চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

অসমত ৰাষ্ট্ৰপতি শাসনৰ দাবী বঙালী লেখক-ব্লগাৰৰ৷৷ ধ্ৰুৱজ্যোতি ধনন্তৰি৷৷

কালি এবিপি নিউজৰ ফেচবুক পেজত এটা লাইভ অনুষ্ঠান চাই আছিলো। তেনেতে বহু লোকৰ লগতে এজন লোকৰ হিন্দীত লিখা কমেণ্ট দেখি হতভম্ব হৈ পৰিলো। হতভম্ব নহ’মেই বা কিয়? কিয়নো তেওঁ কমেণ্টটোত লিখিছিলঃ ”অসম মে বংগালী হিন্দুয়ো কা মৌলিক অধিকাৰ কা হনন হো ৰহা হ্যায়। গলত তৰিকে ছে ওনকা ভোট দেনেকা অধিকাৰ …

অধিক চাওক

কাঠচিতীয়া কাঠুৱাক বুজিবৰ চেষ্টাৰে ৷৷ ঋতুৰাজ কলিতা৷৷

জম্মুৰ কাঠুৱা জিলাৰ ৰসনা গাঁৱত ঘটা নৃশংস হত্যা-ধৰ্ষণৰ ঘটনাটোক লৈ কাঠুৱা চহৰ তথা জিলাখনতে বহু সংখ্যক হিন্দু ৰাইজে অভিযুক্ত কেইজনক জম্মু-কাশ্মীৰ আৰক্ষীয়ে মিছাকৈ ষড়যন্ত্ৰমূলকভাৱে অভিযুক্ত কৰা বুলি দাবী কৰি যি তীব্ৰ আন্দোলন চলাই আছিল, সেয়া প্ৰত্যক্ষ কৰি আমি ভাৰতবাসীৰ লগতে আজি সমগ্ৰ বিশ্ব ঘৃণাত শিয়ঁৰি উঠিছে। কাঠুৱাৰ উকীল সংস্থায়ো আদালতত …

অধিক চাওক

মতাদৰ্শ আৰু ৰাজনৈতিক ৰূপান্তৰ৷৷ ইন্দ্ৰিজৎ বৰা৷৷

ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ ইতিহাসত বামপন্থী ৰাজনীতিৰ নিৰ্বাচনী ফলাফল মাত্ৰ তিনিখন ৰাজ্যতে সীমাবদ্ধ বুলি ক’ব পাৰি ৷ অৱশ্যে কেন্দ্ৰত ত্ৰিশংকু সংসদৰ দৰে অস্থিৰতাৰ সময়ত কেতিয়াবা ভিতৰৰ পৰা আৰু কেতিয়াবা বাহিৰৰ পৰা চৰকাৰৰ অংশও হ’ল কেইবাৰমান। এইবিলাকক বাওঁশিবিৰৰে বহুতে একপ্ৰকাৰৰ ভেকোভাওনা বুলিয়ে আখ্যা দিয়ে ৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে নিৰ্বাচনী ৰাজনীতিক এক গণ …

অধিক চাওক

নাৰীৰ এক নিজস্ব পৰিচয় আছেনে? ৷৷ আনমনা গগৈ৷৷

নাৰী ! কি যে এটা শব্দ। কাৰোবাৰ বাবে সপোন সুকোমল, কাৰোবাৰ বাবে সন্মোহনী, কাৰোবাৰ বাবে গৌৰৱ, কাৰোবাৰ বাবে প্ৰেম আৰু কৰুণা, কাৰোবাৰ বাবে ঘৃণা আৰু সন্ত্ৰাস। মন কৰিলেই দেখা যায় যে পূৰ্বৰে পৰা নাৰীক যাৰ যেতিয়া প্ৰয়োজন হয়, সেই নামেৰেই অভিহিত কৰে। দেৱকুল ৰক্ষা কৰিবলৈ দেৱী সজায়। পুৰুষত্বৰ শৃংখল পিন্ধাবলৈ …

অধিক চাওক

নিতুপৰ্ণ ৰাজবংশীৰ চেঙাতেল

অধিক চাওক

গুণোৎসৱৰ নিৰীক্ষক লুৎফৰ ৰহমান আৰু ছাইফুল ইছলামৰ ঘটনাৰ আঁত ধৰি কিছু কথা (ভৱেশ নাথ)

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি শোণিতপুৰ জিলাত অনুষ্ঠিত গুণোৎসৱ কাৰ্যসূচী পৰিচালনাৰ বাবে নগাঁও জিলাৰ জুৰীয়া মহাবিদ্যালয়ৰ দুগৰাকী অধ্যাপক ক্ৰমে লুৎফৰ ৰহমান আৰু ছাইফুল ইছলাম ডাঙৰীয়াক বহি:মূল্যায়নকাৰী (external evaluator) হিচাপে নিযুক্তি দিয়া হৈছিল। নগাঁও জিলাৰ উপায়ুক্তৰ লিখিত নিৰ্দেশনা মৰ্মে দুয়োগৰাকী প্ৰবক্তাই ঢেকীয়াজুলি প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৰাণীটাপু, গাইটাপু, তিনিকেটীয়া আৰু ফৰচেটাপু …

অধিক চাওক