চ’ৰাঘৰ / কথাশিল্প (পৃষ্ঠা 10)

কথাশিল্প

তোমাক এবাৰ লগ পাম৷৷ সত্যেন্দ্ৰ বৰদলৈ৷৷

মই তোমাক এবাৰ লগ পাম মহাজাগতিক গছ এজোপাৰ তলত গাণিতিক তত্ত্ব আৰু ব্ৰহ্মাণ্ডৰ প্ৰয়োগশালাত ক্ষন্তেক জিৰণি ল’ম আৰু বিনিময় কৰিম পাৰ্থিৱ অনুভৱ তুমি খুলি যাবাঁ ৰহস্যৰ প্ৰতিখন বন্ধ দুৱাৰ কাণ পাতি শুনিবা তুমি প্ৰতিটো কৃষ্ণগহ্বৰৰ উচুপনি নহ’লে বিকিৰণ মাথো দুটিমান আলোকবৰ্ষ পাৰ হৈ তোমাক আকৌ এবাৰ লগ পাম মহাজাগতিক কোনো …

অধিক চাওক

লিংগ অধ্যয়নৰ আলোকত অসমীয়া সাধুকথা৷৷ মৃদুল মৰাণ৷৷

(লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘মেকুৰীৰ জীয়েকৰ সাধু’ আৰু ‘চিলনীৰ জীয়েকৰ সাধু’ শীৰ্ষক সাধু দুটাৰ বিশেষ উল্লেখেৰে) অৱতৰণিকাঃ লোকসংস্কৃতি অধ্যয়নৰ মানকসমূহৰ ভিতৰত লিংগ অন্যতম। সাম্প্ৰতিক সময়ত লোকসংস্কৃতিৰ অধ্যয়নত লিংগ অধ্যয়নৰ নানা দিশৰ প্ৰয়োগ আৰম্ভ হৈছে আৰু ই লোকসংস্কৃতিৰ অধ্যয়নক এক নতুন মাত্ৰা প্ৰদান কৰিছে। লোকসংস্কৃতিৰ লিংগ অধ্যয়নে সামৰি লোৱা …

অধিক চাওক

বমি ৷৷ টুনুজ্যোতি গগৈ৷৷

: ওৱাক… ওৱাক…ওৱাক৷ – মহীকান্তৰ ঘৰৰ পদূলিমুখত ৰৈ, নঙলা খুঁটা এটাত ধৰি লৈ জীৱেশ্বৰে বঁতিয়াইছিল৷ মদৰ নিচাত অপ্ৰকৃতিস্থ হৈ পৰা জীৱেশ্বৰৰ কাণ্ড-কাৰখানা ঘৰৰ পিৰালিৰ পৰা প্ৰত্যক্ষ কৰি মহীকান্তৰ ঘৈণীয়েক মালতীৰ মুখখন প্ৰচণ্ড খঙত ৰঙা পৰিছিল, মুহূৰ্তৰ ভিতৰত তাইৰ দুচকু যেন ভমভমাই জ্বলিহে উঠিব৷ প্ৰায় তিনিমিনিট সময় বমি কৰি জীৱেশ্বৰে দোৰোল …

অধিক চাওক

কমিউনিষ্ট ফুলবোৰ৷৷ কিশোৰ কুমাৰ দাস ৷৷

ৰঙা ফুলবোৰ পূজাত নালাগে খঙাল কাঁইটে বিন্ধিব পাৰে হঠাতে বৰষুণ অবিহনেই ফুলবোৰ ফুলি থাকে বৈ থাকে সাগৰৰ ঘাম ধূলিৰ লগত যৌৱনৰ যুঁজ শীতত অভ্যস্ত পথাৰৰ তেজ ফাগুন যোৱাৰ পৰত যেতিয়া শাৰী পাতি ফুলবোৰে চহৰত পূজা পাতিবলৈ আহে কমিউনিষ্ট ফুলবোৰক ফুল বেপাৰীবোৰেই ভয় কৰে।।

