বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / কথাশিল্প / কবিতা (পৃষ্ঠা 3)

কবিতা

মোৰ দেশৰ মাটিত শইচ ফুলে৷৷ দিতুল চেতিয়া৷৷

মোৰ দেশৰ মাটিৰ গোন্ধই মোক ব্যাকুল কৰে প্ৰতিদিনে মোৰ দেশৰ আকাশে বতাহে মোৰ পিতৃ পিতামহৰ আত্মাই মোক ৰিঙিয়াই কয় এই দেশ মোৰ প্ৰাণৰ স্বদেশ মোৰ দেশৰ নদী দিচাং দিখৌ দিহিঙৰ পাৰে পাৰে মোৰ আজোককাৰ পদচিহ্ন মোৰ আইৰ হাতৰ চেনেহৰ পৰশ মোৰ দেশৰ আকাশৰ তৰা ফুলে বাৰে বাৰে কয় আমিয়ে অতীত …

অধিক চাওক

সেউজীয়া সপোনৰ অপেক্ষাত ৷৷ সত্যেন্দ্ৰ বৰদলৈ৷৷

চ’তহেন চোতালত নিতৌ ৰ’দাওঁ সাঁচতীয়া শব্দবোৰ মোৰ ৰুক্ষ আঙুলিৰে লিৰিকি বিদাৰি সযতনে সামৰি টোমত ভৰাওঁ পাভটিত তুলি থওঁ সিহঁতে কি কথা পাতে সপোন দেখে সেয়া অজান নৈমিত্তিক বসন্তত সূৰ্যাস্তৰ ছবি আঁকি পমুৱা পথাৰত সিঁচিবলে বাট চাওঁ মেদহীন শব্দবোৰ মোৰযে বৰ হেঁপাহ আঘোণৰ কুঁৱলীৰ মাজতো জাগি থকা সপোন এটাহে যেন মাজে …

অধিক চাওক

আঁহতে সলাবৰ পাত (এটা পুৰণি সাধুকথা !) ৷৷ দাদুল দেৱকৃষ্ণ৷৷

আঁহতে সলাবৰ পাত কাঁইটত কেতেকীৰ মাত কোঁৱৰৰ বুকুত বিষে ধৰে শুনা নাই কুঁৱৰীৰ মাত আউল বাউল কুঁৱৰীৰ চুলি বতাহৰ কাকৈৰে মেলে বান্ধি লৈ খোপা কলদিলীয়া তগৰ এপাহি গুঁজে তগৰ ফুলে ক’ত— বসন্তই মেলা পাতে য’ত খোপাত গুঁজে কোনে— কোঁৱৰৰ আকাশৰ জোনে বনত কান্দিলে বনৰ চৰাই মনত ধৰফৰাই কোন দেৱে নেজানে …

অধিক চাওক

ৰবি ঠাকুৰৰ নিলিখা কবিতাটো৷৷ নিবিড় অনুৰাগ মানস৷৷

ৰবি ঠাকুৰৰ পাকঘৰত এখন পীৰা আছে দিনৰ দিনতো ঠেলা চলাই এই চানমাৰী, এই বেলতলা সকলোতে ৰাতি ভাত খাবৰ সময়ত পীৰাখন টানে আৰু শোৱাৰ আগত প্ৰায়ে বিদ্ৰোহৰ কবিতা এটা লিখাৰ কথা ভাৱে কেতিয়াবা সপোনো দেখে আইনষ্টাইনে দাড়ি খজুৱাই ব্লেকবৰ্ডত কিবা এটা লিখে ৰবি ঠাকুৰ খপজপকৈ সাৰ পাই আঁঠুৱাখনলৈ চায় মহ এটাই …

অধিক চাওক

অভিমন্যু৷৷ উত্তম বৰুৱা৷৷

অভিমন্যু, পুৰুষে কন্দা দেখিছ কেতিয়াবা? তেন্তে কিয় কান্দ তই? পলে পলে বৰণ সলোৱা তেজপিয়াৰ দলে তোক গিলি পেলাব খোজে, আন্ধাৰত পুৰুষত্ব দেখুওৱা সেই নপুংশকৰ দলটিক তই কৰ নেকি ভয়? দ্ৰৌপদী মাতৃৰ বুকুৰ পিয়াহ তই পান কৰা নাই, মাথোঁ খোজে খোজে তই পি গৈছ মাতৃ অপমানৰ অবিৰত হলাহল। প্ৰতিশোধৰ দাবানলত আকণ্ঠ …

অধিক চাওক

শব্দশিল্প৷৷ দিতুল চেতিয়া৷৷

তুমি মৰাণ বিহুৰ এটা দীঘলীয়া সুৰ বিহুখোলাৰ শুৱনি তেজাল গাভৰু তুমি তুমি গুমৰাগৰ চেৱে চেৱে নচা কাংকান কনেং পয় চাংকেনত হিয়া উবুৰিয়াই পানী ছটিওৱা তুমি ৰূপহী পাচাও কেঁচাইখাতী শালৰ বিহুখোলাত উদ্বাউল হোৱা তুমি শদিয়াৰ কেঁচাসোণ বাগুৰুমবাৰ চিফুঙৰ সুৰত মতলীয়া হোৱা তুমি নাইনে মোজাং চিখলা কি নামেৰে মাতিম তোমাক বৰদৈচিলা নে …

অধিক চাওক

হীৰেন ভট্টাচাৰ্যৰ বসন্ত বিষয়ক কেইটিমান কবিতা

কতনা ব’হাগ মেঘৰ মাজেৰেও বগাই আহে সোণোৱালী সাপ সহজ কথাত : দুৰ্যোগৰ দুৰ্বিপাকেই মোৰ ব’হাগ।। মোৰ সমস্ত সত্তাক আহত কৰি বাজি উঠে তাৰ ৰাগ। বসন্তৰ বিলাস ১. নীলা তম্বুটোৰ তল ভৰি মুগ্ধ নিস্তব্ধতা, দিনান্তৰ ছাঁত কুলি-কেতেকীৰ মাত ২. কালি ৰাতি গছৰ শিপালৈকে বৰষুণ, চ’তৰ মাটিৰ গোন্ধ গছৰ গোটেই গাত, পাতৰ …

অধিক চাওক

দুঃসময়ৰ কবিতা৷৷ গীতিৰেখা দত্ত৷৷

আৎচা ইয়াৰ পিছত কি হ’ব উৎকণ্ঠিত দৰ্শকৰ চকু উৎকৰ্ণ শিৰ ভৎৰ্সনাসুৰৰ গোৰোহনি ফোঁপোহনিতো লেওসেও লতা যেন নহ’ল নিৰ্ভয়া আ….ও… ই কি, সুন্দৰীৰ সেও নমনা দাম্ভিক বচন ঠিক আছে…ঠিক আছে… একো কথা নাই এতিয়া পয়াৰ টানা বিলাপ মাতা ভৎৰ্সনাসুৰে তোমাৰ দেহৰ কাপোৰবোৰ খহাই নিয়ক এপদ এপদকৈ বিলাপ মাতা বিলাপ মাতা কেৱল …

অধিক চাওক