মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / বিষ্ণু প্ৰসাদ ৰাভা বিশেষ সংখ্যা

বিষ্ণু প্ৰসাদ ৰাভা বিশেষ সংখ্যা

বিষ্ণুপ্ৰসাদ ৰাভা (হোমেন বৰগোহাঞি)

বিষ্ণু ৰাভাক মই জীৱনত মাত্র দুবাৰ লগ পাইছিলো। ১৯৬১ চনত তেওঁ এটা ভ্ৰাম্যমাণ থিয়েটাৰ পাটি লৈ গোৱালপাৰালৈ গৈছিল আৰু অলপ সময়ৰ কাৰণে মোৰ ঘৰলৈ আহিছিল। ১৯৬৫ চনত তেওঁ সেই একেটা পার্টিকে লৈ উত্তৰ লক্ষীমপুৰলৈ গৈছিল, আৰু তেতিয়াও খন্তেক সময়ৰ কাৰণে মোৰ ঘৰত সোমাইছিল। বিখ্যাত লোকৰ লগত হোৱা ব্যক্তিগত সাক্ষাৎ নানা …

অধিক চাওক

ৰূপান্তৰৰ শিল্পীঃ ফেৰেংগাদাও আবৌ (প্ৰাণজ্যোতি নাথ)–অতিথি সম্পাদকৰ কলম

সুৰৰে দেউলৰে ৰূপৰে পূজাৰী ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী পূজাৰী অ’ সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী অ’…… সুৰৰ সোপানেৰে সুন্দৰৰ সোণোৱালী দুৱাৰ খোলাত ব্ৰতী, চিৰসুন্দৰৰ উপাসক জনেই আছিল ইষ্টাৰ্ণ ৰাইফলচৰ চুবেদাৰ মেজৰ গোপাল ৰাভাৰ যোগ্য পুত্ৰ বিষ্ণু প্ৰসাদ ৰাভা– দীন-হীন কৃষকৰ হিয়াৰ আমঠু ‘ফেৰেংগাদাও আবৌ’। গণশিল্পী হেমাংগ বিশ্বাসৰ ভাষাত, …

অধিক চাওক

ৰাভাৰ কবি-মানস ( নলিনীধৰ ভট্টাচাৰ্য )

বিষ্ণু ৰাভাৰ আত্মাই যেন আমাক সকীয়াই আছেঃ মই পোহৰ, মোৰ বুকুত তোমালোকে ছুৰী বহুৱাব নোৱাৰা। এই কথা মিছা নহয়। আমাৰ অজলা ৰাইজে বৰ আশাৰে স্বাধীনতাক আদৰিছিল। বিশ্বাস কৰিছিল কর্ণধাৰসকলৰ ওপৰত। কিন্তু লাহে লাহে সেই বিশ্বাস ধূলিত বিলীন হ’ল। ৰবি ঠাকুৰে কৈছিল- এ দৈন্য মাঝাৰে, কবি নিয়ে এসো স্বৰ্গ হতে বিশ্বাসেৰ …

অধিক চাওক

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী মোহিনীবালা ৰাভাৰ মনৰ কথা (কৌস্তুভমণি শইকীয়া)

২০০৮ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা এলানি অনুষ্ঠানৰ অন্যতম আছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী মোহিনীবালা ৰাভাৰ স’তে হোৱা এটা দীঘলীয়া সাক্ষাৎকাৰ। সাক্ষাৎকাৰটোত শ্ৰীমতী ৰাভাই বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ বহু তথ্য বেকত কৰিছিল। বাণীবন্ধনৰ তাৰিখ আছিল ২০০৮ চনৰ ১ ফেব্ৰুৱাৰী। কৌস্তুভমণি শইকীয়াঃ বাইদেউ নমস্কাৰ। মোহিনীবালা ৰাভাঃ …

অধিক চাওক

অসমৰ জনজাতি সমস্যাঃ ৰাভাৰ দৃষ্টিভংগী ( পৰমানন্দ মজুমদাৰ )

