চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা (পৃষ্ঠা 4)

অতিথি সম্পাদকৰ চ’ৰা

অমূল্য বৰুৱাৰ দুটিমান কবিতা

কুকুৰ সউদল কুকুৰ প্ৰত্যেকটো ৰাস্তাৰ আৱৰ্জনাৰ দ’মবিলাকৰ কাষে কাষে সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে ৰস নাইকিয়া শুকান একোডোখৰ জাতি-বৰ্ণ বিচাৰ নোহোৱা হাড়; নাইবা কোনোটোৰ মুখত ফুটা জোতাৰ একো টুকুৰা লেকেটা চামৰা। দুই-এটা ভাগ্যৱানৰ বাহিৰে চুৱা-পাতনিৰ ভাতৰো সিহঁতৰ বাবে অনাটন। সিহঁতৰ পাছে পাছে ফুৰিছে গাৰ ছাঁৰ দৰে আন্ধাৰ বুভুক্ষা। ক্ষুধাৰ তাড়নাত সিহঁতে …

অধিক চাওক

হীৰেন ভট্টাচাৰ্যৰ দুটি কবিতা

প্ৰস্তাৱনা মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা৷ কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা নিজেই নিহত হওঁ সিহঁতৰ হাতত৷ মোৰ তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ য্ন্ত্ৰণা৷ যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ অনিবাৰ্য ঝন্‍ঝননি৷ সমস্ত শক্তিৰে ছিঙি পেলাওঁ হাতৰ শিকলি৷ সমুখৰ শোভাযাত্ৰাত যোগ দিওঁ অথবা নিশব্দে তুলি লওঁ ছহীদৰ …

অধিক চাওক

ৰুদ্ৰ সিংহ মটকৰ দুটি কবিতা

দেউতা ‘অ’-‘আ’ৰ নিচিনা মোৰ দেউতা আছিল এজন চহা খেতিয়ক ককাদেউতাৰ দিনৰে দ’ পথাৰৰ মাটি দুবিঘাৰ ‘খেতিয়কৰ সমান পৃথিৱীৰ কোনো মানুহ সুখী হ’ব নোৱাৰে খেতিয়কতকৈ পৃথিৱীৰ কোনো মানুহেই বেচি দুখী হ’ব নোৱাৰে’ বাৰান্দাৰ সেই পুৰণি চকীখনত বহি দেউতাই কৈছিল কেৰাচিনৰ অভাৱত চাকি নজ্বলা বসন্তৰ কোনো এক উদাস গধূলি হতভগা বন্ধা কৃষকৰ …

অধিক চাওক

নলিনীধৰ ভট্টাচার্যৰ দুটি কবিতা

ইস্তাহাৰ অতীন্দ্ৰিয় প্ৰতিশ্ৰুতি সমূলি বিফল বুজি পাওঁ ইন্দ্রিয়ৰ স্বৰ গোন্ধ পাওঁ নৰকৰ, ধূসৰ মৰুৰ ঘৃণাৰ কাঁইটে বিন্ধে প্ৰেমৰ হৃদয় পদুম ফুলিব ক’ত? ধুমুহাই মোহাৰি পেলাই কপাহী মেঘৰ ৰং প্ৰেমিক পখিলা উৰি জ্বলন্ত অগ্নিত পৰে এয়েতো প্ৰথম হায় হেৰুৱালো জীৱত ফুল তৰা জোন আৰু দুবৰিৰ কোমল সুবাস যুতি জাঁই মালতীৰ দক্ষিণ …

অধিক চাওক

অৱনী চক্ৰৱৰ্তীৰ কবিতা ( অজিত ভৰালী )

অসমীয়া সাহিত্য জগতত নিজাকৈ একোখন আসন দখল কৰিবলৈ সক্ষম হোৱা তিনিজন ব্যক্তিৰ জন্ম হৈছিল, ১৯৪৩ চনত। ব্যক্তিকেইজন কবি-গল্পকাৰ হৰেকৃষ্ণ ডেকা, কবি ৰবীন্দ্ৰ সৰকাৰ আৰু কবি অৱনী চক্ৰৱৰ্তী। ৰবীন্দ্ৰ সৰকাৰ আৰু অৱনী চক্ৰৱৰ্তী এই দুয়োগৰাকী আছিল মূলতঃ প্ৰগতিবাদী কবি। ১৯৪৬ চনত নৃশংসভাৱে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা অমূল্য বৰুৱাই যি পথেদি বাট …

অধিক চাওক

জ্ঞান পূজাৰীৰ দুটি কবিতা

ৰেইনকোট আৰু তোমালাোক যিসকল উপজিয়ে জিলিকি উঠিছা জিকমিক চিলা উৰুৱাই কবিতাবোৰে বিচাৰি ফুৰিছে চন্দোৱাৰ আৰু উজুটিত বখলা-বখলে ফাটিছে চামিয়ানা আৰু মই জ্বলি উঠিছিলোঁ জ্বলি আছিলোঁ অঙঠাবোৰৰ পৰা ওলাই আহিছিল ফিৰিঙতিবোৰ মৰিশালিৰ এটুকুৰা কাঠ আধাপোৰা এটুকুৰা কাঠ আকৌ এদিন ধুমুহাৰ ৰাতি হিলদল ভাঙি কোবাল গছবোৰৰ স’তে মোৰ দুৱাৰত টোকৰ মাৰিছিলা ধুম্ …

অধিক চাওক

সমীৰ তাঁতীৰ দুটি কবিতা

তোমালোকক মই দেখিছোঁ  তোমালোকক মই দেখিছিলোঁ বধ্যভূমিৰ মাজত প্ৰাচীন শাল গছৰ দৰে নীৰৱ আৰু কঠিন সেই কথা ভাবিলে আজিও মোৰ বুকুত গৰ্ব উপচি পৰে তোমালোকৰ সেই আপোচহীন যুদ্ধ আৰু অতুলনীয় সাহস গোটেই আকাশ জুৰি আৱৰি আছিল যেন কাহানিও সেও নমনা এক স্বাধীন পতাকা মই চাইছিলোঁ তোমালোকৰ মুখৰ ফালে তোমালোকে যেন …

অধিক চাওক

একাদশ সংখ্যাৰ অতিথি সম্পাদকৰ কলম

বৌদ্ধিক বিচাৰ আলোচনীৰ একাদশ সংখ্যাৰ সামগ্ৰিক বিষয় হ’ল–“অসমত সাম্প্ৰদায়িকতাবাদ”। প্ৰতিখন ঠাইৰেই নিজস্ব বৈশিষ্ট্য থাকে। অসমৰো আছে। বাগড়ম্বাৰৰ পৰ্যায়ত ক’লেও অসম “শংকৰ- আজানৰ সমন্বয়”ৰ ভূমি বুলি কোৱা হয়। এই কথা মিছা নহয়। অসমৰ ইতিহাস সন্বয়ৰেই ইতিহাস। তাৰ সুন্দৰ জিলিঙনি আছে এই সংখ্যাৰ সৌৰভ শইকীয়াৰ প্ৰবন্ধত। সেই ইতিহাস এতিয়াও কবৰস্থ হোৱা নাই …

অধিক চাওক