চ’ৰাঘৰ / কথাশিল্প

কথাশিল্প

কোকিলৰ কবিতা৷৷ জুৰি বৰুৱা৷৷

কোকিল শইকীয়াৰ মনলৈ ‘শুই থকা চহৰখনক জগাই দিয়াৰ কথা’ আহোঁতে, দিনবোৰৰ কুশল বাৰ্তাৰ ভুৱা বিজ্ঞাপন ছপাই থকা ৰাজনীতিৰ অন্তৰ্দ্বন্দ্বত আমিও ভুগি আছিলোঁ। আত্মজাহৰ প্ৰতি আমাৰ বিৰাগ, বাস্তৱলৈ পিঠি নিদি ‘ৰঙা’ মেঘৰ সৈতে আমাৰ যুক্তি-তৰ্ক-বিতৰ্ক-প্ৰতিবাদ এইবোৰত কেৱল ৰোমান্টিকতাই নাছিল। আছিল এক স্থিতিও— সমাজ নামৰ স্থিতি। কোকিলৰ কবিতাই কোৱাৰ দৰে আমিও ক’ব …

অধিক চাওক

কথকতা৷৷ ইন্দিৰা গোস্বামী৷৷

শেষনিশাৰ কথকতা কৃষ্ণপক্ষৰ শেষনিশা তৰাবোৰে আকাশত পোহৰৰ পোহাৰ মেলে ৷ নাৰিকল পাতত উলমি ৰোৱা নিয়ৰৰ টোপালবোৰে চোতালত আল্পনা আঁকে৷ উদং বুকুৰ উমত সাধুবোৰে বিৰবিৰাই স্বপ্ন নে দিঠক ঠাৱৰ কৰাৰ পৰা বিৰত থাকে সময়৷ পুৱতি নিশাৰ কথকতা বাঁহৰ দৰ্জাখন খুলি চাঙঘৰৰ বাৰাণ্ডাত সাধুবোৰে পায়চাৰি কৰে৷ লাহে লাহে কুঁৱলীৰ অস্পষ্ট আৱৰণখন ফালি …

অধিক চাওক

বিদ্ৰোহী৷৷ ৰুদ্ৰ সিংহ মটক।৷

এখন জনসভাত ভাষণ দি আছিল মানুহজনে বিষয় — সৰ্বহাৰা বনাম পুঁজিবাদৰ অৱক্ষয় দহদিন পিছত তেওঁক কলীয়াপানীত এৰি অহা হ’ব দহবছৰৰ বাবে ছেন্টহেলেনা নহয়, কুখ্যাত তিহাৰ জেললে’ সভাথলীত বেছ কিছু জনতাৰ সমাগম হৈছিল চেঁপা উত্তেজনা এটাই হঠাতে অহা ঘূৰ্ণি এটাৰ দৰে জোঁকাৰি আছিল কিছুমান মানুহৰ মুখৰ ওলোমা ছাঁবোৰ কি ক’ব বা …

অধিক চাওক

ফুলৰ আত্ম-কথন৷৷ অনুপমা দত্ত শইকীয়া৷৷

মোৰ ফালে তুমি চোৱাঁ বা নোচোৱাঁ মোৰ ঘ্ৰাণ তুমি লোৱাঁ বা নোলোৱাঁ মোৰ একো নাহে নাযায়… মই মাথোঁ জানো , ফুল যিহেতু মোৰ নাম ফুলি মৰহি শুকাই সৰিও ন-কৈ হাঁহি মাৰি ফুলি উঠাই মোৰ কাম …

অধিক চাওক

দীঘলী পুখুৰীত যযাতিৰ জিন৷৷ টুনুজ্যোতি গগৈ৷৷

সৌৱা বেলিয়ে লাহ দিওঁ-নিদিওঁ কৰা পৰতেই সখীয়েকহঁতৰ লগত স্নান কৰিবলৈ বুলি ৰাজপ্ৰসাদৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈ ওলাই আহিছে কামৰূপ নৃপতি ভগদত্ত তনয়া অষ্টাদশী ভানুমতী, তাইৰ ছন্দময় খোজৰ তালে তালে ঢৌৱাইছে নিতম্ব চুমা আৰু কাজল ক’লা খোলা চুলি, ৰূপহী গাভৰুজাকৰ প্ৰাণখোলা হাঁহিৰ শব্দত উচপ খাই উৰি গৈছে পথৰ কাষৰ প্ৰহৰীসদৃশ বিৰিখত পৰি …

অধিক চাওক

ঐক্যতান৷৷ মমিন বৰা৷৷

তেজবোৰ গোট মাৰিলে উশাহত সাৰ পায় জিকা ফুলা সন্ধিয়া পাহাৰ বগাই শিৰে শিৰে উঠি আহে সেন্দূৰীয়া জোন জোনৰ বিয়লিত মোলান পৰে যত এঙেৰুৱা সপোন সাৰ পাই সৰে পথৰুৱা চকুলো ৰাজভঁৰালে পুৰাব এদিন পেটৰ প্ৰজন্ম মাথোঁ এক মৌ সৰা সপোন পোৰা পেট পাৰ হৈ দেশ পাব পৰাকৈ মহান হ’ব নোৱাৰিলোঁ স্বাধীন …

অধিক চাওক

বৈধব্য৷৷ দীপামণি হাজৰিকা বৰুৱা৷৷

কপালৰ ৰঙা বেলি নদীত ডুব যোৱাৰ পৰত খৰখেদাকৈ জোনটোৱে আকাশক পিন্ধাই দিয়ে শুভ্ৰ তৰাৰ পোছাক আকাশখন হৈ পৰে নিস্প্ৰভ উদাস দুচকুৰে নদীলৈ চাই থাকি বুকুত আঁকে মাথো অপ্ৰাপ্তি আৰু অসহায়তাৰ কৰুণ ক’লাজ ।

অধিক চাওক

এসাঁজ৷৷ বি জে ৰঞ্জন৷৷

— “কি চাইছা? বৰ দুষ্ট হৈছা অ’ তুমি। চাওঁ ইপিনে আহানা। সৌ বাহিৰৰ পৰা দেখা পাই যে গম পাইছা? চুলিত ৰং লগাইছিলো, চোৱাচোন ভালকৈ লাগিছেনে।” প্লাৱন যেন সপোন ৰাজ্যলৈ উৰি গ’ল। নিশা বাইদেউ। তাৰ অতি মৰমৰ বাইদেউ। স্নান কৰি ওলাই অহা নিশাৰ মুখখন তেজাল হৈ পৰিছে। চুলিৰ ৰং চাবলৈ ওচৰ …

অধিক চাওক