(এক) এটা সাৰগৰ্ভ উক্তিৰে আমাৰ আলোচনাৰ পাতনি মেলিব খুজিছো । ‘জনজাতীয় সংস্কৃতিত শিৱ’ শীৰ্ষক সৈনিক শিল্পী বিষ্ণুৰাভাৰ এটি চিন্তাশীল নিবন্ধত উল্লেখ কৰা হৈছেঃ ‘এটা জাতিৰ লগত আন এটা জাতিৰ সমন্বয় হ’বলৈ হ’লে পৰস্পৰৰ ভিতৰত উভয়ৰ বিষয়ে সম্পূৰ্ণ জ্ঞান থকা উচিত। নিজৰ ধৰ্ম, কৃষ্টি, সমাজ আৰু সংস্কৃতিৰ উপৰিও আন ধৰ্ম, কৃষ্টি, …

অধিক চাওক

বিষ্ণু প্ৰসাদ ৰাভাৰ বৈপ্লৱিক চিন্তাধাৰা (ড° সঞ্জীৱ কুমাৰ বৰকাকতী)

যিসকল বিপ্লৱী পুৰুষে অসমৰ ইতিহাসত স্থান পোৱাৰ যোগ্যতা অৰ্জন কৰিছে, সেইসকল এজন হৈছে বিষ্ণু প্ৰসাদ ৰাভা। যিটো সময়ত ৰাভাই তেওঁৰ বৈপ্লৱিক চিন্তাধাৰাৰে অসমখন কঁপাইছিল, সেই সময়ত ক্ৰমান্বয়ে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি আৰু বিমলাপ্ৰসাদ চলিহাই অসমৰ মুখ্যমন্ত্ৰীৰূপে, সৰ্বশক্তিমান ৰাজনীতিক হিচাপে ৰজাঘৰীয়া সন্মানৰ ঘাই অংশ লৈছিল; কিন্তু তাৰ দুই-তিনি দশক পাৰ হোৱাৰ …

অধিক চাওক

বিষ্ণু ৰাভা আৰু মাৰ্ক্সীয় দৰ্শন ( টুনুজ্যোতি গগৈ )

বিষ্ণু ৰাভাই সৌ তাহানিতে ‘ভাঙ্ ভাঙ্ লোহাৰ শিকলি ভাঙ্, ছিঙ্ ছিঙ্ দাসৰ বান্ধোন ছিঙ্’ বুলি যি আহ্বান জনাইছিল, সেই আহ্বান আজিও প্ৰাসংগিক হৈ আছে৷ কাৰণ, সৰ্বসাধাৰণক আজিও এপিনে সাম্ৰাজ্যবাদ আৰু ধনতান্ত্ৰিকতাৰ লোহাৰ শিকলিয়ে বান্ধি ৰাখিছে, আনপিনে সেই সৰ্বসাধাৰণক ব্যক্তিস্বাৰ্থ পূৰণৰ বাবে যুগে যুগে বিপথে পৰিচালিত কৰি অহা সুবিধাবাদী মধ্যবিত্ত শ্ৰেণীটোক …

অধিক চাওক

ভূপেন হাজৰিকাৰ জীৱনাকাশৰ ইন্দ্ৰধনু বিষ্ণু ৰাভাজন ( বিদ্যুৎ কুমাৰ ভূঞা )

(এক) একোজন মানুহৰ জীৱনত পৰা বিভিন্ন প্ৰভাৱেই সেই মানুহজনৰ সৃষ্টিকৰ্তা। সেই প্ৰভাৱ মানুহজনৰ শৈশৱ, কৈশোৰ, যৌৱন আদি জীৱনৰ বিভিন্ন স্তৰত লাভ কৰা পৰিৱেশ, ব্যক্তি- সান্নিধ্য, ঘটনা-পৰিক্ৰমা আদিৰ ওপৰত নিৰ্ভৰশীল। এটি গছপুলি ডাঙৰ-দীঘল হ’বলৈ প্ৰয়োজন হোৱা ৰস পুলিটোৱে নিজৰ প্ৰয়োজন, সামৰ্থ আৰু নিজৰ শক্তি অনুসৰি প্ৰকৃতিৰ পৰা আহৰণ কৰাৰ দৰেই প্ৰতিজন …

অধিক চাওক