চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

বিষ্ণুপ্ৰসাদ ৰাভা (হোমেন বৰগোহাঞি)

বিষ্ণু ৰাভাক মই জীৱনত মাত্র দুবাৰ লগ পাইছিলো। ১৯৬১ চনত তেওঁ এটা ভ্ৰাম্যমাণ থিয়েটাৰ পাটি লৈ গোৱালপাৰালৈ গৈছিল আৰু অলপ সময়ৰ কাৰণে মোৰ ঘৰলৈ আহিছিল। ১৯৬৫ চনত তেওঁ সেই একেটা পার্টিকে লৈ উত্তৰ লক্ষীমপুৰলৈ গৈছিল, আৰু তেতিয়াও খন্তেক সময়ৰ কাৰণে মোৰ ঘৰত সোমাইছিল। বিখ্যাত লোকৰ লগত হোৱা ব্যক্তিগত সাক্ষাৎ নানা …

অধিক চাওক

ৰূপান্তৰৰ শিল্পীঃ ফেৰেংগাদাও আবৌ (প্ৰাণজ্যোতি নাথ)–অতিথি সম্পাদকৰ কলম

সুৰৰে দেউলৰে ৰূপৰে পূজাৰী ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী পূজাৰী অ’ সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী অ’…… সুৰৰ সোপানেৰে সুন্দৰৰ সোণোৱালী দুৱাৰ খোলাত ব্ৰতী, চিৰসুন্দৰৰ উপাসক জনেই আছিল ইষ্টাৰ্ণ ৰাইফলচৰ চুবেদাৰ মেজৰ গোপাল ৰাভাৰ যোগ্য পুত্ৰ বিষ্ণু প্ৰসাদ ৰাভা– দীন-হীন কৃষকৰ হিয়াৰ আমঠু ‘ফেৰেংগাদাও আবৌ’। গণশিল্পী হেমাংগ বিশ্বাসৰ ভাষাত, …

অধিক চাওক

ৰাভাৰ কবি-মানস ( নলিনীধৰ ভট্টাচাৰ্য )

বিষ্ণু ৰাভাৰ আত্মাই যেন আমাক সকীয়াই আছেঃ মই পোহৰ, মোৰ বুকুত তোমালোকে ছুৰী বহুৱাব নোৱাৰা। এই কথা মিছা নহয়। আমাৰ অজলা ৰাইজে বৰ আশাৰে স্বাধীনতাক আদৰিছিল। বিশ্বাস কৰিছিল কর্ণধাৰসকলৰ ওপৰত। কিন্তু লাহে লাহে সেই বিশ্বাস ধূলিত বিলীন হ’ল। ৰবি ঠাকুৰে কৈছিল- এ দৈন্য মাঝাৰে, কবি নিয়ে এসো স্বৰ্গ হতে বিশ্বাসেৰ …

অধিক চাওক

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী মোহিনীবালা ৰাভাৰ মনৰ কথা (কৌস্তুভমণি শইকীয়া)

২০০৮ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা এলানি অনুষ্ঠানৰ অন্যতম আছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী মোহিনীবালা ৰাভাৰ স’তে হোৱা এটা দীঘলীয়া সাক্ষাৎকাৰ। সাক্ষাৎকাৰটোত শ্ৰীমতী ৰাভাই বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ বহু তথ্য বেকত কৰিছিল। বাণীবন্ধনৰ তাৰিখ আছিল ২০০৮ চনৰ ১ ফেব্ৰুৱাৰী। কৌস্তুভমণি শইকীয়াঃ বাইদেউ নমস্কাৰ। মোহিনীবালা ৰাভাঃ …

অধিক চাওক

বিষ্ণু প্ৰসাদ ৰাভাৰ বৈপ্লৱিক চিন্তাধাৰা (ড° সঞ্জীৱ কুমাৰ বৰকাকতী)

