দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

সেউজীয়া সপোনৰ অপেক্ষাত ৷৷ সত্যেন্দ্ৰ বৰদলৈ৷৷

চ’তহেন চোতালত নিতৌ ৰ’দাওঁ সাঁচতীয়া শব্দবোৰ মোৰ ৰুক্ষ আঙুলিৰে লিৰিকি বিদাৰি সযতনে সামৰি টোমত ভৰাওঁ পাভটিত তুলি থওঁ সিহঁতে কি কথা পাতে সপোন দেখে সেয়া অজান নৈমিত্তিক বসন্তত সূৰ্যাস্তৰ ছবি আঁকি পমুৱা পথাৰত সিঁচিবলে বাট চাওঁ মেদহীন শব্দবোৰ মোৰযে বৰ হেঁপাহ আঘোণৰ কুঁৱলীৰ মাজতো জাগি থকা সপোন এটাহে যেন মাজে …

অধিক চাওক

নাঙঠ পথাৰৰ পদ্য ৷৷ মিন্টুল হাজৰিকা৷৷

পথাৰে সেউজীয়া পোছাক পিন্ধে সেউজীয়াবোৰ গৈ এদিন কেঁচাসোণ বৰণীয়া হৈ দুপৰীয়াৰ পূৰঠ বেলিৰ আলিংগনত জুয়ে পোৰা সোণ হৈ হাঁহে এদিন পথাৰখনৰ ৰংটো দেউতাৰ কান্ধত উঠি চোতাল পায় আৰু পথাৰখন উকা হৈ পৰে ঠিক বৃদ্ধ গণিকাৰ কঁপালখনৰ দৰে কিদৰে হালধীয়াবোৰ পথাৰখনৰ বুকুত বহি যৌৱন বেহাই আৰু উটুৱাই ক্ৰমশঃ পথাৰৰ বুকুফালি কলিজাখন …

অধিক চাওক

ফ্ৰেমৰ বাহিৰৰ অৰণ্য ( কল্যাণী বৰ্মন )

পোহ মানিব নোখোজা কথাবোৰেই পোহ দিব খোজোঁ প্ৰায়ে পুৰণি কেলেণ্ডাৰ আৰু নতুন কেলেণ্ডাৰবোৰে একেবোৰ কথাকে সোঁৱৰায় মাথোঁ বাঢ়ি যায় বহু আহ্নিক গতিৰ নিৰন্তৰ পৰিক্ৰমাৰ খতিয়ান পাতবোৰ এখিলা-দুখিলাকৈ সৰি পৰে শুকাই যায় ডাল খৰি লুৰিবলৈ অহা ল’ৰাটোৱে ভাঙিবলৈ লওঁতেই দেখা পাওঁ কুঁহিপাতে ঠুঁটিওৱা ফ্ৰে’মৰ বাহিৰৰ এখনি অৰণ্য>

অধিক চাওক

কবিৰঞ্জন শইকীয়াৰ দুটিমান কবিতা

আত্মসমালোচনাৰ দুটি স্তৱক ১. তোমালোকৰ বাবেই মই অকাতৰে উছৰ্গা কৰিব পাৰোঁ মোৰ সমস্ত সময় আৰু ভৱিষ্যৎ চোৱা! কিমান নৃশংসভাৱে বিধ্বস্ত হৈ যায় মোৰ কোঠা সমস্ত সময়! প্ৰিয় কলমবোৰ.. প্ৰিয় ৰঙা ৰং বগা ৰং আৰু নিজৰ হাততেই বিধ্বস্ত হয় মোৰ ভালপোৱা কিমান পৰলৈ মই তোমালোকৰ বন্ধু হৈ থাকিম… তোমালোকেইবা কিমান সহিবা …

অধিক চাওক

এজাক বৰষুণ অহা হ’লে ( সত্যেন্দ্ৰ বৰদলৈ )

এনে এজাক বৰষুণ ইয়ালৈ অহা হ’লে যি উটুৱাই নিব পাৰে শৰীৰৰ ৰংবোৰ হৃদয়ৰ দুখবোৰ, মনৰ মলিনতাবোৰ জাতি-মাটি-ভেঁটিৰ পৰিধি ভাঙি ধৰ্মৰ বৰ্ম খুলি, বৰ্ণৰ বৈষম্য ভাঙি সাম্যৰ সৰগী সুষমাৰে ধৰণীক প্লাবিত কৰিবলে’ বৰষুণ এজাক এতিয়াই অহা হ’লে বৰ প্ৰয়োজন আছিল এতিয়াই সম্ভাৱ্য সমৰৰ বাবে উন্মুখ দিগ্‌ভ্ৰান্ত ধৰ্মোন্মাদ আৰু ভাতৃঘাতী ৰণুৱাৰ নিদ্ৰিত …

অধিক চাওক