চ’ৰাঘৰ / টেগ পেটাৰি

টেগ পেটাৰি

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ ১৯৫১ বিচৰাসকললৈ একাষাৰ ৷৷ লক্ষ্যজ্যোতি গগৈ৷৷

এক . মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ১৯৭১ চনক ভিত্তিবৰ্ষ কৰি NRC ৰ কাম চলি আছে বাবে ১৯৫১ বা ১৯৭১ চনৰ বিতৰ্কত সোমোৱা নাছিলোঁ। কিন্তু শেহতীয়াকৈ দেখা পাইছোঁ যিসকলে ১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে বিচাৰে, তাৰ অধিকাংশই আৰ এছ এছৰ সমৰ্থক। তেওঁলোকেই নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ বিচাৰে, অথচ যুগ যুগান্তৰলৈ অহা হিন্দু বিদেশীক …

অধিক চাওক

মুছলমান সমাজৰ সংকট : দুটামান কথা ৷৷ জিতেন বেজবৰুৱা৷৷

“সংখ্যালঘু কোনো সম্প্ৰদায়ৰ ভয়াৰ্ত মনটিৰ নুফুটা আৰ্তনাদ নিজেই প্ৰকাশ কৰি মিঠা যেন এটি নিৰাপত্তা হওঁ” – ভূপেন হাজৰিকাই প্ৰায় পাঁচটা দশকৰ পূৰ্বে এইবুলি গাইছিল। আজি গোৱা হ’লে হয়তো ৰাইজে তেওঁক পাকিস্তানলৈ পঠাবলৈ হুলস্থূল লগালেহেঁতেন। সংখ্যালঘুৰ সংকট আগতেও আছিল, আজিও আছে। কিন্তু আজি সেই সংকটৰ গুণগত পৰিবৰ্তন ঘটি চূড়ান্ত ভয়াৱহ ৰূপ …

অধিক চাওক

আৰ এছ এছৰ সপক্ষে ৷৷ জিতেন বেজবৰুৱা৷৷

আপোনাসৱে কিয় ইমান আৰ এছ এছক বেয়া পায় বুজিব নোৱাৰো। মই ভাবো, এয়া অজ্ঞতা নতুবা বিদ্বেষৰ ফলত হৈছে। মাথাটো অলপ ঠাণ্ডা কৰি গোলৱালকাৰজী বা দীনদয়ালজী বা শ্যামাপ্ৰসাদজীৰ ৰচনা দুখনমান পঢ়কচোন – আপোনাৰ ভুল ভাগিব। আগতে মোৰো কিছু ভুল ধাৰণা আছিল, কিন্তু সেই মহান চিন্তাবিদসকলৰ ৰচনাৰাজি পঢ়াৰ পাছত আৰু আৰ এছ …

অধিক চাওক

অখিল গগৈৰ মুক্তিৰ দাবীত দিল্লীত প্ৰতিবাদ # কাৰাৰুদ্ধ গগৈৰ বাণীবদ্ধ বক্তব্য #

দিল্লী একচন কমিটি ফ’ৰ অসমে কৃষক নেতা অখিল গগৈক অসম চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত তথা ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ২৮ ছেপ্তেম্বৰৰ বিয়লি ৩.৩০ বজাৰ পৰা দিল্লীস্থ অসম ভৱনৰ সন্মুখত দিল্লী পুলিচ আৰু চি আৰ পি এফৰ অভূতপূৰ্ব প্ৰতিৰক্ষা বেষ্টনীৰ মাজতো ডেৰঘণ্টীয়া এক প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰে। দিল্লী …

অধিক চাওক

অসমত বিজেপিৰ উত্থানৰ ইতিহাস আৰু প্ৰচাৰ কৌশল ( সমুদ্ৰ শংখ গগৈ )

এই লিখনিৰ দ্বাৰা মই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক গালি পাৰি আঁতৰাই দিয়াৰ দিশ দেখুৱাব বিচৰা নাই। সেই কামটো লোকতান্ত্ৰিক ব্যৱস্থাই সময় মতে কৰি আহিছে আৰু কৰি যাব। ইতিহাস ইয়াৰ সাক্ষী। কথাটো হ’ল, ভাৰতৰ এই গণতান্ত্ৰিক ব্যৱস্থাৰ সহায়েৰে উঠি অহা ভাৰতীয় জনতা পাৰ্টিৰ অগণতান্ত্ৰিক কাৰ্যকলাপ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৃষ্ঠপোষকতাত জন্ম লাভ কৰা …

অধিক চাওক

সাম্প্ৰদায়িকতাৰ আগ্ৰাসন আৰু নাৰী সমাজ ( গীতালী বৰপাত্ৰগোঁহাই )

“মহিলা সমাজ এখন আৰ এছ এছৰ প্ৰধান টাৰ্গেট” – এই কথাষাৰি গৌতম ৰয় নামৰ পশ্চিমবংগৰ এজন লেখকে এটা ব্লগত লিখা কথা। ৰয়ে লিখিছে যে কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰৰ ম্যাদ তিনিবছৰ অতিক্ৰম হোৱাৰ সময়ত আৰ এছ এছে ইয়াৰ শাখা সংগঠন ‘ৰাষ্ট্ৰ সেৱিকা সমিতি’ক বিশেষভাৱে সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে কৰ্মসূচী হাতত লৈছে। …

অধিক চাওক

বিকল্প ৰাজনীতিৰ প্ৰসংগত ( জিতেন বেজবৰুৱা )

এতিয়া আৰএছএছ-বিজেপিৰ ৰাজনীতিৰ সমালোচনা কৰিলেই বিকল্পৰ প্ৰশ্নটো আহি পৰে। আমি লেখা-মেলা কৰোতে বহু সময়ত প্ৰশ্নৰ সন্মুখীন হওঁ, বিকল্প ৰাজনীতিৰ কথাটো স্পষ্টভাৱে আলোচনা কিয় কৰা নাই বুলি। আচলতে বিকল্প ৰাজনীতিৰ কথাহে আমি ক’ব বিচাৰো, বিকল্প ৰাজনৈতিক দলৰ কথা নহয়। সঁচা কথা ক’বলৈ গ’লে, এতিয়া বিজেপিৰ বিপৰীতে সমৰ্থন কৰিব পৰা কোনো ৰাজনৈতিক …

অধিক চাওক

বিকল্পৰ প্ৰয়োজনীয়তা আৰু বাস্তৱতা (কাশ্যপ চৌধুৰী)

স্বাধীনোত্তৰ ভাৰতবৰ্ষত দীৰ্ঘদিন শাসন কৰা দলটোৱেই হৈছে, কংগ্ৰেছ৷ পূৰ্বতে এই দলৰ প্ৰতি মানুহৰ আস্থা থাকিলেও পৰৱৰ্তী পৰ্যায়ত মানুহে এই দলৰ প্ৰতি বিদ্বেষ ভাব পোষণ কৰিবলৈ লয়৷ ইয়াৰ বিভিন্ন কাৰণ আছে যদিও বিশেষকৈ ইউ পি এৰ আমোলত দলৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰে সীমা চেৰাই যোৱাটোৱেই প্ৰধান৷ তদুপৰি, কংগ্ৰেছ চৰকাৰে গ্ৰহণ নতুন আৰ্থিক নীতিৰ ফলত …

অধিক চাওক