চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা (পৃষ্ঠা 3)

অতিথি সম্পাদকৰ চ’ৰা

মেগন কছাৰীৰ তিনিটি কবিতা

গৰখীয়া সপোন  নিদ্ৰা ভালপোৱা তুমি। আৰু যেতিয়া সপোনৰ কোলাত মূৰ থৈ তুমি, টোপনি যোৱা মই হিচাপ কৰো কুকুৰাৰ ডাক… যেতিয়া তুমি প্ৰকাশ কৰা, কাৰো ওচৰত পদানত নোহোৱা আৰু শিৰোনত নকৰাৰ বীৰত্বপূৰ্ণ ঘোষণা বা যেতিয়া তোমালোকে বিভ্ৰান্তিৰ বাটেৰে মিথ্যা আৰু শূন্যতাৰ সমৰ্থনত, সমদল যাত্ৰা কৰা তেতিয়া মই হিচাপ কৰো, ঘনীভূত আন্ধাৰৰ …

অধিক চাওক

হেম বৰুৱাৰ দুটি কবিতা

পোহৰতকৈ এন্ধাৰ ভাল সময়ৰ বলুকাৰাশিত পদচিহ্ন ৰখা উন্মাদ বাসনা আমাৰ নাই ৷ আমি বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফছিল হেৰা শকুন্তলা,তোমাৰ চকুৰ শেৱালি পাহিত দুষ্মন্তৰ চুমাৰ চেকা ৷ কোৰিয়াত জৰাসন্ধৰ কংকাল এছিয়াৰ আকাশত আগুৰি শগুণৰ জাক ৷ আমি জীয়াই আছো যুগৰ সীমান্তত প্ৰাচীন নাবিকৰ জঁকা ৷ কালিদাস তুমি কোন অলকাৰ পলাতক কবি? …

অধিক চাওক

কমল কুমাৰ তাঁতীৰ তিনিটি কবিতা

অ-যৌন হাত-তালিৰ উৎকট শব্দত মই মূৰ তুলি চালোঁ ৷ টোপনি-গধুৰ ঢুলঢুলীয়া ৰঙা চকু আৰু বিবিধ-বৰণীয়া কাণফুলিৰে সাজি-কাঁচি এক নপুংসকে মোলৈ চাই দাঁত নিকটাইছে আৰু হাত মেলি পইছা খুজিছে ৷ মই আশে-পাশে চকু ফুৰালোঁ৷ কোলাবাৰ অভ্যস্ত ‘পইছাৱালা’ এলিট মানুহবোৰে বিৰক্তি আৰু উৎসুকতা লৈ মোৰ ফালে চালে ৷ মুখত বৰণীয়া ৰহস্যময় হাঁহি …

অধিক চাওক

অৱনী চক্ৰৱৰ্তীৰ তিনিটি কবিতা

বিস্ফোৰক এটা খবৰ পঢ়ি বাতৰিৰ পাছত বাতৰি উৰে বিস্ফোৰক খবৰ এটাই মুৰ আচন্দ্ৰাই কৰে জোচেফ ষ্টেলিন তোমাক চালাম আমাৰ মনত নাই তোমাৰ উদ্‌গনি এটুকুৰা আপোন মাটি আৰু ওঁঠৰ ভাষাৰ অধিকাৰ মানুহৰ মহত্তম আকাংক্ষাৰ সৌধ নীলামত কোনেও বিক্ৰী কৰিব নোৱাৰে সিহঁতে হোটেল খোলক অৰ্থই আনক অনৰ্থ মূৰ নঘমাও৷ পঞ্চাশ হাজাৰ ডলাৰ …

অধিক চাওক

হিমাংশু প্ৰসাদ দাসৰ দুটি কবিতা

এই যে জীৱন … এই যে পৃথিৱী ইমান যে ব্যস্ত কিনো কৰি আছা বন্ধু যি কৰি আছা জীয়াই থাকিবৰ বাবে কৰি আছা আৰু জীয়াই থাকিনো কি কৰিছা জীয়াই থাকিবলৈ কিবা কিবি কৰি আছা বিত্তবান সকললৈ : আপোনাৰ ঘৰত অতি আধুনিক চাউণ্ড চিষ্টেম অথচ কিমান দিন যে হ’ল – আপুনি প্ৰিয় …

অধিক চাওক

সনন্ত তাঁতিৰ তিনিটি কবিতা

মই আকৌ জী উঠিছো অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত হোৱাৰ পিচত মই আকৌ জী উঠিছো মোৰ মৃত্যু আৰু জীৱনৰ এই ৰহস্যাবৃত ঘটনাৰ পম খেদি জনৈক সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নতো বিচলিত নহৈ মই আকৌ ৰহস্যৰ আন্ধাৰত বিলীন হৈ গৈছো মই জানো হৃদয়বান ব্যক্তিসকলৰ মৃত্যু ঘটিব নোৱাৰে অসত্যৰ বিৰুদ্ধে সত্য প্ৰতিষ্ঠা কৰি যুঁজি থকা …

অধিক চাওক

হেমাংগ কুমাৰ দত্তৰ দুটি কবিতা

জনসংখ্যাই সকলো সমস্যাৰ মূল – কবিতাত এখন ৰচনা ৰুটি একে আছে ৰুটি খোৱা মানুহ কিন্তু বাঢ়ি আহিছে (কেক অৱশ্যে বাঢ়িছে হয়- পিছে ৰুটিৰ জিভাক কেক এৰি দিলে বদহজমৰ ভয়) সেইবাবে দেশৰ মানুহে দেশজুৰি মৰিশালি পাতে (তাৰ মাজতে ওখ ওখ ঘৰ জীয়াই থকাৰ কেবামহলীয়া ঠাই আচৰিত হ’ব লগা নাই সেয়া মৰিশালীৰখিয়া …

অধিক চাওক

ৰফিকুল হোছেইনৰ কবিতা ( অৰিন্দম বৰকটকী )

ৰফিকুল হোছেইনৰ একমাত্ৰ কাব্যসংকলন ‘শৰবিদ্ধ আকাশ’ প্ৰকাশ পোৱাৰ আজি পঁচিশ বছৰ হ’ল ৷ কবিতাসমূহৰ সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্বই আজি এনে এক বাস্তৱ তাৎপৰ্য লাভ কৰিছে যাৰ বাবে আমি এই ৰচনাখন লিখাৰ তাড়না অনুভৱ কৰিলোঁ। কিছুদিন পূৰ্বে মৰিধনশিৰি নৈৰ দলঙৰ ওপৰত কবি ৰফিকুল হোছেইন আৰু মই নিশা বহি আছিলোঁ৷ জোনাকৰ পোহৰত …

অধিক চাওক