চ’ৰাঘৰ / কথাশিল্প (পৃষ্ঠা 2)

কথাশিল্প

বৈধব্য৷৷ দীপামণি হাজৰিকা বৰুৱা৷৷

কপালৰ ৰঙা বেলি নদীত ডুব যোৱাৰ পৰত খৰখেদাকৈ জোনটোৱে আকাশক পিন্ধাই দিয়ে শুভ্ৰ তৰাৰ পোছাক আকাশখন হৈ পৰে নিস্প্ৰভ উদাস দুচকুৰে নদীলৈ চাই থাকি বুকুত আঁকে মাথো অপ্ৰাপ্তি আৰু অসহায়তাৰ কৰুণ ক’লাজ ।

অধিক চাওক

এসাঁজ৷৷ বি জে ৰঞ্জন৷৷

— “কি চাইছা? বৰ দুষ্ট হৈছা অ’ তুমি। চাওঁ ইপিনে আহানা। সৌ বাহিৰৰ পৰা দেখা পাই যে গম পাইছা? চুলিত ৰং লগাইছিলো, চোৱাচোন ভালকৈ লাগিছেনে।” প্লাৱন যেন সপোন ৰাজ্যলৈ উৰি গ’ল। নিশা বাইদেউ। তাৰ অতি মৰমৰ বাইদেউ। স্নান কৰি ওলাই অহা নিশাৰ মুখখন তেজাল হৈ পৰিছে। চুলিৰ ৰং চাবলৈ ওচৰ …

অধিক চাওক

সৰাপাতৰ সপোন৷৷ জোস্মি গগৈ৷৷

পৃথিৱীখন সেউজীয়া হৈ থাকোতেই ভাবিছিলো নিজকে ফুল-ফলেৰে সুন্দৰ ৰূপত সজাম; কিন্তু ভংগুৰ আশাবোৰ ব’ঠা নোহোৱা কাগজৰ নাৱৰ দৰেই ক’ৰবাত দিকভ্ৰান্ত হৈ ৰ’ল! দুখৰ শিলাখণ্ডক কাটি-কুটি নতুন ৰূপত গঢ়াৰ কথা ভাবো, দুপাখি মেলি উৰি যাম বহু দূৰণিলৈ চকুৱে ঢুকি নোপোৱা দূৰত্বলৈ… কিন্তু বাৰে বাৰে ভাগে সপোনৰ কাৰেং অংগীকাৰৰ তূণত নাথাকে অস্ত্ৰ… ৰণক্লান্ত …

অধিক চাওক

ল’ৰালি ৷৷ বিদিশা দুৱৰা৷৷

ক’ত হেৰাই গ’ল সেই সময় কিমান সুন্দৰ আছিল আমাৰ পুৱা-আবেলি সমনীয়াৰ স’তে খেলিছিলো টাংগুটি, হেতালি, ৰজা-ৰাণী, লুকা-ভাকু, পানী-পাৰ আৰু কত কি !! সচাঁই, মায়া সনা বোজাহীন আছিল সেই দিন নাছিল ৰুদ্ধশ্বাস দৌৰ নাছিল কৃত্ৰিমতা৷ এতিয়া কেৱল দৌৰিছো দৌৰি দৌৰি হেৰুৱাই পেলাইছোঁ নিজক দৌৰি দৌৰি হেৰুৱাইছো জীৱনৰ মাদকতা৷ কেতিয়াবা হঠাতে থমকি ৰওঁ …

অধিক চাওক

গধূলি৷৷ মন্দিৰা গগৈ৷৷

আৰু এইখিনিৰ পৰাই মোৰ কান্ধত হাত এখন থৈ খোজ দিলে গধূলিটোৱে # পূৰ্বতে গধূলি আছিল মোৰ বাবে দুৰ্ভাগ্যজনক আৰু চাটুকাৰী আচৰিত ! এই গধূলিক মোৰ বিশ্বাস কৰিবৰ ইচ্ছা হ’ল আৰু মই গৈ থাকিলোঁ গধূলিটোৰ সহাৱস্থানত # মোৰ অজ্ঞাতেই গধূলিটোৱে মোৰ বুকুৰ বেৰখন বিন্ধি পেলালে এনে লাগিল , গধূলিটো অনুভূতিপ্ৰৱণ সেয়ে …

অধিক চাওক

ওলাবা এদিন৷৷ শোভেন হাজৰিকা

ওলাবা এদিন ব্যস্ততাৰ এই বিৰাট বেহু ভাঙি নিজক বিচাৰি যাম নিজক পাম বা নাপাম কাৰোবাকতো পাম। অতদিন যি বিচাৰি ফুৰিছিল আমাক নিজক চিনিম বা নিচিনিম কাৰোবাকতো চিনিম। অতদিন অচিন হৈ আছিল যি ওলাবা এদিন কোলাহল আৰু অস্থিৰতা ভেদি নিৰ্জনতাক বিচাৰি যাম নিৰ্জনতাক পাম বা নাপাম অৱগাহন কৰিম নিৰ্জনতাৰেই শিল ভাঙি …

অধিক চাওক

উত্তৰবিহীন৷৷ চন্দামিতা দেবী৷৷

: ঐ, আমাৰ নামটা পায়েল হ’লে কি ৰকম লাগত? খুউব ভালো লাগত না? আলতা ভৰা পায়ে পায়েল পৰে ৰূণ-ঝুণ কৰে নাচতাম আৰ খিলখিল কৰে হাসতাম। আহ! কি যে ভালো লাগত! : আকৌ বাংলা চিনেমা চাইছা না? কিয় যে তোমাৰ ইমান বাংলা প্ৰীতি বুজিয়েই নাপাওঁ। কিয় ইমান বাংলা চিনেমা চোৱা? মই …

অধিক চাওক

আলান্ধু ৷৷ সত্যেন্দ্ৰ বৰদলৈ৷৷

দোক্‌মোকালিতে সিহঁতক মাতিছিলোঁ পুৱাৰ সূৰুয চাবলৈ সিহঁতে দুৱাৰবোৰ জপাই থ’লে আন্ধাৰে গচকি ধৰা সিহঁতৰ স্বৰবোৰ জুহালৰ ওপৰত ওলমি থাকিল অনন্ত কাললৈ সিহঁতৰ প্ৰত্যেকৰে বাবে সাঁচি ৰাখিছিলোঁ প্ৰাচুৰ্যৰ একোখন ৰঙীন আকাশ সিহঁতৰ ঈৰ্ষাৰ জুইত ৰংবোৰ ম্লান হ’ল ধোঁৱাই আগচি ধৰা মোৰ সমুখত সেয়ে শুনো সিহঁতৰ অবিৰাম কিৰীলি বৰ সংগোপনে ৰচা প্ৰতিটো …

অধিক চাওক