চ’ৰাঘৰ / কথাশিল্প (পৃষ্ঠা 20)

কথাশিল্প

অমৰ মৃত্যু ( ৰক্তিম শৰ্মা )

এসোঁতা তেজৰ নাম কেতিয়া নৈ হ’ব পাৰে ? কিদৰে বুকুবোৰ জ্বলি জ্বলি ছাঁই হয় ৰৈ ৰৈ শিল হয় প্ৰতিটো অপেক্ষাৰ ৰাতি ? কোনেও একো নুবুজিলে কাৰো অৱকাশ নাই শুনাৰ যদিও সহযোদ্ধাৰ তেজ লগা বাটেৰে অহৰহ অহা যোৱা প্ৰতিপল ৰাষ্ট্ৰৰ চৰ্দাৰী হেজাৰ অপমানৰ অন্তত আঁজুৰি লৈ যায় আইৰ সমস্ত ৷ কোনেনো …

অধিক চাওক

বিজুলী চাকিৰ সমদল ( নাজমা মুখাৰ্জী )

এই সময়খিনিয়েই সেইখিনি সময়৷ পোহৰ আৰু আন্ধাৰৰ সীমাৰখা৷ সূৰ্যটো নৈৰ বুকুত মাৰ যায়৷ পোহৰবোৰে উজ্জ্বলতা হেৰুৱাই ম্লান হৈ পৰে৷ নৈৰ পাৰত জুৰ বতাহ বলে৷ পাৰৰ পাৰ্কখনলৈ বিভিন্ন বয়সী মানুহৰ সমাগম হয়৷ ল’ৰা-ছোৱালীবোৰে খেলে৷ জঁপিয়ায়৷ পখিলাবোৰে উৰি ফুৰে৷ অনতি দূৰৈত তলৰ নৈখন শান্তভাৱে বৈ যায় তেতিয়া৷ যেন জীৱনৰ অপৰাহ্নৰ আচৰণ৷ পানীত …

অধিক চাওক

দুখ ( ধ্ৰুৱজ্যোতি দত্ত )

: এক্সকিউজ মি৷ : য়েছ৷ : আপোনাৰ কাষত বাৰু কোনোবা আছেনে ? : নাই বহক৷ আগন্তুক যাত্ৰীজনক মই কৈ উঠিলোঁ। যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী ট্ৰেভেলাৰখনে তেতিয়াও যাত্ৰা আৰম্ভ কৰা নাছিল৷ সময় তেতিয়া পুৱা ছয় বাজিছে৷ মই সোঁফালৰ খিৰিকীৰ কাষৰ ছীটটোত বহি বাহিৰলৈ চাই কিবা এক বজাৰ মিটিংখনৰ কথাই ভাবি আছোঁ …

অধিক চাওক

ভাল লগা অনুভৱ ( মাধুৰীমা ঘৰফলীয়া )

দৃশ্য পট- ১ সেইবাৰ দ্বিতীয়বাৰৰ কণমানিটোক লৈ অসমলৈ ওলাইছিলোঁ। এয়াৰ পৰ্টত বহি আছোঁ। বাহিৰলৈ ওলাই আহিলে সদায় থকাৰ দৰে কণমানিটো দেউতাকৰ কোলাত। মোৰ চিন্তা জাহাজ উৰি থকা সেই সময়কণ কেনেকৈ পাৰ হয় সেইটো ভাবি। কাৰণ ইয়াৰ আগতেও তাক লৈ যাওঁতে অলপ- চলপ বিহু দেখি গৈছিলোঁ। তাতে এতিয়া সি ডাঙৰ হ’ল। …

অধিক চাওক

আমাৰ অনুভৱত জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদ (হিমাক্ষী বৰা )

তৃতীয় নে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী হৈ থাকোতে গৰমৰ বন্ধত দেউতাই স্কুলৰ পুথিভঁৰালৰ পৰা  আনি দিছিল জ্যোতি প্ৰসাদৰ ৰচনাৱলী খন৷ পঢ়ি শেষ কৰিব নোৱাৰা, আকাৰত কিছু ডাঙৰ কিতাপখনৰ বাবে যেন উৎকন্ঠাৰ শেষ নাছিল। তাৰ পাছত দেউতাই বহুত বাৰ আনিছিল সেই কিতাপখন ঘৰলৈ। চাইকেলত ওলোমাই থোৱা বেগটো কিছু উফন্দি থাকিলেই বুজিছিলো, দাদা …

অধিক চাওক

বতাহী ঘৰ ( চিম্পী শইকীয়া )

পিছলৈ গৈ আছে দুয়োকাষৰ গছবোৰ, ঘৰবোৰ, আকাশৰ ক’লা কজলা ডাৱৰবোৰ৷ কিনকিন বৰষুণে বাছৰ খিৰিকীৰ কাঁচখন তিয়াইছে৷ তাৰ মাজেৰে দূৰলৈ চাই গৈ আছে দৰদী৷ মাজে মাজে পথাৰ, মাজে মাজে ঘৰ, সৰু-ডাঙৰ চহৰ, ওখ-চাপৰ গছ, মাজে মাজে একোটা আকাশচুম্বী টাৱাৰ৷ ঋতু টোপনি গ’ল৷ কোমল মুখখনত মিহি চুলিকোচা পৰি আমনি কৰিছে৷ চুলিখিনি ঠিক …

অধিক চাওক

মহাপ্ৰস্থান ( অভিজিৎ কলিতা )

মহাভাৰত মোৰ সকলোতকৈ প্ৰিয় মহাকাব্য। ইয়াৰ কাহিনী যিমান শক্তিশালী, সিমানেই (যদি তাতকৈ বেছি নহয়) শক্তিশালী চৰিত্ৰ নিৰ্মাণ আৰু চয়ন। মহাভাৰতত সকলো চৰিত্ৰকে যথোপযুক্ত গুৰুত্ব দিয়া হৈছে, সৰু চৰিত্ৰ এটাকো প্ৰয়োজনীয় সন্মান আৰু সময় দিয়াত কৃপণালি কৰা নাই৷ প্ৰত্যেকটো সৰু সৰু কাহিনী বা চৰিত্ৰৰেই ভাল বেয়া দুইটা দিশ সফলতাৰে দেখুৱা হৈছে, …

অধিক চাওক

নীলা বতাহ ( ড° ছবি গগৈ )

ডিঙিলৈকে ওলাই আহিও থমকি ৰয় শব্দবোৰ বতাহৰ স্পৰ্শ লাগিলেই সিহঁত নীলা হৈ পৰে বতাহজাক বৰ বিষাক্ত …. অথচ যুগ যুগ ধৰি সিহঁত অপেক্ষাৰত প্ৰতিযোৰ ওঁঠৰ স্পৰ্শত জী উঠাৰ অভিলাস লৈ কিমান অভিনয় কৰিব ছদ্মবেশ ধৰি আটাইতকৈ জটিল আৰু যন্ত্ৰণাৰ এই শব্দৰ বন্দিত্ব উচ্চাৰিত শব্দতকৈ অনুচ্চাৰিত ব্যঞ্জনাৰ ভিৰত কেতিয়াবা ব্যৰ্থ হয় …

অধিক চাওক