যিসকল বিপ্লৱী পুৰুষে অসমৰ ইতিহাসত স্থান পোৱাৰ যোগ্যতা অৰ্জন কৰিছে, সেইসকল এজন হৈছে বিষ্ণু প্ৰসাদ ৰাভা। যিটো সময়ত ৰাভাই তেওঁৰ বৈপ্লৱিক চিন্তাধাৰাৰে অসমখন কঁপাইছিল, সেই সময়ত ক্ৰমান্বয়ে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি আৰু বিমলাপ্ৰসাদ চলিহাই অসমৰ মুখ্যমন্ত্ৰীৰূপে, সৰ্বশক্তিমান ৰাজনীতিক হিচাপে ৰজাঘৰীয়া সন্মানৰ ঘাই অংশ লৈছিল; কিন্তু তাৰ দুই-তিনি দশক পাৰ হোৱাৰ …

অধিক চাওক

বিষ্ণু ৰাভা আৰু মাৰ্ক্সীয় দৰ্শন ( টুনুজ্যোতি গগৈ )

বিষ্ণু ৰাভাই সৌ তাহানিতে ‘ভাঙ্ ভাঙ্ লোহাৰ শিকলি ভাঙ্, ছিঙ্ ছিঙ্ দাসৰ বান্ধোন ছিঙ্’ বুলি যি আহ্বান জনাইছিল, সেই আহ্বান আজিও প্ৰাসংগিক হৈ আছে৷ কাৰণ, সৰ্বসাধাৰণক আজিও এপিনে সাম্ৰাজ্যবাদ আৰু ধনতান্ত্ৰিকতাৰ লোহাৰ শিকলিয়ে বান্ধি ৰাখিছে, আনপিনে সেই সৰ্বসাধাৰণক ব্যক্তিস্বাৰ্থ পূৰণৰ বাবে যুগে যুগে বিপথে পৰিচালিত কৰি অহা সুবিধাবাদী মধ্যবিত্ত শ্ৰেণীটোক …

অধিক চাওক

বিষ্ণু ৰাভাৰ জীৱন লেখা ‘কল্যাণ খৰমান’ আৰু অন্যান্য ( মীনাক্ষী বৰুৱা )

প্ৰতি বছৰে ২০ জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বন্দনাৰে অসমৰ আকাশ-বতাহ মুখৰিত হৈ উঠে। চৰ্চিত হৈ পৰে গীত, নৃত্যকে আদি কৰি অসমীয়া কলা কৃষ্টিলৈ তেওঁ যোগাই যোৱা অৱদানৰ কথা। পিছে এই উচ্ছ্বাসৰ ঢৌত অচৰ্চিত হৈ ৰয় দুঃসাহসী শিল্পীজনাৰ বিপ্লৱী সত্ত্বাৰ প্ৰসংগ। বিষ্ণুপ্ৰসাদ ৰাভা আছিল সমাজবাদ আৰু মানৱতাবাদত বিশ্বাসী বিপ্লৱী গণশিল্পী। …

অধিক চাওক

মুক্তি দেউলৰ ৰূপকাৰ বিষ্ণু প্ৰসাদ ৰাভা ( চিন্ময় মাধুৰ্য ডেকা)

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ পাছতে বিষ্ণু প্ৰসাদ ৰাভাক অসমৰ সৰ্বকালৰ এজন শ্ৰেষ্ঠ অসমীয়া হিচাপে অভিহিত কৰিব পাৰি। বিষ্ণু ৰাভাই জ্যোতিপ্ৰসাদৰ ৰূপান্তৰৰ আদৰ্শৰ মাজেৰেই অসমক চিৰসুন্দৰ কৰাৰ সংকল্প লৈছিল। তিলক হাজৰিকাৰ ভাষাত ক’বলৈ গ’লে– “জ্যোতিপ্ৰসাদৰ ‘জনতা’ হল ৰাভাৰ ‘ৰাইজ’। জ্যোতিপ্ৰসাদে জনতাৰ প্ৰাণৰো প্ৰাণত লুকাই থকা শিল্পীজনক জগাই তুলিব …

অধিক চাওক