চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

জিঞ্জিৰি ( পৰী পাৰবীন)

কাহিনীৰ অন্তিম পৰ্যায়: চবক… চবক… চবক… চবক । ৰাতি দুই বাজিছে । কাথনী বুঢ়ী শোৱাপাটীৰ পৰা ধহমহাই উঠিল । ক’ৰবাত কোৰেৰে মাটি খন্দাৰ শব্দ। টৰ্চটো আৰু লাঠিডাল লৈ কাথনী বুঢ়ী শব্দটোৰ ফালে আগবাঢ়িল। “নিমি মাজনী, তই ইয়াত কি কৰিছ অ’ এই ৰাতিখন? কিয় এইবোৰ কৰি আছ? ব’ল ভিতৰলৈ৷”, কাথনী বুঢ়ীয়ে উচপিচ …

অধিক চাওক

মৌন নাদ ( লীনা শৰ্মা )

মোৰ যিমান দূৰ মনত আছে, চহৰৰ কোনোবা এটা উপকণ্ঠ অঞ্চলত সেই ঘৰটো আছিল, ঘৰটোৰ সন্মুখেৰে এখন পাহাৰীয়া নদী বৈ গৈছিল আৰু ঘৰটোৰ অলপ আঁতৰৰ পৰাই এখন পাহাৰ এঢলীয়াকৈ ওপৰলৈ উঠি গৈ আকাশ স্পৰ্শ কৰাৰ স্পৰ্ধা কৰিছিল। ঘৰটো আৰু নদীখনৰ মাজত এজোপা বেলগছ আছিল আৰু সেইখিনিতে ৰৈ মই কেতিয়াবা নদীখনৰ ফালে, …

অধিক চাওক

আৱহ আৱাহন, হে জীৱন! ( গীতালি বৰা )

শেষবাৰৰ বাবে যমুনাই যেতিয়া তাইৰ মৃত সন্তানটিক স্পৰ্শ কৰিছিল, তাই জনা নাছিল তাইৰ ভিতৰত কোনটো বোধ প্ৰবল আছিল– নিজৰ তেজ-মঙহেৰে গঢ়া এক ক্ষুদ্ৰ শৰীৰক স্পৰ্শ কৰাৰ আনন্দ নে সেই শৰীৰ প্ৰাণহীন হোৱাৰ বিষাদ! পাছত যেতিয়া তাই সেই মুহূৰ্তটোৰ কথা ভাবিছিল, তাইৰ মনত পৰিছিল মুংখৰ সেই বিখ্যাত পেইণ্টিংখনলৈ, য’ত আকাশ-পৃথিৱীৰ সমস্ত শুহি …

অধিক চাওক

বিচ্ছিন্ন অতীত (শিল্পীশিখা গগৈ)

ষ্টীলৰ কাঁহীখনৰ কাষটোত বাওঁহাতখনেৰে ধৰি সোঁহাতখনেৰে বাচন মজা, খাৰ লগা খেৰৰ সোপাটোৰে কাঁহীখন মাজোতে পটক পটককৈ শব্দ হ’ল৷ আপোনমনে বাচন মাজি থকা ৰুণুমীৰ মনটো শব্দটোৰ লগে লগে অতীতলৈ উৰা মাৰিব খুজিলে৷ অতীতৰ এসাগৰ সুখৰ নষ্টালজিয়াত বৰ্তমানৰ ৰুণুমীৰ অস্তিত্ব হেৰাই গ’ল৷ ক্ষন্তেকতে এই অতি চিনাকি, অতি আপোন শব্দটোৱে ৰুণুমীৰ কলিজাৰ এডোখৰ …

অধিক চাওক

গতি (ড° ছবি গগৈ)

এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰেলবোৰে উকিয়াই উকিয়াই ষ্টেচনটো পাৰ হৈ থাকিলে মনটোত এক বুজাব নোৱৰা সন্তুষ্টিয়ে বিৰাজ কৰি থাকে৷ সকলো ঠিকে ঠাকে চলি আছে, সময়ৰ লগে লগে আমিও গৈ আছোঁ, গতিশীল হৈ আছোঁ, পৃথিৱী আৰু জীৱনৰ গতি স্তব্ধ হৈ যোৱা নাই–এই জাতীয় আত্ম-প্ৰত্যয়ত এক ধৰণৰ প্ৰেৰণা অনুভৱ কৰোঁ৷ সন্তানৰ …

অধিক চাওক