চ’ৰাঘৰ / Admin (পৃষ্ঠা 20)

Admin

ফিডেলৰ দেশৰ অৰ্থনীতি ( ভাস্কৰ জ্যোতি বৰুৱা )

(১) বিপ্লৱৰ আগৰ কিউবাখন লেটিন আমেৰিকাৰ আগশাৰীৰ এখন সফল দেশ আছিল। আৰ্থ-সামাজিক দিশৰ পৰা ইউৰোপৰ স্পেইন আৰু পৰ্টুগালৰ লগত তুলনা কৰা হৈছিল। ১৯৫০ চনৰ কিউবাৰ গড় জনমূৰি আয় ইটালীৰ সমান আছিল। জাপানতকৈ ওপৰত স্থান আছিল …

সম্পূৰ্ণকৈ পঢ়ক

ফিডেলৰ এখনি ব্যক্তিগত চিত্ৰপট ( মূলঃ গেব্রিয়েল গাৰ্চিয়া মার্কেজ, অনুবাদঃ ৰত্না ভৰালী তালুকদাৰ)

কিউবালৈ ফুৰিবলৈ অহা এগৰাকী বিদেশী পর্যটকক এসপ্তাহৰ বাবে সংগ দি ফিডেল কাষ্ট্রোৱে তেওঁৰ বিষয়ে কৈছিলঃ “বাপৰে, মানুহজনে কেনেকৈ ইমান কথা পাতিব পাৰে,তেওঁ দেখোন মোতকৈও বেছি কথা কয়।” ফিডেল কাষ্ট্রোক জানিবলৈ হ’লে এই কথা বুজি পাব …

সম্পূৰ্ণকৈ পঢ়ক

মৃত্যুঞ্জয়ী আদৰ্শ ( নিৰঙ্কুশ নাথ )

মানকাদা আক্ৰমণৰ পাছত বিদ্ৰোহীসকলক বাতিস্তা সৈন্যই বিচাৰি ফুৰিছিল। এটা আক্ৰমণকাৰী গোটক আটক কৰা হল। তেওঁলোকক গুলীয়াবলৈ ধৰাত সৈন্যসকলক উদ্দেশ্যি সৈনিক বিষয়াই চিঞৰি উঠিল– “Don’t shoot, don’t shoot ” আৰু কোনেও নুশুনাকৈ ভোৰভোৰাই উঠিল –“ideas cannot …

সম্পূৰ্ণকৈ পঢ়ক

ফিডেল, তুমি আকৌ আহিবা ( ডা: অজিত কুমাৰ পটঙ্গীয়া )

কিউবা দেখিছা, দেখা নাই কেতিয়াও শুনিছো মাথোঁ… নীলিম সাগৰৰ বুকুৰ ৰঙা নিচানৰ গাঁথা… অতীতত মানুহ সত্য পালনৰ বাবে বনলৈ গৈছিল। ৰাম-লক্ষণ গৈছিল। ঋষি-মুনিসকল গৈছিল। পৃথিবীত সুদূৰ অতীতৰ পৰা আজিলৈকে ন্যায় বিচাৰি মানুহ বনলৈ গৈ আছে …

সম্পূৰ্ণকৈ পঢ়ক

জাতীয় মুক্তি সংগ্ৰাম : কিউবাৰ পৰা অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ ( ৰক্তিম শৰ্মা )

বৃহৎ জাতিৰ ভাষিক-সাংস্কৃতিক তথা আৰ্থ-ৰাজনৈতিক আগ্ৰাসনৰ পৰা মুক্তিৰ স্পৃহা বিশ্বৰ প্ৰতিটো নিৰ্যাতিত জাতিৰে এক স্বাভাৱিক বৈশিষ্ট্য। বৃটিছৰ দৰে বৃহৎ শক্তিসমূহে সমগ্ৰ বিশ্বতে নিজৰ উপনিবেশ প্ৰতিষ্ঠাৰ পিছৰে পৰা যুগে যুগে উপনিবেশিক শোষণৰ বিৰূদ্ধে জনতাৰ সংগ্ৰাম অব্যাহত …

সম্পূৰ্ণকৈ পঢ়ক

‘কাৰ্মেলিন’ৰ কথাৰে ( মীনাক্ষী বৰুৱা )

সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত কোঙ্কনী লেখক দামোদৰ মাওজোৰ “কাৰ্মেলিন” নামৰ উপন্যাসখনি অসমীয়ালৈ অনুবাদ কৰিছে কৰবী ডেকা হাজৰিকাই। এই উপন্যাসখনৰ বাবে মাওজোয়ে ১৯৮৩ চনত সাহিত্য অকাদেমিৰ উপৰি আন পুৰস্কাৰো লাভ কৰিবলৈও সমৰ্থ হৈছিল। উপন্যাসৰ পটভূমি আশী/ …

সম্পূৰ্ণকৈ পঢ়ক

ফিডেল মানুহৰ মাজত কিয় জীয়াই থাকিব ? (সন্দীপন তালুকদাৰ)

সাধাৰণ মানুহৰ কথাৰে ইতিহাস ৰচনাক প্ৰভাৱিত কৰা এডুৱাৰ্ডো গেলিয়ানো(Eduardo Galeano)-এ তেওৰ গ্ৰন্থ “Mirror(Espejos)” ত ফিডেল কাষ্ট্ৰো সম্পৰ্কে কৈছিল যে ফিডেলৰ উদ্দীপ্ত আৰু আপোচবিহীন নেতৃ্ত্বৰ দেশ এখনৰ জন্ম দিয়াত যুগান্তকাৰী অৱদান আছে। এই দেশেই হ’ল কিউবা, …

সম্পূৰ্ণকৈ পঢ়ক

কিউবা হ’ব পাৰে অসমৰ আৰ্হি (ডাঃ নোমল চন্দ্ৰ বৰা)

১. অসমৰ চিকিৎসা ব্যৱস্থাৰ কথা আলোচনা কৰিলে প্রথমে অসমৰ মানুহখিনিৰ কথা ভাবিব লাগিব, তেওঁলোকক জানিব লাগিব। অসমৰ জনসংখ্যাৰ শতকৰা ১৫ জনহে নগৰ বা চহৰত থাকে। শতকৰা ৮৫ জনেই বাস কৰে গাঁৱত। অর্থাৎ তিনি কোটি ৩২ …

সম্পূৰ্ণকৈ পঢ়ক