চ’ৰাঘৰ / কথাশিল্প (পৃষ্ঠা 27)

কথাশিল্প

অতি সাম্প্ৰতিক অসমীয়া কবিতা ( অজিৎ কলিতা )

সাম্প্ৰতিক অসমীয়া কবিতাই ৰূপবস্তু, ভাববস্তু আৰু বিষয়বস্তু– তিনিওটা ক্ষেত্ৰতে বৈচিত্ৰ্য লাভ কৰি অসমীয়া সাহিত্য-ভড়ালক সমৃদ্ধিশালী কৰি তুলিছে৷ এই কথাখিনি বিচাৰ কৰি চাবলৈ আমি নগেন শইকীয়া, ৰবীন্দ্ৰ সৰকাৰ, ৰবীন্দ্ৰ বৰা, আনিচ উজ জামান, অনুভৱ তুলসী, জীৱন নৰহ, লুটফা হালুম চেলিমা বেগম, সমীন্দ্ৰ হুজুৰী আদি বিশিষ্ট কবিসকলৰ কেইটামান কবিতাক আধাৰ হিচাপে গ্ৰহণ …

অধিক চাওক

ফিটা ছিঙা হাৱাই চেণ্ডেলযোৰ আৰু এটা শেষ নোহোৱা গল্প ( জুৰি বৰুৱা )

এই যাত্ৰা বৰ আমোদজনক নহবও পাৰে । অথচ এই যাত্ৰাতে আমি সহস্ৰবাৰ চিঞৰো । এই যাত্ৰা গৈ থকা মানুহৰ ভৰিৰ ঘামেৰে ভিঁজি থাকে। এই যাত্ৰাত কোনো চৰ্তৰ প্ৰতিলিপি নাই । এই এটা মাত্র যাত্ৰাৰে আমি কেঁচা মাটিৰ বাটৰ পৰা শিলগুটি দিয়া ৰাস্তালৈ উঠো । ঠিক কিহৰ প্ৰয়োজনত এই এটা মাত্র …

অধিক চাওক

আঘোণৰ পথাৰত ( জ্যোৎস্না ৰাজখোৱা শৰ্মা )

আঘোণৰ পথাৰত ডাঙৰী বন্ধাৰ চলেৰে কিয় চাইছিলি চকুলৈ ? হাতখন কাঁচিয়ে কাটিলে ! ৰবাব টঙাৰ সোৱাদ জিভাত লাগোতেই বেলিটো পাহাৰত লুকালে !! লেচেৰি বোটলাৰ লগ আছিলি তই ডাৱৰত ছবি অঁকাৰো লগ আঘোণৰ পথাৰতেই কথা দিছিলি নৈৰ ঘাটলৈ নিম বুলি । তই কথা দিও কথা নেৰাখ আঘোনটো আহিয়েই থাকে তইহে ভুমুকি …

অধিক চাওক

কবিতা ( ঋতুৰঞ্জন গগৈ )

আমি গৈ আছিলো বহল শস‍্যভূমিৰ ওপৰেৰে; আমাৰ সমুখত এটা ৰাতিৰ পয়োভৰ, জোনাকীবোৰ উৰি আহিছিল আমাৰ সৈতে, আমাৰ দুচকুৰ পৰা সৰি পৰিছিল অজস্ৰ তৰাৰ ধূলিয়াৰি পোহৰ। স্মৃতি কিম্বা অতীত, যেন আইনাত জিলিকা এটা নীৰৱ সন্ধ‍্যা; লাহে লাহে জ্বলি উঠা শৰতৰ চাকিত দেখা বহুতো অস্পষ্ট মুখ… আমাৰ বহু কথাই মনত পৰিছিল, ছাঁয়াঘন …

অধিক চাওক

দেওপাহাৰ ( অমৰ শৰ্মা )

সিঁচৰতি বৰ্ণিল ইতিহাসৰ প্ৰস্তৰ পৃষ্ঠা শিপা গজা শিলৰ বিস্তীৰ্ণ প্ৰান্তৰ তুমি দেওপাহাৰ মূক বধিৰ উপত্যকা কালিয়নীত পোত গ’ল প্ৰেমিক জৰাসন্ধৰ সোণৰ নাও তীখাৰ শিকলিয়ে ঝন ঝনায় শুকান পাতত কাৰ খোজ সচকিত হৈ উঠে ছিন্ন মস্তক সৈনিক, আৰু সূৰ্য মন্দিৰৰ ৰুদ্ধদ্বাৰ দেওপাহাৰৰ চূড়াত নূপুৰ বাজে ৰজনীগন্ধাৰ সুৱাস সানি কোন প্ৰণয়িনীৰ শৃংগাৰ …

অধিক চাওক

মাছ নহয়, মই এটা চৰাই ( ভাৰ্গৱ জ্যোতি বৰা )

হঠাৎ পোহৰবোৰ আন্ধাৰ হৈ গ’ল চাৰিফালৰ চাৰিখন দুৱাৰ তক্তাৰে গঁজাল মাৰি দিয়া হ’ল . মই এটি মাছ নহয় মই এটা চৰাই . চহৰখন গৈ গৈ য’ত শেষ হৈছিল তাতে আকাশখনো শেষ হৈছিল আৰু তেতিয়া আমি কাৰ্ফিউ লগা চহৰৰ দুৰ্গন্ধময় গলিবোৰত ঘূৰি ফুৰিছিলো . আৰু বেয়’নেটৰ খোঁছ খাই মই এটা মাছ …

অধিক চাওক

সেই এৰাতি লামপুই বুঢ়ী আৰু এটা গাহৰি পোৱালি ( বিপাশা বৰা )

লামপুই বুঢ়ীয়ে কঢ়িয়াই অনা টোপোলাবোৰ উলিয়াই মাটিত থ’লে৷ সেই টোপোলাবোৰৰ পৰা জাপ মাৰি ওলাল কিছুমান সেউজীয়া বেং, কিছুমান শামুক আৰু কেকোঁৰা, কিছুমান মোক খা –মোক খা বেতগাঁজ, কল-পছলা আৰু ঢেঁকীয়া দুমুঠিমান ৷ কোৱাইৰ পিকে চেকা লগোৱা কাপোৰ আৰু মুখত অজস্ৰ ভাঁজৰ বুঢ়ীজনীয়ে তেওঁৰ পোহাৰখন বহলকৈ মেলি দি ফেৰফেৰীয়া বতাহত কুঁচি-মুচি …

অধিক চাওক

ছৈ দিয়া শব্দ ( ছবি গগৈ)

নঙলা খোলাৰ মাত এটাই বাৰে বাৰে বাধা দি আছে অহ ! এতিয়াহে বুজিছোঁ গুচি যোৱা ঋতুবোৰ কিয় কেনেকৈ পুনৰ উভতি আহে ঘাটটো এৰি নৈখন গৈ আছে উৰুলি এটা বাজি আছে হালধীয়া জোনৰ আগে পাছে।

অধিক চাওক