চ’ৰাঘৰ / কথাশিল্প (পৃষ্ঠা 28)

কথাশিল্প

পাবলো নেৰুদাৰ কবিতা (অনুবাদ: অৱনী বুঢ়াগোহাঁই)

যদিহে তুমি মোক পাহৰি যোৱা এটা কথা মই তুমি জনাটো বিচাৰোঁ। কথাটো হ’ল … … মই যদিহে চাওঁ স্ফটিকৰ জোনটোলৈ, ৰঙা ডালবোৰলৈ, খিৰিকীত ধীৰ গতিৰে অহা হেমন্তলৈ, জুইৰ কাষত পৰি ৰোৱা অনুভৱহীন বগা ছাঁইবোৰলৈ, শুকান শোতোৰা পৰা গছৰ টুকুৰাটোলৈ, এই সকলোবোৰে কিন্তু মোক কেৱল তোমাৰ ওচৰলৈহে লৈ যায়। যেন ইয়াত …

অধিক চাওক

‘শ্যামকানু দূৰৈ হৈ নাযাবা’: এক জীৱন-দীক্ষা (প্ৰাণজ্যোতি নাথ)

উপন্যাসঃ শ্যামকানু দূৰৈ হৈ নাযাবা ঔপন্যাসিকঃ অনুপমা বৰগোহাঁই প্ৰকাশকঃ আঁক-বাক মূল্যঃ ১৫০/- টকা ‘মই প্ৰতিযোগিতাত ভাগ ল’বলৈ নিবিচাৰোঁ। মই প্ৰতিযোগিতা ভাল নাপাওঁ। প্ৰতিযোগিতাই মানুহৰ মাজত শুই থকা হিংসা, ঈৰ্ষা আদি দানৱবোৰক জাগি উঠিবলৈ উৎসাহ দিয়ে। মই প্ৰতিযোগিতা কৰিম, মোৰ নিজৰ লগত, নিজৰ জীৱনৰ লগত।’ (পৃঃ ৮৬, শ্যামকানু দূৰৈ হৈ নাযাবা; …

অধিক চাওক

স্মৃতি (নিপজ্যোতি ডেকা)

স্মৃতিবোৰো যেন পখিলাৰ পাখি ডেও দি দি আহে উৰি পাখিত লৈ আহে তেওঁৰ মোৰ বহুত গধূলি।

অধিক চাওক

জীৱনৰ পাঁচটি স্তৱক (গিৰীশ্চন্দ্ৰ ভট্টাচাৰ্য্য)

এক মোৰ বেলিৰ নূৰ মই য’ত ৰাখিছোঁ তুমি কেনেকৈ পাবা তোমাৰ হাতত গলিত বাষ্প ইন্ধন হৈ জ্বলে মাথোঁ আজিৰ দিনৰ দিনপঞ্জী…৷ দুই মোৰ জিকাফুলীয়া নীৰৱতাখিনি তুমি খেপিয়াই চোৱা এন্ধাৰৰ জুইশলা কিমান আলফুলে সংগোপনে থাকে হেঁপাহৰ পোহৰৰ ৰেঙণি…৷ তিনি আজিৰ চিপচিপিয়া বৰষুণজাক মোৰ লগতে অহা ওন্দোলোৱা মেঘৰ মাজেৰে বৰ্ষাসিক্ত মনৰ কঙালী …

অধিক চাওক

ঘামৰ কবিতা (তিলক ৰয়)

ঘামৰ কেচেমা গোন্ধেৰে উৰ্বৰ ৰৌদ্ৰোজ্জ্বল আমাৰ দেহত ইতিহাসৰ প্ৰতিটো অধ্যায়ত চমতাৰ সজীৱ চাব! প্ৰতিবাৰ বাৰিষাৰ বানে ধৰ্ষণ কৰা পথাৰখনত যোৱাবাৰ বণিকে পাতিলে বেহা, পথাৰৰ পৰা পদূলিলৈ বন্ধকীৰ দৰদাম! ইতিহাস আৰু বৰ্তমানক উফৰাই দিব পৰাকৈ আমাৰ ঘামত এইবাৰ নতুনৰ সুঘ্ৰাণ, সপোনত তলবলীয়া নাঙল দাৱনীৰ লাৱনি হাতত ধাৰাল কাঁচি গাঁৱৰ বাটে বাটে …

অধিক চাওক

বিচ্ছিন্ন অতীত (শিল্পীশিখা গগৈ)

ষ্টীলৰ কাঁহীখনৰ কাষটোত বাওঁহাতখনেৰে ধৰি সোঁহাতখনেৰে বাচন মজা, খাৰ লগা খেৰৰ সোপাটোৰে কাঁহীখন মাজোতে পটক পটককৈ শব্দ হ’ল৷ আপোনমনে বাচন মাজি থকা ৰুণুমীৰ মনটো শব্দটোৰ লগে লগে অতীতলৈ উৰা মাৰিব খুজিলে৷ অতীতৰ এসাগৰ সুখৰ নষ্টালজিয়াত বৰ্তমানৰ ৰুণুমীৰ অস্তিত্ব হেৰাই গ’ল৷ ক্ষন্তেকতে এই অতি চিনাকি, অতি আপোন শব্দটোৱে ৰুণুমীৰ কলিজাৰ এডোখৰ …

অধিক চাওক

গতি (ড° ছবি গগৈ)

এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰেলবোৰে উকিয়াই উকিয়াই ষ্টেচনটো পাৰ হৈ থাকিলে মনটোত এক বুজাব নোৱৰা সন্তুষ্টিয়ে বিৰাজ কৰি থাকে৷ সকলো ঠিকে ঠাকে চলি আছে, সময়ৰ লগে লগে আমিও গৈ আছোঁ, গতিশীল হৈ আছোঁ, পৃথিৱী আৰু জীৱনৰ গতি স্তব্ধ হৈ যোৱা নাই–এই জাতীয় আত্ম-প্ৰত্যয়ত এক ধৰণৰ প্ৰেৰণা অনুভৱ কৰোঁ৷ সন্তানৰ …

অধিক চাওক