গল্প

ইকুৱেশ্বন।। মানস প্ৰতিম ফুকন।।

এটা গতানুগতিক কাহিনী সময়ৰ পাখিলগা কাঁড়ত উঠি বছৰ বাগৰিল। ঋতুৱে ৰং সলালে, প্ৰকৃতিয়েও ন-ন ৰূপত ধৰা দিলেহি। হাঁড় কঁপোৱা শীতৰ সৈতে আলিংগনাবদ্ধ প্ৰকৃতিক মলয়াই দৌৰি আহি জনাই দিলে, ঋতুৰাজ বসন্তৰ আগমনৰ বতৰা। সেই বতৰা শ্ৰৱণ কৰি চঞ্চলা ফাগুনীৰ ভাকুটকুটনিত ঠেৰেঙা লাগি জুপুকা মাৰি বহি থকা বন-বিৰিখে সাৰ পাই উঠিল। নিজৰ …

অধিক চাওক

জোঁৱাই ধেমেলীয়া৷৷ টুনুজ্যোতি গগৈ৷৷

: ভঁৰালত ধান৷—ধনেশ্বৰ নিচাদেউৰ দূবৰিভৰা চোতালখনত আমি ‘হেই হেই হেইয়া, হেই হেই হেইয়া’ বুলি হুলস্থুল কৰি বৃত্তাকাৰে ঘূৰিবলৈ আৰম্ভ কৰাৰ ক্ষন্তেক পাছতেই পোনাকায়ে সুমধুৰ কণ্ঠেৰে কৈ উঠিল৷ ইতিমধ্যে মুখত এমোকোৰা হাঁহিৰে পাখৰিজনিয়ানী এপাদেউ টিনৰ দুৱাৰখন ঘেৰেংকৈ খুলি ওলাই আহে আৰু আগপিনৰ চালিখনৰ ভলুকা বাঁহৰ বিয়াগোম খুঁটা এটাত আঁউজি আমালৈ চাই …

অধিক চাওক

অতিথিখানা৷৷ মানস প্ৰতিম ফুকন ৷৷

এজন নিৰাশ্ৰয় বাটৰুৱাই কোনো এঘৰ মানুহৰ ঘৰত ৰাতিটো থাকিবলৈ বিচাৰিলে। ঘৰৰ গিৰিহঁতে তাক হাতেৰে ইংগিত দি ক’লে ,” যা যা এইটো অতিথিখানা নহয় ।” বাটৰুৱাৰ মনত বৰকৈ লাগিল । সি গম্ভীৰ হৈ অলপপৰ ভাবিলে। পাছত টান মাতেৰে ক’লে,” মোৰ মতে এইটোৱেই অতিথিখানা।” বাটৰুৱাৰ কথা শুনি গিৰিহঁতে এইবাৰ প্ৰচণ্ড খঙেৰে কৈ …

অধিক চাওক

দিৰৈ পাৰৰ সোণামতী ৷৷ টুনুজ্যোতি গগৈ৷৷

কঁপি কঁপি জ্বলিব চকলঙৰ এশ এগছি চাকি৷ চাকিৰ পোহৰত উজলি উঠিব ভলুকাৰ কুন্দত কটা মুখ৷ ম-লুঙে অহৰহ উচ্চাৰণ কৰিব মাংগলিক মন্ত্ৰ৷ পিতাক ভদৰামে তাইক প্ৰিয়তমৰ হাতত সম্প্ৰদান কৰিব৷ তাই কাষৰ শৰাইত থোৱা হেংদান আৰু কৱচ বস্ত্ৰ প্ৰিয়তমক অৰ্পণ কৰি ক’ব– : এই হেংদানেৰে তুমি নিজৰ দেশ, নিজৰ পত্নী-পুত্ৰ আৰু নিজৰ …

অধিক চাওক

বমি ৷৷ টুনুজ্যোতি গগৈ৷৷

: ওৱাক… ওৱাক…ওৱাক৷ – মহীকান্তৰ ঘৰৰ পদূলিমুখত ৰৈ, নঙলা খুঁটা এটাত ধৰি লৈ জীৱেশ্বৰে বঁতিয়াইছিল৷ মদৰ নিচাত অপ্ৰকৃতিস্থ হৈ পৰা জীৱেশ্বৰৰ কাণ্ড-কাৰখানা ঘৰৰ পিৰালিৰ পৰা প্ৰত্যক্ষ কৰি মহীকান্তৰ ঘৈণীয়েক মালতীৰ মুখখন প্ৰচণ্ড খঙত ৰঙা পৰিছিল, মুহূৰ্তৰ ভিতৰত তাইৰ দুচকু যেন ভমভমাই জ্বলিহে উঠিব৷ প্ৰায় তিনিমিনিট সময় বমি কৰি জীৱেশ্বৰে দোৰোল …

অধিক চাওক

মধুচন্দ্ৰিকা ৷৷ পৰী পাৰবীন ৷৷

দৃশ্যাংশ ১: “পিঠিত এইটো কি দাগ লগাই ল’লি উৰ্ণী?”, উৰ্ণীৰ ডিঙিৰ পিছফালৰ ব্লাউজৰ ৰচীডালত গাঁথি মাৰি দি মাহীয়েকৰ ছোৱালী ঝৰ্ণাই টিপ্পনি মাৰিলে। “কি লাগিলনো অ’? চাওঁ মোহাৰি দেচোন”, উৰ্ণীয়ে আইনাখনত পিঠি দি ঘূৰি ঘূৰি চাবলৈ ধৰিলে। একোকে দেখা নাই তাই। “মোহাৰি দিলে নাযায় অ’ সোণজনী। হ’ব দে ওৰণি লৈ থাকিবি”, …

অধিক চাওক

আমি মানুহ ( দীপাঙ্ক বৰা )

কিমান পৰৰ পিছত চেতনা ঘূৰাই পাই চকু মেলিছিলো, অনুভৱ কৰিব পৰা নাছিলো। অন্ধকাৰ কোঠাটোৰ সেমেকা মজিয়াখনত পৰি আছিলো মই। সমগ্ৰ শৰীৰত অসহ্য বেদনা। অণ্ঠ কণ্ঠ শুকাই গৈছিল। সেপ গিলি শুকান হৈ পৰা ওঁঠদুটিত জিভাখন বুলাই দিওঁতে অনুভৱ কৰিছিলো, মুখমণ্ডলৰ ওপৰৰ আঘাতপ্ৰাপ্ত স্থানৰ পৰা বৈ আহি খমলা বন্ধা তেজৰ লুণীয়া সোৱাদ। …

অধিক চাওক

বিজুলী চাকিৰ সমদল ( নাজমা মুখাৰ্জী )

এই সময়খিনিয়েই সেইখিনি সময়৷ পোহৰ আৰু আন্ধাৰৰ সীমাৰখা৷ সূৰ্যটো নৈৰ বুকুত মাৰ যায়৷ পোহৰবোৰে উজ্জ্বলতা হেৰুৱাই ম্লান হৈ পৰে৷ নৈৰ পাৰত জুৰ বতাহ বলে৷ পাৰৰ পাৰ্কখনলৈ বিভিন্ন বয়সী মানুহৰ সমাগম হয়৷ ল’ৰা-ছোৱালীবোৰে খেলে৷ জঁপিয়ায়৷ পখিলাবোৰে উৰি ফুৰে৷ অনতি দূৰৈত তলৰ নৈখন শান্তভাৱে বৈ যায় তেতিয়া৷ যেন জীৱনৰ অপৰাহ্নৰ আচৰণ৷ পানীত …

অধিক চাওক