চ’ৰাঘৰ / কথাশিল্প (পৃষ্ঠা 3)

কথাশিল্প

বকুল তলৰ কথকতা৷৷ টুনুজ্যোতি গগৈ৷৷

[এক] ক্ৰমশঃ বয়স বাঢ়ি অহা কবিক এদিন কোনো এজন বিশেষ ব্যক্তিয়ে সুধিলে– হেৰা কবি, সন্ধিয়া হৈ আহিল–তোমাৰ চুলিত ৰূপালী ৰং লাগিছে – আকাশৰ ফালে মুখ কৰি তুমি পৰকালৰ আহ্বান শুনি বহি আছা নেকি বাৰু? কবিয়ে উত্তৰ দিছেঃ সন্ধিয়া হ’ল ঠিকেই– শ্ৰান্ত দেহ লৈ শুনিব লাগিছো– আজিও সিপাৰৰ কোনো গাঁৱৰ পৰা …

অধিক চাওক

হিমা ৷৷ ৰত্না ভৰালী তালুকদাৰ৷৷

তুমি বাঢ়ি অহা গছৰ পাতৰ সেউজীয়া কবিতা  আমাৰ আশাৰ আগলিত বাস কৰা উৰণীয়া এগছি চাকি থোৰ মেলি অহা জীৱনৰ ফাগুনী বতাহৰ আগ এটি নতুন বিৱৰণী- গতি, ছন্দ আৰু ৰঙা-নীলা ষ্টে’ডিয়ামত নাচি উঠা শৰীৰবোৰৰ আমি ৰ লাগি চোৱাৰ সন্মোহনত তুমি বিজুলিয়াই উঠা ৰাগী বতাহত ওলমি থকা আমি অঁকা সপোনৰ বাগিচাৰ ডালিম …

অধিক চাওক

বৃদ্ধাশ্ৰম৷৷ দ্বিজেন্দ্ৰনাথ শৰ্মা৷৷

“উম্, মায়ে কৈছে , বৃদ্ধাশ্ৰমবিলাক দেখিবলৈ ভীষণ ধুনীয়া। মোক এদিন লৈ যাম বুলি কৈছে।” পল্লৱীয়ে বৃদ্ধাশ্ৰম দেখা নাই। নাজানেও কি? আজি লেজাৰৰ পিছত ক্লাছ ফ’ৰক বৃদ্ধাশ্ৰমলৈ নিব। পল্লৱীৰ উৎসাহৰ অন্ত নাই। “প্ৰিঞ্চী, তোমাৰ মায়ে বৃদ্ধাশ্ৰম দেখিছে?” “উম্, মা আৰু দেউতা দুয়ো গৈছিল।” “তুমি কিয় নগলা?” “মই স্কুলত আছিলো যে। এইবাৰ …

অধিক চাওক

সোণপৰুৱা৷৷ সৃষ্টি শ্ৰেয়ম৷৷

নৈ খন পাৰ হৈ আহোঁতে পাৰত ওলমি ৰোৱা দুটা চাকনৈয়া ওখ ঘাঁহবোৰত বিৰিখত পৰ্দা টনা আইনাৰ সিপাৰৰ বন্ধ কোঠাত য’ত য’ত মই থাকি আহিলোঁ য’লৈ য’লৈ মই ঘূৰি আহিলোঁ ছাঁয়া হৈ বিজুলী হৈ চিঞৰ হৈ ধুমুহা হৈ উৰাই ঘূৰাই মোক ওফৰাই কোলা পাতি তুলি লোৱা যুৰীয়া বাহ ক’লৈ বা গ’ল …

অধিক চাওক

কথাবোৰ আপোনাৰ শিশুক জনাই থোৱা ভাল৷৷ জয়ন্ত আকাশ বৰ্মন৷৷

দৰাচলতে সকলো শিশুৱেই ধুনীয়া নিৰাপদ কোলাত কল কলাই থকা অথবা পদপথত ভোকত কল মলাই থকা ! উজলিবলৈয়েই জন্মে সংসাৰৰ প্রতিটো শিশু ! আপোনাৰ শিশুটোৰ ডিঙিত পিন্ধাইছে স্বৰ্ণহাৰ, একেখন পৃথিৱীত তাৰ দৰেই আৰু অনেক শিশু- ডিঙিৰ পৰাই জক-জক শুকান কামিহাড়! কথাবোৰ আপোনাৰ শিশুক জনাই থোবা ভাল। কোনোবা নদীত ৰিভাৰ ক্ৰু’জ কৰিবলৈ …

অধিক চাওক

অসমীয়া আত্মজীৱনী চৰ্চা : এক অৱলোকন৷৷ ড° পৰাগ নাথ৷৷

ইংৰাজীত জীৱনী বুজাবলৈ ‘বায়োগ্ৰাফী’ শব্দটো ব্যবহাৰ কৰাৰ দৰে আত্মজীৱনীৰ বাবে ‘অটোবায়োগ্ৰাফী’ শব্দটো ব্যবহাৰ কৰা হয়। সাধাৰণ দৃষ্টিত জীৱনী আৰু আত্মজীৱনীৰ বিষেশ পাৰ্থক্য নাই যেন লাগিলেও দুয়োবিধ সাহিত্যৰ একেই শাখা নহয়। ৰয় পাস্কেলে তেওঁৰ ‘ডিজাইন এণ্ড ট্ৰুথ ইন অটোবায়োগ্ৰাফী’ পুথিত আত্মজীৱনীৰ সংজ্ঞা এইদৰে দিছে— ‘আত্মজীৱনী এনে এবিধ জীৱন-বৃত্তান্ত. য’ত লেখকে তেওঁৰ …

অধিক চাওক

সংসাৰ৷৷ ৰিমঝিম মহন্ত৷৷

ঘড়ীটোৱে পুৱা সাত বজাৰ সংকেত দিয়াৰ লগেলগে দিশাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। পিছে কান্দিছেহে, কান্দিছে৷ কাৰো এটা সাৰি শব্দ নাই। আৰু অলপ ডাঙৰকৈ কান্দিলে ,এইবাৰ ঔষধে কাম দিলে৷ গৃহস্থ খপজপকৈ উঠি বহিল। — হেৰা , কি হৈছে তোমাৰ? কিয় কান্দিছা? — …. …. ….৷ — হেৰা, নোকোৱা কিয়…বেয়া সপোন দেখিলা …

অধিক চাওক

বৰষুণৰ বাঁহী৷৷ মনোজ কুমাৰ ডেকা৷৷

গোটেই পৃথিৱীখন খন্তেকতেই কিবা আন এখন পৃথিৱীলৈ ৰূপান্তৰিত হ’ল ! এজাক পক্ষীৰ মাত কাণত বাজিবলৈ ল’লে। পখিলা বৰণীয়া পাখিৰ ভৰত তাইৰ চকু জাপ খাই আহিল। তেজৰ ঢৌৰ কোব বাঢ়িছে। এটি অনাবিল তৃপ্তিয়ে তাইক ক্ৰমশঃ চেপি আনিছে। নিচাসক্ত মানুহৰ দৰে তাই আগবাঢ়িছে। ঘৰটো কেনেবাকৈ গৈ পাব লাগে। তাইৰ দৌৰিবৰ মন গৈছে। …

অধিক চাওক