দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / গল্প (পৃষ্ঠা 3)

গল্প

অন্ধলা ( নিপজ্যোতি ডেকা )

… গছ ভাল পোৱা প্ৰতিজনৰ হাতত … হঠাৎ গুচি আহিল বৰুৱা৷ যি মন যায় তাকে কৰি পেলোৱা বৰুৱাৰ পুৰণি স্বভাৱ৷ আজি কালি ঘূৰা-ফুৰাও বেছি হৈছে ৷ চাকৰিৰ পৰাহে অৱসৰ পালে, কামৰ পৰাতো নহয়৷ খংটোও বহুত বাঢ়ি গৈছে আজিকালি তেওঁৰ৷ হঠাতে খং কৰে, পিছত লাজো পায়৷ হ’লেও হওক, বৰ বেছি চিন্তা …

অধিক চাওক

দগ্ধ চৰিত্ৰ ( প্ৰতীক্ষা প্ৰিয়ম )

পুৱাবোৰ মাথোঁ বৰগীত নাইবা লোকগীতেৰেই আৰম্ভ কৰিব লাগে বুলি কিবা ধৰা বন্ধা নিয়ম আছে জানো? নাই নহয়, জুবিন গাৰ্গৰ পুৰণি গীত এটাৰেওতো দিনটো আৰম্ভ কৰিব পাৰি। যোৱা কিছুদিন ধৰি আমাৰ চুবুৰীয়া কেইঘৰেও তাকেই কৰি আহিছে। কোনে জানো আনি তেওঁলোকৰ ঘৰ সুমুৱালেহি জুবিন গাৰ্গৰ পুৰণি গীতৰ কালেকশ্বন এখিনি, আজিকালি ৰাতিপুৱা ছটা …

অধিক চাওক

মকৰা, শামুকৰ গল্প ( অভিজিত শৰ্মা বৰুৱা )

ৰাতি এঘাৰমান বজাত ভাত খাবলৈ বহিছোঁ। পকেটত ম’বাইল ফোনটো আছেই। ভাত খাই থাকোঁতেই ওপৰা-উপৰিকৈ চাৰিটামান এছ এম এছ অহাৰ এলাৰ্ট পালোঁ। মেছেজ আহিলেই যেনিবা, সেইবুলি মই ভাত খোৱা এৰি সেইবোৰ চাই থাকিমনে? মই মেছেজলৈ ভ্ৰূক্ষেপ নকৰি প্ৰথমে ভাতকেইটা ভালদৰে খাই ল’লোঁ। তাৰ পাছত মুখ-হাত ধুই বিছনালৈ গ’লোঁ। বিছনাত পৰিহে ফোনটো …

অধিক চাওক

ইয়াত এখন দলং হ’ব ( জুৰী বৰা বৰগোহাঞি )

(১) মণিৰাম দত্ত, আৰিফ চিদ্দিকি, নবনীত গোস্বামী একেলগে উঠিল৷ আধাখোৱা গিলাচ, ভজা মাংসৰ প্লেট, চিগাৰেট, কেঁচা পিঁয়াজৰ গোন্ধ কোঠাটোত এৰি গ’ল৷ পুলিন দাস তীব্ৰ নিচাত বহি আছে৷ মাজে মাজে উষ্ণতাত তেওঁৰ গাল-মুখ তিতি আহে৷ ৰুমাল লৈ মচে৷ আকৌ ঘামে৷ নবনীতৰ নতুন গাড়ীৰ মিহি শব্দ দূৰ হৈ গ’ল, মণিৰাম দত্তৰ বুলেটৰ …

অধিক চাওক

ভূতালি ( টুনুজ্যোতি গগৈ )

ভূত হোৱাৰ ইচ্ছা জাগিছে ! অ’ মই এটা ভূত হ’ব খোজো৷ সেই যে সৰুতে আইতাৰ মুখেৰে শুনিছিলোঁ এচকুৱা ভূতৰ কাহিনী, বলোটঙনাৰ এৰাবাৰীখনত তাৰ বাসস্থান, গৰু-ছাগলী বা খৰি বিচাৰি বাৰীখনলৈ যোৱা কাৰোবাৰ গাত লম্ভি আহি মহা পয়মালৰ সৃষ্টি কৰিছিল সি, ফটিক বেজৰ সৰিয়হ, মন্ত্ৰপুত পানীয়েও সহজে খেদিব পৰা নাছিল তাক, ৰঙা …

অধিক চাওক

মৌন নাদ ( লীনা শৰ্মা )

মোৰ যিমান দূৰ মনত আছে, চহৰৰ কোনোবা এটা উপকণ্ঠ অঞ্চলত সেই ঘৰটো আছিল, ঘৰটোৰ সন্মুখেৰে এখন পাহাৰীয়া নদী বৈ গৈছিল আৰু ঘৰটোৰ অলপ আঁতৰৰ পৰাই এখন পাহাৰ এঢলীয়াকৈ ওপৰলৈ উঠি গৈ আকাশ স্পৰ্শ কৰাৰ স্পৰ্ধা কৰিছিল। ঘৰটো আৰু নদীখনৰ মাজত এজোপা বেলগছ আছিল আৰু সেইখিনিতে ৰৈ মই কেতিয়াবা নদীখনৰ ফালে, …

অধিক চাওক

আৱহ আৱাহন, হে জীৱন! ( গীতালি বৰা )

শেষবাৰৰ বাবে যমুনাই যেতিয়া তাইৰ মৃত সন্তানটিক স্পৰ্শ কৰিছিল, তাই জনা নাছিল তাইৰ ভিতৰত কোনটো বোধ প্ৰবল আছিল– নিজৰ তেজ-মঙহেৰে গঢ়া এক ক্ষুদ্ৰ শৰীৰক স্পৰ্শ কৰাৰ আনন্দ নে সেই শৰীৰ প্ৰাণহীন হোৱাৰ বিষাদ! পাছত যেতিয়া তাই সেই মুহূৰ্তটোৰ কথা ভাবিছিল, তাইৰ মনত পৰিছিল মুংখৰ সেই বিখ্যাত পেইণ্টিংখনলৈ, য’ত আকাশ-পৃথিৱীৰ সমস্ত শুহি …

অধিক চাওক

ফিটা ছিঙা হাৱাই চেণ্ডেলযোৰ আৰু এটা শেষ নোহোৱা গল্প ( জুৰি বৰুৱা )

এই যাত্ৰা বৰ আমোদজনক নহবও পাৰে । অথচ এই যাত্ৰাতে আমি সহস্ৰবাৰ চিঞৰো । এই যাত্ৰা গৈ থকা মানুহৰ ভৰিৰ ঘামেৰে ভিঁজি থাকে। এই যাত্ৰাত কোনো চৰ্তৰ প্ৰতিলিপি নাই । এই এটা মাত্র যাত্ৰাৰে আমি কেঁচা মাটিৰ বাটৰ পৰা শিলগুটি দিয়া ৰাস্তালৈ উঠো । ঠিক কিহৰ প্ৰয়োজনত এই এটা মাত্র …

অধিক চাওক