌৰিবৰ মন গৈছে। …

অধিক চাওক

স্বাধীনতাৰ পদ্য৷৷ কোকিল শইকীয়া৷৷

যিডাল ৰচীত উৰে স্বাধীনতাৰ পতাকা একেডাল ৰচীতে ওলমে ঋণগ্ৰস্ত খেতিয়ক জালিনীৱাগবালাৰ পৰা বগীধলালৈ লৰ্ড ডেলহাউছিৰ পৰা নৰেন্দ্ৰ মোডীলৈ সোঁতাল তেজৰ উপত্যকা শোষণ অাৰু বঞ্চনাৰ কজলা মেঘ কি নাম এই উপত্যকাৰ ? — ভাৰতবৰ্ষ কি নাম তোমাৰ ? —স্বাধীনতা । মানে ? — ভনীমাই, নিৰ্ভয়া, গৌৰী লংকেশৰ, নক্সালবাৰী নতুবা নব্বৈৰ প্ৰতিজন …

অধিক চাওক

মন্দিৰা গগৈৰ দুটি কবিতা

অস্তিত্ব নিজে খান্দি উলিওৱা গুহাটোৰ ভিতৰলৈ চুমাটো সোমাই যায় # গুহা আৰু চুমা # চুমাই বাট হেৰুৱায়৷ ৰঙাবোৰ ৰঙাবোৰ বাঢ়ি আহিলে হঠাতে বিবৰ্ণ আৰু ধূসৰ ৰেখা কিছুমানে এটা বেঁকা পথৰ সূচনা কৰে # ৰঙাবোৰ সেই সময়ত কেতিয়াও কোনো উজ্জ্বলতাৰ পৰিচয় নহয় কোনো শুভ্ৰ সম্ভেদৰ প্ৰতীক নহয় # ৰঙাবোৰ ৰঙাৰ দৰে …

অধিক চাওক

খডাংছ্যৰ সাধু৷৷ মৈত্ৰেয়ী পাটৰ৷৷

চোলাৰ জেপত তামোল কাটি দুপৰ যেন ৰাতি এটা দাঁতিয়লীয়া, সেই দিন ধৰি কলৈ যায় ফৰিংফুটা জোনাকত শিলৰ পাহাৰবোৰৰ মাত পোটোকা পৰা দেহাবোৰ জুইত সেঁকি বুঢ়াবোৰে মেলিছিল সাধুকথাৰ কুঁকি পেন্দুকণাহঁতে গালত হাত দি শুনিছিল— “মাত থাগাইছে চ্যাত্‌ব থাও” ভাষা থাকিলেহে থাকিব জাতি জাতি থাকিলেহে পৰম্পৰা সাধুকথাত সকলো খডাংছ্যৰ খডাংছ্যৰ হাগ্ৰা মাখা,লিবিঙে …

অধিক চাওক

চুনীয়া মোৰ অাৰ্কেডিয়া৷৷ মূল : ৰফিক অাজাদ, অনুবাদ : কোকিল শইকীয়া৷৷

স্পৰ্শকাতৰ এই নাম উচ্চাৰণ কৰিলেই যেন জিভাৰ খুন্দাত ভাঙি যাব ফাঁচ হৈ যাব তাৰ গোপন মহিমা চুনীয়া এখন গাঁও; সৰু কিন্তু ভিতৰি বিৰাট শক্তিশালী মৰাণাস্ত্ৰময় সভ্যতাৰ বিৰুদ্ধে থিয় দিব পৰাকৈ মাজনিশা চুনীয়া নীৰৱ চুনীয়াই ভাল পায় শান্ত স্নিগ্ধ পূৰ্ণিমাৰ জোন চুনীয়া প্ৰকৃততে বৌদ্ধ স্বভাৱৰ নিৰিবিলি অাৰু সবুজ ধৰণৰ চুনীয়া বিস্তৃৰ্ণ …

অধিক চাওক

হীৰুদালৈ৷৷ মদাৰজ্যোতি৷৷

আয়ে মোৰ ভূঁই ৰুইছিল পিতাই পথাৰৰ পো ভোকৰ দিনত সপোনতো দিঠকতো যেতিয়া পালোঁ তোক তয়েই হুৰাইছিলি দুৰ্ভিক্ষৰ শোক কবিতাৰ মানুহ এটা হৈ মোক লৈ ফুৰিছিলি দিহিঙে-দিপাঙে দেশ বুলি ক’লে আদেশ নালাগে মই তোৰ নিৰ্দেশত ওলাই গৈছিলোঁ বাৰুদৰ গোন্ধ পাইছিলোঁ বিপ্লৱৰ গোন্ধ পাইছিলোঁ কেঁচা তেজৰ গোন্ধ পাইছিলোঁ কবিতাত তোৰ মোৰ আইৰ …

অধিক চাওক

দিয়াশলাই বাহৰ সাধু ৷৷ চন্দামিতা দেৱী৷৷

: আইতা সাধু এটা কোৱানা। ৰজা-ৰাণী, ৰাজকুমাৰীৰ সাধু নুশুনো। তেজীমলা , বুঢ়া-বুঢ়ীয়ে কচু ৰোৱা, এই কাহিনীবোৰো শুনি শুনি মুখস্থ হৈ গৈছে। আজি বেলেগ কিবা কোৱা। নতুন কাহিনী। ‘ৰিয়েল ৰিয়েল টাইপ’, একদম ‘মডাৰ্ণ’ কাহিনী। : ইমান ডাঙৰ হৈছা৷ তথাপি কাহিনী শুনিব লাগে? : উম… লাগে। আৰু সেইবাবে অলপ বেলেগ কাহিনী ক’ব …

অধিক চাওক