চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

ফিডেল কাষ্ট্ৰোৰ দেশৰ নাৰীঃ কিছু বাস্তৱ অভিজ্ঞতা ( অসমী গগৈ )

বিপ্লৱী বিশ্বৰ অনন্য কিউবা ফিডেল কাষ্ট্ৰোৰ দেশ,এই ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰখনে সমাজ তন্ত্ৰৰ ধ্বজা উৰুৱাই আজিও বিশ্ববাসীক আকৰ্ষিত কৰি ৰাখিছে। বিশেষকৈ নৱ প্ৰজন্মক উজ্জীৱিত কৰি এখন শোষণমুক্ত সাম্যৰ সমাজ নিৰ্মাণৰ সংগ্ৰামী লক্ষ্যত প্ৰেৰণা যোগাই আহিছে। ২০০৯ চনত কিউবাই বিপ্লৱৰ সোণালী জয়ন্তী উদযাপন কৰি ৫৮বছৰত পদাৰ্পণ কৰি সমাজতন্ত্ৰৰ ধাৰা অব্যাহত ৰাখিছে ।বিপ্লৱোত্তৰ …

অধিক চাওক

সাম্ৰাজ্যবাদ বিৰোধী ঐক্য,শান্তি আৰু মৈত্ৰীৰ ধ্বনিৰে হাৱানাত চতুৰ্দশ বিশ্ব যুৱ ছাত্ৰ মহোৎসৱ ( সুপ্ৰকাশ তালুকদাৰ )

(১৯৯৭ চনত অনুষ্ঠিত ‘হাভানা চতুৰ্দশ বিশ্ব যুৱ-ছাত্ৰ মহোৎসৱ’ত ভাৰতৰ প্ৰতিনিধি হিচাপে অসমৰ কমিউনিষ্ট যুৱ নেতা সুপ্ৰকাশ তালুকদৰে অংশ গ্ৰহণ কৰিছিল । তেওঁৰ এই অভিজ্ঞতা আৰু তথ্য সম্বলিত প্ৰবন্ধটি ১৯৯৭ চনৰ ‘গণশক্তি’ কাকতত প্ৰকাশ পাইছিল৷ লেখাটোৰ প্ৰাসংগিকতা অনুভৱ কৰি পুনৰ প্ৰকাশ কৰা হ’ল৷) বিশ্বৰ সাম্ৰাজ্যবাদ বিৰোধী অন্যতম বৃহত্তম মঞ্চ বিশ্ব যুৱ-ছাত্ৰ …

অধিক চাওক

ফিডেলৰ দেশৰ অৰ্থনীতি ( ভাস্কৰ জ্যোতি বৰুৱা )

(১) বিপ্লৱৰ আগৰ কিউবাখন লেটিন আমেৰিকাৰ আগশাৰীৰ এখন সফল দেশ আছিল। আৰ্থ-সামাজিক দিশৰ পৰা ইউৰোপৰ স্পেইন আৰু পৰ্টুগালৰ লগত তুলনা কৰা হৈছিল। ১৯৫০ চনৰ কিউবাৰ গড় জনমূৰি আয় ইটালীৰ সমান আছিল। জাপানতকৈ ওপৰত স্থান আছিল কিউবাৰ। হাভানা আছিল পৰ্যটকৰ উত্তম বিনোদন কেন্দ্ৰ। ইমানেই যদি দেশ আগবঢ়া আছিল, তেন্তে কিউবা বিপ্লব …

অধিক চাওক

ফিডেলৰ এখনি ব্যক্তিগত চিত্ৰপট ( মূলঃ গেব্রিয়েল গাৰ্চিয়া মার্কেজ, অনুবাদঃ ৰত্না ভৰালী তালুকদাৰ)

কিউবালৈ ফুৰিবলৈ অহা এগৰাকী বিদেশী পর্যটকক এসপ্তাহৰ বাবে সংগ দি ফিডেল কাষ্ট্রোৱে তেওঁৰ বিষয়ে কৈছিলঃ “বাপৰে, মানুহজনে কেনেকৈ ইমান কথা পাতিব পাৰে,তেওঁ দেখোন মোতকৈও বেছি কথা কয়।” ফিডেল কাষ্ট্রোক জানিবলৈ হ’লে এই কথা বুজি পাব লাগিব যে সেই কথা আছিল অতিৰঞ্জিত, অতি বেছি অতিৰঞ্জিত, কিয়নো কথোপকথনৰ প্ৰতি ফিডেলতকৈ অত্যধিক আসক্তি …

