বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / কথাশিল্প / কবিতা (পৃষ্ঠা 4)

কবিতা

দিনবোৰৰ ডায়েল ক’ড৷৷ মমিন বৰা৷৷

হাতৰ মুঠিতে সমগ্ৰ পৃথিৱী আৰু যত অবাধ্য উড়ান তথাপি… ৰক্তহীনতাৰ এই দিনপঞ্জী এৰাই চলা কঠিন কাম প্ৰযত্নে স্বপ্নৰ স্বীকাৰোক্তি অথবা ভোকাতুৰ উপপাদ্য শুকুলা ডাৱৰৰ পদ্য এৰা বহু দিন হ’ল ইয়াত এতিয়া বাৰুদৰ বালিচৰ আৰু ইস্পাতৰ বুকু ডিজেলৰো দিন উকলিল চহৰত উৰি থাকে কেবল বেওৱাৰিছ লাচ এই খবৰবোৰে বতাহত বিয়পাই দিয়ে বিষাদ …

অধিক চাওক

কথাবোৰ ৷৷ যোজনা পাঠক৷৷

কিছুমান কথা অনৱৰতে কঢ়িয়াই লৈ ফুৰা যায় কথাবোৰত থাকে প্ৰতিখোজৰ সেউজীয়া ৰঙা আৰু কজলাৰঙী পাঠ আৰু বহু নপঢ়া পাঠ নপঢ়া পাঠেও চিঙিব পাৰে আঁত থাউকতে কাঢ়িব পাৰে পলসুৱা জীৱনৰ মাত হেৰাই বহুযোজন বাট৷৷

অধিক চাওক

 কেতিয়াবা।। যোজনা পাঠক ।।

কেতিয়াবা- হেঁপাহৰ বাটটো আছুতীয়া হ’লে বুকুত আঁচ টানি ৰৈ যোৱা সহজ কথাবোৰ অসহজ হৈ পৰে কথাবোৰ অসহজ হ’লেই- অবাধ্য অসাধ্য হৈ পৰে বুজা বা বুজোৱাৰ মায়াময়তা নিজক হেৰুৱাৰ সুতীব্ৰ শংকা অথবা আকাংক্ষাত উন্মাদ হৈ পৰে সময়।  

অধিক চাওক

তোমাক এবাৰ লগ পাম৷৷ সত্যেন্দ্ৰ বৰদলৈ৷৷

মই তোমাক এবাৰ লগ পাম মহাজাগতিক গছ এজোপাৰ তলত গাণিতিক তত্ত্ব আৰু ব্ৰহ্মাণ্ডৰ প্ৰয়োগশালাত ক্ষন্তেক জিৰণি ল’ম আৰু বিনিময় কৰিম পাৰ্থিৱ অনুভৱ তুমি খুলি যাবাঁ ৰহস্যৰ প্ৰতিখন বন্ধ দুৱাৰ কাণ পাতি শুনিবা তুমি প্ৰতিটো কৃষ্ণগহ্বৰৰ উচুপনি নহ’লে বিকিৰণ মাথো দুটিমান আলোকবৰ্ষ পাৰ হৈ তোমাক আকৌ এবাৰ লগ পাম মহাজাগতিক কোনো …

অধিক চাওক

কমিউনিষ্ট ফুলবোৰ৷৷ কিশোৰ কুমাৰ দাস ৷৷

ৰঙা ফুলবোৰ পূজাত নালাগে খঙাল কাঁইটে বিন্ধিব পাৰে হঠাতে বৰষুণ অবিহনেই ফুলবোৰ ফুলি থাকে বৈ থাকে সাগৰৰ ঘাম ধূলিৰ লগত যৌৱনৰ যুঁজ শীতত অভ্যস্ত পথাৰৰ তেজ ফাগুন যোৱাৰ পৰত যেতিয়া শাৰী পাতি ফুলবোৰে চহৰত পূজা পাতিবলৈ আহে কমিউনিষ্ট ফুলবোৰক ফুল বেপাৰীবোৰেই ভয় কৰে।।

অধিক চাওক

লেনিনক বগৰাই দিলো৷৷ শান্তনু শৰ্মা৷৷

এইবাৰ লেনিনক বগৰাই দিলো, ভাৰত মাতা কী জয় এইবাৰ মাওৰ ৰেড বুক পুৰি পেলালো, ভাৰত মাতা কী জয় ঘোষণা কৰিলো মাৰ্ক্সৰ মৃত্যু, দলিয়াই পেলালো হাভানা চিগাৰ জুই দিলো ফিডেলৰ দাড়িত, চে-গুৱেভাৰাৰ টুপীত আগবাঢ়ি গ’লো আৰু ক’লো লেনিন মৰিছিল চিফিলিচত মাও আছিল যৌনাচাৰী… ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয় …

অধিক চাওক

ৰঙা সাগৰ৷৷ উত্তম বৰুৱা৷৷

চেলকনা মাছৰ বুৰবুৰণি দেখিছা? অস্তিত্ব জাহিৰ কৰাৰ মৰসাহ, নে দুৰ্ভেদ্য পিঞ্জৰা ভাঙি এসাগৰ পৃথিৱী নিজৰ কৰাৰ বৰ্ষাপিপাসী সপোন! নাদৰ ভেকুলীৰ বুকুতো এখন সাগৰ আছে। লুণীয়া পানীৰে মণ্ডিত নহয় সেই সাগৰ! সেই সাগৰ সুৰক্ষিত আৱেষ্টনীৰ, সৰু অথচ স্বাধীন, প্ৰশান্ত, আটলাণ্টিক, ভাৰতৰ পৰিধিবিহীন আলি-পদূলিহীন এক বিশাল পথাৰ। এখনি ৰঙা সাগৰ সেয়া, সৰু …

অধিক চাওক

চোৰ৷৷ টুনুজ্যোতি গগৈ৷৷

দ’ পথাৰত ভুঁই ৰুই থাকোতে তাইৰ কৰঙনত জোকে ধৰিছিল গগনফলা চিঞৰ শুনি  নাঙল এৰি ঢপলিয়াই আহিছিল সি আৰু জোক এৰুৱাৰ চলেৰেই চুৰি কৰি নিছিল তাইৰ মন৷ গভাইত চোৰটোও এটা জোক হৈ পৰে ভয়-ভীত নলগা, মৰমলগা জোক৷ মৰমৰ জোকে লাহে লাহে শুহি নিয়ে মনৰ সকলো মৌ ফাগুনৰ পছোৱা বলে সি এটা …

অধিক চাওক