বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / কথাশিল্প / কবিতা (পৃষ্ঠা 14)

কবিতা

গণসংগীত (দেৱব্ৰত মহন্ত)

ভাং ভাং ভাঙি দে পুৰণি দুনীয়া স্বপ্ন ৰচোঁ যুগান্তৰৰ পৃথিৱী সলোৱা ৰূপান্তৰেহে মাথোঁ কৰে জগত ধুনীয়া সেয়ে স্বপ্ন ৰচোঁ এক ৰূপান্তৰৰ জগত ধুনীয়া নতুন মানুহৰ ভাঙি পিটি গঢ়ি যাওঁ নতুন নতুন ঘৰ মুক্ত মানুহৰ ভাঙি দে ভাঙি দে পুৰণি দুনীয়া সময় আহিছে আজি পঙ্গুৱে শৃংগ বিজয় কৰা ৷৷ দুসাজ ভাতৰ …

অধিক চাওক

বনলতা সেন ( মূল : জীৱনানন্দ দাস, অনুবাদ : মধুছন্দা চলিহা ভূঞা)

হাজাৰ বছৰ ধৰি মই বাট বুলিছো পৃথিৱীৰ পথত, সিংহল সমুদ্ৰৰ পৰা ঘন অন্ধকাৰৰ মালয় সাগৰত অনেক ঘূৰিছো মই ; বিম্বিসাৰ, অশোকৰ ধূসৰ জগতত তাত আছিলো মই ; আৰু দূৰ অন্ধকাৰৰ বিদৰ্ভ নগৰত; ক্লান্ত মই প্ৰাণী এটি , চাৰিওফালে জীৱনৰ ফেনিল্ সমুদ্ৰ, ক্ষন্তেক মোক দিছিল শান্তি নাটোৰৰ বনলতা সেনে চুলি তেঁওৰ …

অধিক চাওক

দুটা কবিতা (ড° কমল কুমাৰ তাঁতী)

পিতল-চকুৱা শুকান নৰাবোৰৰ কাষে কাষে পিতল-চকুৱাৰ দীঘল ভৰিৰ খোজ। ভৰিৰ আঙুলিৰে চুই চালোঁ। সেমেকি সেমেকি শুকান হৈ গৈছে। নামঘৰৰ নিতাল বাটচ’ৰাটো সেমেকি আছে। পিতনিৰ বোকা আৰু ৰঙচুৱা মাটিৰে। শিপা আৰু জৰায়ুৰ ঘাঁৰ কেঁচা ৰঙেৰে। কোনোবা এজনৰ দেহৰ গোন্ধেৰে। সিঞাৰি সিঞাৰি আমাৰ মাত শুকালত দেখিলোঁ বাহঁনিৰ মাজেৰে কাৰোবাৰ খোজ। কোনোবা কিশোৰীৰ …

অধিক চাওক

স্মৃতি (নিপজ্যোতি ডেকা)

স্মৃতিবোৰো যেন পখিলাৰ পাখি ডেও দি দি আহে উৰি পাখিত লৈ আহে তেওঁৰ মোৰ বহুত গধূলি।

অধিক চাওক

জীৱনৰ পাঁচটি স্তৱক (গিৰীশ্চন্দ্ৰ ভট্টাচাৰ্য্য)

এক মোৰ বেলিৰ নূৰ মই য’ত ৰাখিছোঁ তুমি কেনেকৈ পাবা তোমাৰ হাতত গলিত বাষ্প ইন্ধন হৈ জ্বলে মাথোঁ আজিৰ দিনৰ দিনপঞ্জী…৷ দুই মোৰ জিকাফুলীয়া নীৰৱতাখিনি তুমি খেপিয়াই চোৱা এন্ধাৰৰ জুইশলা কিমান আলফুলে সংগোপনে থাকে হেঁপাহৰ পোহৰৰ ৰেঙণি…৷ তিনি আজিৰ চিপচিপিয়া বৰষুণজাক মোৰ লগতে অহা ওন্দোলোৱা মেঘৰ মাজেৰে বