চ’ৰাঘৰ / কমৰেড ফিডেল কাষ্ট্ৰো বিশেষ (পৃষ্ঠা 2)

কমৰেড ফিডেল কাষ্ট্ৰো বিশেষ

ফিডেল মানুহৰ মাজত কিয় জীয়াই থাকিব ? (সন্দীপন তালুকদাৰ)

সাধাৰণ মানুহৰ কথাৰে ইতিহাস ৰচনাক প্ৰভাৱিত কৰা এডুৱাৰ্ডো গেলিয়ানো(Eduardo Galeano)-এ তেওৰ গ্ৰন্থ “Mirror(Espejos)” ত ফিডেল কাষ্ট্ৰো সম্পৰ্কে কৈছিল যে ফিডেলৰ উদ্দীপ্ত আৰু আপোচবিহীন নেতৃ্ত্বৰ দেশ এখনৰ জন্ম দিয়াত যুগান্তকাৰী অৱদান আছে। এই দেশেই হ’ল কিউবা, যাৰ জন্ম হৈছিল উপনিবেশৰ অৱয়ৱ ভাঙি এক শোষণমুক্ত সমাজ গঢ়াৰ সপোনেৰে, মহান কিউবান বিপ্লৱৰ মাধ্যমেৰে। …

অধিক চাওক

কিউবা হ’ব পাৰে অসমৰ আৰ্হি (ডাঃ নোমল চন্দ্ৰ বৰা)

১. অসমৰ চিকিৎসা ব্যৱস্থাৰ কথা আলোচনা কৰিলে প্রথমে অসমৰ মানুহখিনিৰ কথা ভাবিব লাগিব, তেওঁলোকক জানিব লাগিব। অসমৰ জনসংখ্যাৰ শতকৰা ১৫ জনহে নগৰ বা চহৰত থাকে। শতকৰা ৮৫ জনেই বাস কৰে গাঁৱত। অর্থাৎ তিনি কোটি ৩২ লাখ মানুহৰ দুই কোটি ৮২ লাখেই গাঁৱতে বাস কৰে। চহৰত বাস কৰা মানুহখিনিয়ে গাঁৱৰ প্ৰকৃত …

অধিক চাওক

পথৰুঘাটত ফিডেল কাষ্ট্ৰো ( অজয় লাল দত্ত )

শীতৰ কুঁৱলি ফালি শ্বিলঙৰ পাহাৰেদি নামি আহিব ফিডেল, মুখ ভৰা দাড়ি, হাতত ঘৰুৱা চিগাৰ পিন্ধনত চে-গুৱেভাৰাৰ টি চাৰ্ট, টুপি, ডিঙিত চীনে উপহাৰ দিয়া মেগাপিক্সেল কেমেৰা; লক্ষ্য তেওঁৰ পথৰুঘাট… ইতিহাস পঢ়ি তেওঁৰ ভাল লাগিছিল ২৮ জানুৱাৰী, ১৮৯৪ দৰঙৰ বুকুৰ পথৰুঘাট ডি চি এণ্ডাৰচনে ইংলেণ্ডৰ ৰাণীৰ সেৱাত বঢ়াইছে কৰ তহচিলদাৰ ভবানী চৰণ …

অধিক চাওক

ফিডেল কাষ্ট্ৰো ( মূলঃ মাইক গঞ্জালেজ, অনুবাদঃ এল বিশ্বজিত, অনুলিখনঃ অংশুমান শৰ্মা)

যিকোনো মাপকাঠিৰ সূচকতেই ফিডেল কাষ্ট্ৰো উচ্চ শিখৰত থাকিব। তেওঁৰ ভংগুৰ অন্তিম বছৰবোৰতো তেওঁৰ উপস্থিতি সমগ্ৰ লেটিন আমেৰিকা জুৰি প্ৰতিধ্বনিত হৈছিল— আনকি সেইসমূহ প্ৰজন্মৰ মাজতো, যি ১৯৫৯ চনৰ কিউবাৰ বিপ্লবৰ উল্লাসজনক আৱেগ অনুভৱ কৰা নাছিল। বিপ্লবৰ আগতে কিউবা আছিল সৰ্বনাশী উপনিৱেশবাদৰ প্ৰতীক। স্পেইনৰ পৰা মুক্তি লাভ কৰিবলৈ কিউবাৰ সংগ্ৰামক আমেৰিকা যুক্তৰাষ্ট্ৰই …

অধিক চাওক

ফিডেল, ইতিহাসে তোমাক দোষ মুক্ত কৰিছে ( মূলঃ আৰ অৰুণ কুমাৰ, অনুবাদঃ নয়ন ভূঞা)

কিউবা বিপ্লৱৰ ৰূপকাৰ প্ৰবাদ প্ৰতিম বিপ্লৱী নেতা ফিডেল কাষ্ট্ৰো ৰুজে যোৱা ২৫ নৱেম্বৰ, ২০১৬ত আমাৰ মাজৰ পৰা বিদায় লৈছে। তেওঁৰ মৃত্যুত এফালে সাম্ৰাজ্যবাদী শিবিৰ উল্লাসিত হোৱাৰ বিপৰীতে বিশ্বৰ অগণন শোষিত মানুহে তেওঁলোকৰ এগৰাকী মহান নেতাক হেৰুওৱই শোকত ম্ৰিয়মান হৈছে। এইগৰাকী মহান বিপ্লৱী নেতাৰ জন্ম হৈছিল ১৯২৬ চনৰ ১৩ আগষ্টত, আৰ্থিকভাৱে …

অধিক চাওক

কম্পানেৰো ফিডেল, তোমাৰ কম্পাছডাল হেৰাই নাযায়! ( মূলঃ শুভময়, অনুবাদঃ প্লাৱন বৰা)

যিসময়ত পৃথিৱীজুৰি নৱেম্বৰ বিপ্লৱৰ শতবর্ষ মহা ধুমধামেৰে উদযাপনৰ যো-জা চলিছে, সেই বিপ্লৱৰ আদর্শ দীর্ঘজীৱী কৰাৰ হকে বহুজনে শপত গ্রহণ কৰিছে, এই নৱেম্বৰতে তুমি আমাক এৰি গুচি গ’ল, কম্পানেৰাে ফিডেল। তুমি অৱশ্যে কৈছিলা, জুলিয়ান কেলেণ্ডাৰ অনুসৰি এইয়া অক্টোবৰ বিপ্লৱহে। মোৰ অগ্রজ বন্ধু এজনে প্রথমে খবৰটাে দিলে। কিছুসময় পিছত তেওঁ text কৰিলে, …

অধিক চাওক

ফিডেলৰ বাবে এটি গান ( মূলঃ চে গুৱেভাৰা, অনুবাদঃ প্লাৱন বৰা)

তুমি কৈছিলা সূৰ্য উদয় হ’ব। যাঁও বলা – অচিনাকি সেই পথেৰে, তোমাৰ প্ৰিয় সেউজী মাতৃভূমিৰ মুক্তিৰ লক্ষ্যৰে। আমাৰ বিজয় শিলৰ ৰেখা এন্ধাৰত সৌৱা চোৱা এজাক বিদ্ৰোহী তৰা। সকলো অপমান ভৰিৰে মোহাৰি, মৃত্যুকো ঠেলি পঠিয়াই বন্দুকৰ মুখলৈ, যাঁও বলা আগুৱাই। গুলীৰ শব্দত অৰণ্য কঁপিব বিস্ময়ত। শান্ত আমিবোৰ থিয় দিম তোমাৰ কাষত। …

অধিক চাওক

ফিডেল কাষ্ট্ৰোৰ বিশ্ব কঁপোৱা ভাষণ ‘ইতিহাসে মোক মুক্তি দিব’ ( চিন্ময় তালুকদাৰ)

লেটিন আমেৰিকাৰ ইতিহাস,শোষণৰ বিৰুদ্ধে অন্তহীন সংগ্ৰামৰ ইতিহাস। কিউবাৰ ( বা কুবা) বিপ্লৱ এই সংগ্ৰামৰ এক উজ্জ্বল উদাহৰণ, যি বিপ্লৱ লেটিন আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বৰ শোষিত জনতাৰ বাবে এক প্ৰেৰণাৰ উৎস। কিউবান বিপ্লৱৰ মূল নায়ক ফিডেল কাষ্ট্ৰোৰ ‘ইতিহাসে মোক মুক্তি দিব’ শীৰ্ষক ভাষণটো এই বিপ্লৱৰ এক উল্লেখনীয় সাহিত্যৰূপে পৰিগণিত হয়। প্ৰকৃততে …

অধিক চাওক