চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা (পৃষ্ঠা 10)

অতিথি সম্পাদকৰ চ’ৰা

বিষ্ণুপ্ৰসাদ ৰাভাৰ নাট্য ক্ষেত্ৰত এভূমুকি ( প্ৰশান্ত কুমাৰ দাস )

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে বিষ্ণুপ্ৰসাদ ৰাভাক নাট্যকাৰ ৰূপে বিশেষভাৱে জনা নাযায় যদিও নাট্যক্ষেত্ৰত তেখেতৰ অৱদান অনন্য। বিষ্ণুৰাভাই কেইবাখনো নাটক, নৃত্য-নাটিকা আৰু চিত্ৰনাট্য ৰচনা কৰিছিল। এই নাটসমূহৰ প্ৰায়বিলাক নাটকেই সম্পূৰ্ণ নাছিল। তদুপৰি বহু নাটক প্ৰাৰম্ভিকভাৱে হাতেলিখা অৱস্থাতেই আছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ নাটসমূহ স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবেই হয়তো অসমীয়া নাট্য সাহিত্যত ৰূপকোঁৱৰৰ দৰে তেখেতে …

অধিক চাওক

মানুহ ( বিষ্ণু প্ৰসাদ ৰাভা )

আজিৰ পৃথিৱীত কিমান ধৰণৰ মানুহে যে বসতি কৰি আছে তাৰ সীমা সংখ্যা নাই৷ যদিও নৃতত্ত্ববিদসকলে সংখ্যা ৰাখিছে সেই সংখ্যা বহুত৷ পৃথিৱীৰ মানুহ বগা, ক’লা, হালধীয়া আৰু মাগুৰ বৰণীয়া [white, black, yellow and brown] এই চাৰি জাতিত ভাগ কৰা হৈছে৷ প্ৰাগ ঐতিহাসিক যুগত মানৱ জাতিৰ ঘাই কাম আছিল পৃথিৱীত ভিন ভিন …

অধিক চাওক

বস্তুনিষ্ঠ ইতিহাস চৰ্চাৰ বাটকটীয়া বিষ্ণু প্ৰসাদ ৰাভা ( প্ৰাঞ্জল দেউৰী )

বিষ্ণু প্ৰসাদ ৰাভা সম্পৰ্কত অসমৰ ইমূৰৰপৰা সিমূৰলৈ প্ৰতিখন গাঁৱতে বহু গুজব প্ৰচলন হৈ আছে। চলিত শতিকাৰ প্ৰথম দশকত আমাৰ অঞ্চলৰ প্ৰবীণ সাম্যবাদীৰ মুখত বিষ্ণু ৰাভা সম্পৰ্কে কিছুমান অতিকথা শুনিবলৈ পাইছিলো। আমি সেইবোৰৰ সকলোকে অতিকথা বুলি সাধাৰণীকৰণ কৰাটো উচিত নিশ্চয় হোৱা নাই। কিন্তু, আমি সেইবোৰ তথ্যনিৰ্ভৰ বুলি প্ৰমাণিত নোহোৱা পৰ্যন্ত অতিকথা বুলি …

অধিক চাওক

বিষ্ণুদালৈ ( হেমাংগ বিশ্বাস )

কাৰো মৃত্যু উৰি যোৱা গঙাচিলনীৰ সৰি পৰা পাখি।কাৰো মৃত্যু পৰ্বতৰ খহি পৰা চূড়া। ভূঁইকঁপে ভূটানৰ টিং বাগৰি বাগৰি আনে ভৰা লুইতেদি। চাপৰিত মূৰ্চ্ছিতা অসম। পাৰে পাৰে উচুপনি । তথাপিতো বোৱতী সুঁতিত ফেনে-ফোটকাৰে বয় যৌৱনৰ গীত মৃত্যুহীন প্ৰাণ। শোষিতৰ কলিজাৰ ৰঙা পোৱালেৰে গঁথা, আলোক-মিনাৰ চিৰ অনিৰ্বাণ জ্বলে ‘মুক্তি দেউল’ত। তাৰে খনিকৰ …

অধিক চাওক

বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? ( ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য)

বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? তুমি সাৰে আছা, সাৰে আছো আমি আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলীত চিফুং বাঁহীৰ কৰুণ সুৰ; বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে। জনতাৰ চকু চকুৰ পানীৰে পূৰ। মাজনিশা কোনে ৰাজআলিয়েদি আক্ষেপ কৰি যায়, ‘বিষ্ণুৰাভা আজি নাই।’ নিজান চেলত তুমি সাৰে আছা সাৰে আছে ক্ৰুৰ ইটাৰ দেৱাল …

অধিক চাওক

এইবাটেদিয়ে উভতিবা কমৰেড ( অনিতা গগৈ )

পথাৰৰ আলিৰ দুবৰি গছকি এইফালেদিয়ে পাৰ হৈ গ’ল চিফুঙৰ পাঁচোটা আঙুলি, কাঁহৰ বাটিত পৰি জীণ গ’ল নুপুওৱা ৰাতিৰ নিয়ৰসৰা সুৰ এটি, গাঁৱে গাঁৱে বুকুৱে বুকুৱে স্থবিৰ হৈ ৰ’ল বেলি . এই বাটেদিয়ে উভতিবা কমৰেড্ ! ৰ’দৰ মুখীয়াকৈ পাৰি দিছো মোৰ বেওচনীয়া বুকু, ৰৈ আছে তোমাৰ বাবে… কেঁকোৰাৰ গাঁতত পোত খোৱা …

অধিক চাওক

ভোলানাথ বিষ্ণুপ্ৰসাদ ৰাভা ( ফণী শৰ্মা )

গুৱাহাটীৰ উজান বজাৰত এদিন মোৰ সোদৰপ্ৰতীম বিষ্ণুপ্ৰসাদ ৰাভাক লগ পালো। ‘ক’ত আছে’ বুলি সোধাত খলিল বজাৰত থকা বুলি ক’লে । কলেজ এৰাৰ কথা সোধাত, বিপ্লৱী দলত আছো বুলি আৰু কলেজৰ অধ্যক্ষই সন্দেহ কৰি আন কলেজলৈ স্থানান্তৰ হ’বলৈ কোৱাত কলেজকে এৰি দিলো বুলি উত্তৰ দিলে। ‘এতিয়া কি কৰিছ’ বুলি সোধাত আমদানি-ৰপ্তানিৰ …

অধিক চাওক

মে’ সংখ্যাৰ সম্পাদকীয়

বিকল্পৰ সন্ধানঃ বাস্তৱৰ বিড়ম্বনা বিকল্প ৰাজনীতি বুলিলে আমি কি বুজো? ইতিমধ্যে আমাৰ মাজত এনে এটা ধাৰণা সৃষ্টি কৰা হৈছে যে বিকল্প মানে এটা দলৰ সলনি আন এটা দল, এটা দলে কোৱা কথাবোৰৰ সলনি যেন অন্য কিছু কথা৷ বিকল্পৰ এই তথাকথিত ধাৰণাটো আমাৰ মাজত প্ৰতিষ্ঠিত কৰি দিয়াৰ বাবেই বহু সময়ত দেখা …

অধিক চাওক