চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

ইকুৱেশ্বন।। মানস প্ৰতিম ফুকন।।

এটা গতানুগতিক কাহিনী সময়ৰ পাখিলগা কাঁড়ত উঠি বছৰ বাগৰিল। ঋতুৱে ৰং সলালে, প্ৰকৃতিয়েও ন-ন ৰূপত ধৰা দিলেহি। হাঁড় কঁপোৱা শীতৰ সৈতে আলিংগনাবদ্ধ প্ৰকৃতিক মলয়াই দৌৰি আহি জনাই দিলে, ঋতুৰাজ বসন্তৰ আগমনৰ বতৰা। সেই বতৰা শ্ৰৱণ কৰি চঞ্চলা ফাগুনীৰ ভাকুটকুটনিত ঠেৰেঙা লাগি জুপুকা মাৰি বহি থকা বন-বিৰিখে সাৰ পাই উঠিল। নিজৰ …

অধিক চাওক

জোঁৱাই ধেমেলীয়া৷৷ টুনুজ্যোতি গগৈ৷৷

: ভঁৰালত ধান৷—ধনেশ্বৰ নিচাদেউৰ দূবৰিভৰা চোতালখনত আমি ‘হেই হেই হেইয়া, হেই হেই হেইয়া’ বুলি হুলস্থুল কৰি বৃত্তাকাৰে ঘূৰিবলৈ আৰম্ভ কৰাৰ ক্ষন্তেক পাছতেই পোনাকায়ে সুমধুৰ কণ্ঠেৰে কৈ উঠিল৷ ইতিমধ্যে মুখত এমোকোৰা হাঁহিৰে পাখৰিজনিয়ানী এপাদেউ টিনৰ দুৱাৰখন ঘেৰেংকৈ খুলি ওলাই আহে আৰু আগপিনৰ চালিখনৰ ভলুকা বাঁহৰ বিয়াগোম খুঁটা এটাত আঁউজি আমালৈ চাই …

অধিক চাওক

দিৰৈ পাৰৰ সোণামতী ৷৷ টুনুজ্যোতি গগৈ৷৷

কঁপি কঁপি জ্বলিব চকলঙৰ এশ এগছি চাকি৷ চাকিৰ পোহৰত উজলি উঠিব ভলুকাৰ কুন্দত কটা মুখ৷ ম-লুঙে অহৰহ উচ্চাৰণ কৰিব মাংগলিক মন্ত্ৰ৷ পিতাক ভদৰামে তাইক প্ৰিয়তমৰ হাতত সম্প্ৰদান কৰিব৷ তাই কাষৰ শৰাইত থোৱা হেংদান আৰু কৱচ বস্ত্ৰ প্ৰিয়তমক অৰ্পণ কৰি ক’ব– : এই হেংদানেৰে তুমি নিজৰ দেশ, নিজৰ পত্নী-পুত্ৰ আৰু নিজৰ …

অধিক চাওক

মধুচন্দ্ৰিকা ৷৷ পৰী পাৰবীন ৷৷

দৃশ্যাংশ ১: “পিঠিত এইটো কি দাগ লগাই ল’লি উৰ্ণী?”, উৰ্ণীৰ ডিঙিৰ পিছফালৰ ব্লাউজৰ ৰচীডালত গাঁথি মাৰি দি মাহীয়েকৰ ছোৱালী ঝৰ্ণাই টিপ্পনি মাৰিলে। “কি লাগিলনো অ’? চাওঁ মোহাৰি দেচোন”, উৰ্ণীয়ে আইনাখনত পিঠি দি ঘূৰি ঘূৰি চাবলৈ ধৰিলে। একোকে দেখা নাই তাই। “মোহাৰি দিলে নাযায় অ’ সোণজনী। হ’ব দে ওৰণি লৈ থাকিবি”, …

অধিক চাওক

বিজুলী চাকিৰ সমদল ( নাজমা মুখাৰ্জী )

এই সময়খিনিয়েই সেইখিনি সময়৷ পোহৰ আৰু আন্ধাৰৰ সীমাৰখা৷ সূৰ্যটো নৈৰ বুকুত মাৰ যায়৷ পোহৰবোৰে উজ্জ্বলতা হেৰুৱাই ম্লান হৈ পৰে৷ নৈৰ পাৰত জুৰ বতাহ বলে৷ পাৰৰ পাৰ্কখনলৈ বিভিন্ন বয়সী মানুহৰ সমাগম হয়৷ ল’ৰা-ছোৱালীবোৰে খেলে৷ জঁপিয়ায়৷ পখিলাবোৰে উৰি ফুৰে৷ অনতি দূৰৈত তলৰ নৈখন শান্তভাৱে বৈ যায় তেতিয়া৷ যেন জীৱনৰ অপৰাহ্নৰ আচৰণ৷ পানীত …

অধিক চাওক

বতাহী ঘৰ ( চিম্পী শইকীয়া )

পিছলৈ গৈ আছে দুয়োকাষৰ গছবোৰ, ঘৰবোৰ, আকাশৰ ক’লা কজলা ডাৱৰবোৰ৷ কিনকিন বৰষুণে বাছৰ খিৰিকীৰ কাঁচখন তিয়াইছে৷ তাৰ মাজেৰে দূৰলৈ চাই গৈ আছে দৰদী৷ মাজে মাজে পথাৰ, মাজে মাজে ঘৰ, সৰু-ডাঙৰ চহৰ, ওখ-চাপৰ গছ, মাজে মাজে একোটা আকাশচুম্বী টাৱাৰ৷ ঋতু টোপনি গ’ল৷ কোমল মুখখনত মিহি চুলিকোচা পৰি আমনি কৰিছে৷ চুলিখিনি ঠিক …

অধিক চাওক

বাৰ ঘন্টা ( সুব্ৰতা গোস্বামী )

দুপৰীয়াটো পাৰ হৈ আবেলি হ’বৰ ঠিক আগৰ এই সময়খিনিত কিবা এক অৱসাদ নে উদাসীনতাই আগুৰি ধৰেহি মোক।খিৰিকীৰ পৰ্দাখনেৰে ৰ’দজাক আহি চকুত পৰিছে। বাহিৰত কতো এটা শব্দও শুনিবলৈ নাই। চৌদিশ নিমাওমাও। দেওবাৰৰ এনেকুৱা দুপৰীয়াবোৰ বৰ অস্বস্তিকৰ।বিচনাখনৰ এটা মূৰত মই বাগৰ দি আছোঁ অথচ টোপনি যাবলৈও মন যোৱা নাই। ওচৰতে পৰি থকা …

অধিক চাওক

মায়ামৃগ (প্ৰতীক্ষা প্ৰিয়ম )

ফেইচ বুকত সতকাই দেখি থকা মানুহজন এদিন নোহোৱা হ’ল। ষ্টেটাছ আৰু কথাবিলাকৰ পৰা চাই প্ৰচণ্ড জেদী আৰু খিঙখিঙীয়া যেন লগা মানুহজনে দৈনিক এটাকৈ আপলোড কৰা কবিতালানিৰ মাজত মায়াই নিজকে বিচাৰি পাবলৈ সক্ষম হৈছিল। কালক্ৰমত সেই কবিতা প্ৰীতি এনেকুৱা এটা পৰ্যায়ত উপনীত হ’ল যে ফেইচবুক লগ ইন্ কৰিয়েই মায়াই বিহ্বলচিত্তে বাট চাই …

অধিক চাওক