বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / কথাশিল্প / গল্প (পৃষ্ঠা 2)

গল্প

দুখ ( ধ্ৰুৱজ্যোতি দত্ত )

: এক্সকিউজ মি৷ : য়েছ৷ : আপোনাৰ কাষত বাৰু কোনোবা আছেনে ? : নাই বহক৷ আগন্তুক যাত্ৰীজনক মই কৈ উঠিলোঁ। যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী ট্ৰেভেলাৰখনে তেতিয়াও যাত্ৰা আৰম্ভ কৰা নাছিল৷ সময় তেতিয়া পুৱা ছয় বাজিছে৷ মই সোঁফালৰ খিৰিকীৰ কাষৰ ছীটটোত বহি বাহিৰলৈ চাই কিবা এক বজাৰ মিটিংখনৰ কথাই ভাবি আছোঁ …

অধিক চাওক

বতাহী ঘৰ ( চিম্পী শইকীয়া )

পিছলৈ গৈ আছে দুয়োকাষৰ গছবোৰ, ঘৰবোৰ, আকাশৰ ক’লা কজলা ডাৱৰবোৰ৷ কিনকিন বৰষুণে বাছৰ খিৰিকীৰ কাঁচখন তিয়াইছে৷ তাৰ মাজেৰে দূৰলৈ চাই গৈ আছে দৰদী৷ মাজে মাজে পথাৰ, মাজে মাজে ঘৰ, সৰু-ডাঙৰ চহৰ, ওখ-চাপৰ গছ, মাজে মাজে একোটা আকাশচুম্বী টাৱাৰ৷ ঋতু টোপনি গ’ল৷ কোমল মুখখনত মিহি চুলিকোচা পৰি আমনি কৰিছে৷ চুলিখিনি ঠিক …

অধিক চাওক

সাগৰ ( জনাৰ্দন গোস্বামী)

কাঁচৰ গিলাচত ফেনিল বীয়েৰ। সন্মুখত সুনীল সমুদ্র। আকণ্ঠ পিয়াহ। এনেহে লাগে যেন সাগৰখনকে শুহি খাম। বুটবুট ফেনবোৰ মাৰ যোৱাৰ পাছত চুমুক দিওঁ সোণালী গিলাচত। বিভোৰ হৈ চাই থাকোঁ ইটােৰ পাছত সিটাে ঢৌৱে গুজৰি গুমৰি কাৰােবাক যেন খেদি আহে এই সাগৰ তীৰলৈ। আহে আৰু মাৰ যায়। মাথোঁ অহা আৰু যোৱা, উঠা …

অধিক চাওক

জিঞ্জিৰি ( পৰী পাৰবীন)

কাহিনীৰ অন্তিম পৰ্যায়: চবক… চবক… চবক… চবক । ৰাতি দুই বাজিছে । কাথনী বুঢ়ী শোৱাপাটীৰ পৰা ধহমহাই উঠিল । ক’ৰবাত কোৰেৰে মাটি খন্দাৰ শব্দ। টৰ্চটো আৰু লাঠিডাল লৈ কাথনী বুঢ়ী শব্দটোৰ ফালে আগবাঢ়িল। “নিমি মাজনী, তই ইয়াত কি কৰিছ অ’ এই ৰাতিখন? কিয় এইবোৰ কৰি আছ? ব’ল ভিতৰলৈ৷”, কাথনী বুঢ়ীয়ে উচপিচ …

অধিক চাওক

ক’লা গোলাপ ( গৌৰীশংকৰ ভূঞা)

“যেতিয়া আমি গাড়ীত গৈ থাকোঁ আৰু গাড়ীখনে হঠাতে ব্ৰেক মাৰি দিয়ে আমি আগলৈ হামখুৰি খাই পৰোঁ, এই অভিজ্ঞতা চাগে তোমালোকৰ নিশ্চয় হৈছে। পিছে ভা‌ৱি চোৱাচোন আমাকতো কোনো প্ৰকাৰৰ বল বা ফৰ্চে ঠেলি দিয়া নাই; তেনেহ’লে আমি কিয় পৰিলোঁ? এয়া প্ৰকৃততে সংঘটিত হয় প্ৰকৃতিৰ এক নিয়মৰ বাবে, আৰু নিয়মটো হ’ল গৈ …

অধিক চাওক

মায়ামৃগ (প্ৰতীক্ষা প্ৰিয়ম )

ফেইচ বুকত সতকাই দেখি থকা মানুহজন এদিন নোহোৱা হ’ল। ষ্টেটাছ আৰু কথাবিলাকৰ পৰা চাই প্ৰচণ্ড জেদী আৰু খিঙখিঙীয়া যেন লগা মানুহজনে দৈনিক এটাকৈ আপলোড কৰা কবিতালানিৰ মাজত মায়াই নিজকে বিচাৰি পাবলৈ সক্ষম হৈছিল। কালক্ৰমত সেই কবিতা প্ৰীতি এনেকুৱা এটা পৰ্যায়ত উপনীত হ’ল যে ফেইচবুক লগ ইন্ কৰিয়েই মায়াই বিহ্বলচিত্তে বাট চাই …

অধিক চাওক

ভগৱানৰ বিপদ ( মূল: মনোজ বসু, অনুবাদ: ড০ বৰ্ণালী বৰুৱা দাস )

ভগৱান সমস্যাত পৰিছে‌। শান্তি নাই‌। মানুহবোৰে চিঞৰি-বাখৰি‌ অতিষ্ঠ কৰি তুলিছে। যমক ক’লে — ‘তুমি অকমৰ্ণ্য‌৷’ ‘বহু চেষ্টা কৰিছো, ডাঙৰীয়া‌। নতুন নতুন বেমাৰ ওলাইছে, বেমাৰৰ বাবে দলে দলে ডাক্তৰো ওলাইছে‌। মৰিছেও এগাল‌। তথাপি, নকমে‌। কি কৰোঁ?’ ভগবানে উপদেশ দিলে, একেবাৰে কেচুঁৱাৰ পৰাই শেষ কৰি থাকা‌। বুদ্ধি বৃত্তি নহওঁতেই, মাত কথা নুফুটোঁতেই‌। শিশু-মহামাৰী …

অধিক চাওক

চকী ( প্রদ্যুম্ন কুমাৰ গগৈ)

এসময়ত এখন দেশত এজন মানুহ আছিল। মানুহজনৰ ঘৰত বহিবৰ বাবে এখনাে চকী নাছিল। আলহী-দুলহী আহিলে বহিছিল মজিয়াত, পীৰাত অথবা বিছনাত৷ অৱশ্যে মূঢ়া দুটামানাে আছিল। এদিন বজাৰৰ মােনা হাতত লৈ ঘৰলৈ ওভটোতে গলিৰ মূৰৰ কালীমন্দিৰটােৰ কাষৰে মানুহঘৰলৈ ভুমুকি মাৰি চাওঁতে দেখিলে- সমবয়সী মানুহ এজনে চকু-কাণ মুদি গীটাৰ বজাই আছে। তেওঁ ভাবিলে, …

অধিক চাওক