অনুভৱ

বকুল তলৰ কথকতা৷৷ টুনুজ্যোতি গগৈ৷৷

[এক] ক্ৰমশঃ বয়স বাঢ়ি অহা কবিক এদিন কোনো এজন বিশেষ ব্যক্তিয়ে সুধিলে– হেৰা কবি, সন্ধিয়া হৈ আহিল–তোমাৰ চুলিত ৰূপালী ৰং লাগিছে – আকাশৰ ফালে মুখ কৰি তুমি পৰকালৰ আহ্বান শুনি বহি আছা নেকি বাৰু? কবিয়ে উত্তৰ দিছেঃ সন্ধিয়া হ’ল ঠিকেই– শ্ৰান্ত দেহ লৈ শুনিব লাগিছো– আজিও সিপাৰৰ কোনো গাঁৱৰ পৰা …

অধিক চাওক

বৰষুণৰ অন্য গদ্য, অন্য পদ্য৷৷ টুনুজ্যোতি গগৈ৷৷

ৰ’দৰ কোঁৱৰে বিয়লি বেলা তেওঁৰ কোঠাৰ ৰুদ্ধ বাতায়ন খুলি দিয়াৰ লগে লগে দেখিলে, ঘৰৰ সন্মুখৰ ফেটীগোমৰ ছালৰ দৰে মসৃণ পকীপথটোৰে আৰু অনন্ত ৰঙা হৈ পৰা দুজোপা কৃষ্ণচূড়াৰ তলেৰে লয়লাস খোজেৰে পাৰ হৈ গৈছে এগৰাকী গৌৰবৰ্ণী দীৰ্ঘাংগী, আহোঁ নাহোঁকৈ নামি অহা ‘সপোন যেন বৰষুণ’জাকে তিয়াই পেলাইছে ছত্ৰবিহীনাৰ দেহ বল্লৰী, নিতম্বলৈকে বৈ …

অধিক চাওক

কেনেকৈ পাহৰিম কাৰ্বি আংলঙৰ খেৰণীক ? ৷৷ মীনাক্ষী বৰুৱা৷৷

১৯৯৮ চনৰপৰা ২০০০ চনলৈকে প্ৰায় আঢ়ৈ বছৰ কাল মই কাৰ্বি-আংলং জিলাৰ খেৰণীত আছিলোঁ। নগাঁও জিলাৰ লংকাৰ পৰা কাৰ্বি আংলং জিলাৰ এই সৰু ঠাইখনলৈ দূৰত্ব প্ৰায় ১৬ কিলোমিটাৰ। কিন্তু বাট-পথৰ শোচনীয় অৱস্থাৰ বাবে তেতিয়াৰ ৪০৭ গাড়ীবোৰত সময় লৈছিল প্ৰায় এঘণ্টা। লংকাৰপৰা খেৰণীলৈ গাড়ী নিৰ্দিষ্ট সময়ৰ মূৰে মূৰেহে চলিছিল। ভীষণ ভীৰ। কোনোবা …

অধিক চাওক

হেমাংগ অথবা অন্যান্য৷৷ নিজৰা ৰাজকুমাৰী৷৷

১১জানুৱাৰী, ২০১৮-ৰ সন্ধ্যা। কাৰোবাৰ বাবে হয়তো এটা গতানুগতিক সন্ধ্যা, কাৰোবাৰ বাবে উলাহৰ, হয়তো দুখ অথবা সৃষ্টিৰ। অাৰু মোৰ বাবে? চৈধ্যমহীয়া সন্তানৰ অচেতন ,নীলাপৰা কনমাণি শৰীৰটো বুকুত সাৱটি চিকিৎসালয়মুখী বাটত থমকি থমকি ৰোৱা সন্ধ্যাটো এজনী মাকৰ বাবে কেনে হ’ব পাৰেনো !! ভাবিছিলো অাজি মোৰ সকলো শেষ হৈ গ’ল ।প্ৰাৰ্থনা নে তেজ …