অধিক চাওক

মৃত্যুঞ্জয়ী আদৰ্শ ( নিৰঙ্কুশ নাথ )

মানকাদা আক্ৰমণৰ পাছত বিদ্ৰোহীসকলক বাতিস্তা সৈন্যই বিচাৰি ফুৰিছিল। এটা আক্ৰমণকাৰী গোটক আটক কৰা হল। তেওঁলোকক গুলীয়াবলৈ ধৰাত সৈন্যসকলক উদ্দেশ্যি সৈনিক বিষয়াই চিঞৰি উঠিল– “Don’t shoot, don’t shoot ” আৰু কোনেও নুশুনাকৈ ভোৰভোৰাই উঠিল –“ideas cannot be killed”. সেই গোটেতেই আছিল ফিডেল কাষ্ট্ৰো। তেওঁলোকক আটক কৰাৰ পিছত লৈ যোৱাৰ সময়ত তেওঁ …

অধিক চাওক

ফিডেল, তুমি আকৌ আহিবা ( ডা: অজিত কুমাৰ পটঙ্গীয়া )

কিউবা দেখিছা, দেখা নাই কেতিয়াও শুনিছো মাথোঁ… নীলিম সাগৰৰ বুকুৰ ৰঙা নিচানৰ গাঁথা… অতীতত মানুহ সত্য পালনৰ বাবে বনলৈ গৈছিল। ৰাম-লক্ষণ গৈছিল। ঋষি-মুনিসকল গৈছিল। পৃথিবীত সুদূৰ অতীতৰ পৰা আজিলৈকে ন্যায় বিচাৰি মানুহ বনলৈ গৈ আছে – সেউজ গছৰ ছাঁত বহি, সেউজ আভৰণ পিন্ধি অত্যাচাৰী কোনো শাসকে জনগণৰ প্ৰতি কৰা ভূলবোৰ …

অধিক চাওক

জাতীয় মুক্তি সংগ্ৰাম : কিউবাৰ পৰা অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ ( ৰক্তিম শৰ্মা )

বৃহৎ জাতিৰ ভাষিক-সাংস্কৃতিক তথা আৰ্থ-ৰাজনৈতিক আগ্ৰাসনৰ পৰা মুক্তিৰ স্পৃহা বিশ্বৰ প্ৰতিটো নিৰ্যাতিত জাতিৰে এক স্বাভাৱিক বৈশিষ্ট্য। বৃটিছৰ দৰে বৃহৎ শক্তিসমূহে সমগ্ৰ বিশ্বতে নিজৰ উপনিবেশ প্ৰতিষ্ঠাৰ পিছৰে পৰা যুগে যুগে উপনিবেশিক শোষণৰ বিৰূদ্ধে জনতাৰ সংগ্ৰাম অব্যাহত আছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰাই সমগ্ৰ বিশ্বতে সাম্ৰাজ্যবাদী শক্তিৰ প্ৰত্যক্ষ উপনিবেশৰ পৰা মুক্তি পাবলৈ জাতীয় …

অধিক চাওক

ফিডেল মানুহৰ মাজত কিয় জীয়াই থাকিব ? (সন্দীপন তালুকদাৰ)

সাধাৰণ মানুহৰ কথাৰে ইতিহাস ৰচনাক প্ৰভাৱিত কৰা এডুৱাৰ্ডো গেলিয়ানো(Eduardo Galeano)-এ তেওৰ গ্ৰন্থ “Mirror(Espejos)” ত ফিডেল কাষ্ট্ৰো সম্পৰ্কে কৈছিল যে ফিডেলৰ উদ্দীপ্ত আৰু আপোচবিহীন নেতৃ্ত্বৰ দেশ এখনৰ জন্ম দিয়াত যুগান্তকাৰী অৱদান আছে। এই দেশেই হ’ল কিউবা, যাৰ জন্ম হৈছিল উপনিবেশৰ অৱয়ৱ ভাঙি এক শোষণমুক্ত সমাজ গঢ়াৰ সপোনেৰে, মহান কিউবান বিপ্লৱৰ মাধ্যমেৰে। …

অধিক চাওক