দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / গল্প (পৃষ্ঠা 4)

গল্প

সেই এৰাতি লামপুই বুঢ়ী আৰু এটা গাহৰি পোৱালি ( বিপাশা বৰা )

লামপুই বুঢ়ীয়ে কঢ়িয়াই অনা টোপোলাবোৰ উলিয়াই মাটিত থ’লে৷ সেই টোপোলাবোৰৰ পৰা জাপ মাৰি ওলাল কিছুমান সেউজীয়া বেং, কিছুমান শামুক আৰু কেকোঁৰা, কিছুমান মোক খা –মোক খা বেতগাঁজ, কল-পছলা আৰু ঢেঁকীয়া দুমুঠিমান ৷ কোৱাইৰ পিকে চেকা লগোৱা কাপোৰ আৰু মুখত অজস্ৰ ভাঁজৰ বুঢ়ীজনীয়ে তেওঁৰ পোহাৰখন বহলকৈ মেলি দি ফেৰফেৰীয়া বতাহত কুঁচি-মুচি …

অধিক চাওক

শৰীৰ-মন ( মলিন মজুমদাৰ)

শাৰীখন পিন্ধিবলৈ ল’লেই মিতালীৰ মনটো আজিকালি সংকুচিত হৈ পৰে। প্ৰথম সন্তানটো চিজাৰিয়ান, বিয়াৰ এবছৰ পাছতেই। তাৰ দুবছৰ পাছত গ’লব্লাডাৰ ষ্টোনৰ অপাৰেচন। বান্ধৱী সংগীতাই কৈছিল– অপেন চাৰ্জাৰি কৰিলে হেনো পেটত চৰ্বি বাঢ়েই ; তাইৰ দৰে। পাছলৈ সমগ্ৰ দেহলৈকে বিয়পিব। লাহে লাহে ভিতৰত কিছুমান আন পৰিবৰ্তনো হৈছিল। নিশাটো আগৰ নিচিনাকৈ ভাল লগা নহৈছিল। …

অধিক চাওক

প্ৰক্সি ( সমুদ্ৰ কাজল শইকীয়া )

ফটোচেচন শেষ হ’ল কি নহ’ল, অনুৰূপ আৰু দিবাকৰ কোবাকুবিকৈ গে’টখনৰ ফালে আগবাঢ়িল। ৰছিদে খিৰিকিৰে মাত দিলে- “কাহা জা ৰহে হ’?” “বহুত হ’ গয়া। বহুত হ’ল আৰু। আৰু ভিতৰতে সোমাই থাকিব নোৱাৰি।” “আৰে, কাপোৰতো সলনি কৰি যা।” কিন্তু সিহঁতে আৰু উভতি চোৱাত নাই। নতুন দিল্লীৰ ‘এক্ট এলাইক’ নামৰ নাট্যগোষ্ঠীটোৰ দ্বাৰা “সমাধান” …

অধিক চাওক

যমুনা থাকিবি বৈ (প্ৰতীক্ষা বৰা)

চকুৰ কাজল, ওঁঠৰ ৰঙা, এই সকলোখিনি আপোনাৰ পৰিচৰ্যা…!! এই চহৰ আজিকালি ৰোমাণ্টিক, বুগেনভেলিয়াৰ নিচাত ডুবি থাকে অতনু যৌৱন, সহস্ৰ বছৰ ধৰি যমুনাই হয়তো এনেকুৱা এটা দিনতেই খিলখিলাই হাঁহে, এটা বাঁহীৰ সুৰ, কোনো এটা পাৰত এতিয়াও ৰু-ৰুৱাই জ্বলি থকা হৃদয় এখনে নৱস্পন্দনত শিহৰিত হয়…এনেকুৱা এটা দিনতে। মালতীৰ চোতাললৈও শৰৎ আহে, মাজৰাস্তাৰ …

অধিক চাওক

সত্তৰ আশী ভৱিষ্যৎ ইত্যাদি (দেৱব্ৰত দাস)

ৰৈ ৰৈ ৰাস্তাৰে গধুৰ বুটৰ শব্দ গেৰেপ গেৰেপকৈ পাৰ হৈ যায়। নহ’লে ৰাস্তাটো নিজম-নিজান। চহৰত এতিয়া কাৰ্ফিউ। পৰহি ৰাতিৰ ভীষণ গণ্ডগোলটোৰ পাছৰেপৰা অথৰিটিৰ নিৰ্দেশমতে চহৰত এতিয়া চি আৰ পি আৰ্মিৰ শাসন। নাগৰিকৰ দৈনন্দিন কাৰ্যসূচী বিপন্ন। চহৰৰ বজাৰ-সমাৰ বন্ধ। মানুহৰ ওলোৱা-সোমোৱা নিষিদ্ধ। যান-বাহনৰ চলাচল স্তব্ধ। চহৰত এতিয়া কাৰ্ফিউ। সিহঁতৰ দুজনীয়া সংসাৰখনলৈ …

অধিক চাওক

বিচ্ছিন্ন অতীত (শিল্পীশিখা গগৈ)

ষ্টীলৰ কাঁহীখনৰ কাষটোত বাওঁহাতখনেৰে ধৰি সোঁহাতখনেৰে বাচন মজা, খাৰ লগা খেৰৰ সোপাটোৰে কাঁহীখন মাজোতে পটক পটককৈ শব্দ হ’ল৷ আপোনমনে বাচন মাজি থকা ৰুণুমীৰ মনটো শব্দটোৰ লগে লগে অতীতলৈ উৰা মাৰিব খুজিলে৷ অতীতৰ এসাগৰ সুখৰ নষ্টালজিয়াত বৰ্তমানৰ ৰুণুমীৰ অস্তিত্ব হেৰাই গ’ল৷ ক্ষন্তেকতে এই অতি চিনাকি, অতি আপোন শব্দটোৱে ৰুণুমীৰ কলিজাৰ এডোখৰ …

অধিক চাওক

গতি (ড° ছবি গগৈ)

এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰেলবোৰে উকিয়াই উকিয়াই ষ্টেচনটো পাৰ হৈ থাকিলে মনটোত এক বুজাব নোৱৰা সন্তুষ্টিয়ে বিৰাজ কৰি থাকে৷ সকলো ঠিকে ঠাকে চলি আছে, সময়ৰ লগে লগে আমিও গৈ আছোঁ, গতিশীল হৈ আছোঁ, পৃথিৱী আৰু জীৱনৰ গতি স্তব্ধ হৈ যোৱা নাই–এই জাতীয় আত্ম-প্ৰত্যয়ত এক ধৰণৰ প্ৰেৰণা অনুভৱ কৰোঁ৷ সন্তানৰ …

অধিক চাওক