অধিক চাওক

ফুলি থাকক ব’হাগৰ ফুল৷৷ টুনুজ্যোতি গগৈ৷৷

কবি নৱকান্ত বৰুৱাই ‘পৃথিৱীৰ প্ৰথম যৌৱন’ নেদেখাৰ বাবে আক্ষেপ কৰিছিল৷ কবিৰ দৰে আমাৰো কেতিয়াবা ব’হাগৰ নিভাঁজ ৰূপটো নেদেখাৰ বাবে আক্ষেপ হয়৷ বিহুনামবোৰত শুনিবলৈ-পঢ়িবলৈ পোৱা কুমাৰী প্ৰকৃতি অথবা লোকজীৱনৰ সেই মনোৰম দৃশ্যবোৰ – ‘চটাই পৰেবতৰ টিং’ বগাই বগাই চেনেহীলৈ কপৌফুল বিচাৰি অনা, যুৰীয়া হাতীকো বলাব পৰা পাহোৱাল ডেকাটি; গচকত যঁতৰ ভাঙি …

অধিক চাওক

সুনীল গংগোপাধ্যায়ৰ নীৰাৰ প্ৰসংগৰে ৷৷ টুনুজ্যোতি গগৈ ৷৷

স্বাতী গংগোপাধ্যায় নীৰা নাছিল : যি নীৰাৰ অসুখ হ’লে সমগ্ৰ কলকাতা চহৰেই অসুখী হৈ পৰে, যি নীৰাৰ নিস্পাপ আনন স্পৰ্শ কৰা কবিৰ হাতে কোনো অপকৰ্ম কৰিব নোৱাৰে…৷ ‘বিমূঢ় যুগেৰ বিভ্ৰান্ত কবি’ জীৱনানন্দৰ বনলতা সেনৰ পাছত সুনীল গংগোপাধ্যায়ৰ নীৰাই কেৱল বাংলা সাহিত্য ৰসিকৰে নহয়, বিশ্বৰ ভিন্ন প্ৰান্তৰ অন্যান্য সাহিত্য ৰসিকৰো মন-হৃদয় …

অধিক চাওক

মোৰ ভাবৰ বুৰবুৰণি ৷৷ ডঃ গণেশ শৰ্মা ঠাকুৰ৷৷

অভিজ্ঞতা চিৰ প্ৰবাহিত নদীৰ দৰে৷ আমৃত্যু মানুহৰ অভিজ্ঞতা থাকে অবিৰাম গতিত৷ অৱশ্যে, সকলোৰে ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়, অভিজ্ঞতা আহৰণৰ ক্ষমতা হ্ৰাস হ’লে বা লীন হ’লে জীৱিত অৱস্থাতো অভিজ্ঞতাৰ হীনদেঢ়ি হয়৷ শয্যাশায়ী অথৰ্ব এজনৰো অভিজ্ঞতা হয়, হয়তো সেয়া অপ্ৰকাশিত বা অব্যক্ত হৈয়েই ৰয়৷ মেলে-মিটিঙে, কথাই-বতৰাই, কৰ্ম জীৱনত, যাত্ৰাপথত মন কৰিছোঁ যে …

অধিক চাওক

এজন নীৰৱ কাব্য সাধক প্ৰদীপ শইকীয়া ৷৷ নীলাভ সৌৰভ৷৷

ভোগবাদত আক্রান্ত আজিৰ সমাজ জীৱনত পৃথিৱীৰ প্রাচীনতম কলা হিচাপে স্বীকৃত কবিতাও যেন পণ্য হৈ পৰিছে৷ এনে প্ৰসংগক লৈয়ে কথাবতৰা হৈছিলোঁ নগাঁও জিলাৰ ৰণথলী গাঁৱত জন্মগ্রহণ কৰা এজন প্রচাৰ বিমুখ কবি প্রদীপ শইকীয়া(১৯৬১)ৰ সৈতে। তেখেতে কবিতাৰ পৃথিৱীত খোজ দিয়াৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰি কৈছিল—‘কবিতাৰ প্রতি মোৰ তেনে কোনো আকৰ্ষণ নাছিল। কলেজীয়া …

অধিক চাওক