অধিক চাওক

লেনিনক বগৰাই দিলো৷৷ শান্তনু শৰ্মা৷৷

এইবাৰ লেনিনক বগৰাই দিলো, ভাৰত মাতা কী জয় এইবাৰ মাওৰ ৰেড বুক পুৰি পেলালো, ভাৰত মাতা কী জয় ঘোষণা কৰিলো মাৰ্ক্সৰ মৃত্যু, দলিয়াই পেলালো হাভানা চিগাৰ জুই দিলো ফিডেলৰ দাড়িত, চে-গুৱেভাৰাৰ টুপীত আগবাঢ়ি গ’লো আৰু ক’লো লেনিন মৰিছিল চিফিলিচত মাও আছিল যৌনাচাৰী… ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয় …

অধিক চাওক

বেজবৰুৱাৰ সাধুকথাত নাৰী চৰিত্ৰ৷৷ সীমা ভূঞা৷৷

সাধাৰণতে সাধুকথা বুলিলে কেৱল শিশুৰ উপযোগী ৰচনাকে বুজা যায়৷ পুৰণি কালৰপৰা প্ৰচলিত হৈ থকা সাধুকথাবোৰত একোটা জাতিৰ আচাৰ-আচৰণ, ধ্যান-ধাৰণা, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ প্ৰতিফলন দেখা যায়৷ অৰ্থাৎ, একোটা জাতিৰ জাতীয় জীৱনৰ সামগ্ৰিক স্বৰূপ সাধুকথাত নিহিত হৈ থাকিব পাৰে৷ সেয়ে, অসমীয়া জনসমাজত প্ৰচলিত সাধুকথাবোৰতো স্বাভাৱিকতে অসমীয়া সমাজৰ বিভিন্ন দিশ সম্পৃক্ত হৈ আছে৷ …

অধিক চাওক

সুনীল গংগোপাধ্যায়ৰ নীৰাৰ প্ৰসংগৰে ৷৷ টুনুজ্যোতি গগৈ ৷৷

স্বাতী গংগোপাধ্যায় নীৰা নাছিল : যি নীৰাৰ অসুখ হ’লে সমগ্ৰ কলকাতা চহৰেই অসুখী হৈ পৰে, যি নীৰাৰ নিস্পাপ আনন স্পৰ্শ কৰা কবিৰ হাতে কোনো অপকৰ্ম কৰিব নোৱাৰে…৷ ‘বিমূঢ় যুগেৰ বিভ্ৰান্ত কবি’ জীৱনানন্দৰ বনলতা সেনৰ পাছত সুনীল গংগোপাধ্যায়ৰ নীৰাই কেৱল বাংলা সাহিত্য ৰসিকৰে নহয়, বিশ্বৰ ভিন্ন প্ৰান্তৰ অন্যান্য সাহিত্য ৰসিকৰো মন-হৃদয় …

অধিক চাওক

ৰঙা সাগৰ৷৷ উত্তম বৰুৱা৷৷

চেলকনা মাছৰ বুৰবুৰণি দেখিছা? অস্তিত্ব জাহিৰ কৰাৰ মৰসাহ, নে দুৰ্ভেদ্য পিঞ্জৰা ভাঙি এসাগৰ পৃথিৱী নিজৰ কৰাৰ বৰ্ষাপিপাসী সপোন! নাদৰ ভেকুলীৰ বুকুতো এখন সাগৰ আছে। লুণীয়া পানীৰে মণ্ডিত নহয় সেই সাগৰ! সেই সাগৰ সুৰক্ষিত আৱেষ্টনীৰ, সৰু অথচ স্বাধীন, প্ৰশান্ত, আটলাণ্টিক, ভাৰতৰ পৰিধিবিহীন আলি-পদূলিহীন এক বিশাল পথাৰ। এখনি ৰঙা সাগৰ সেয়া, সৰু …

অধিক চাওক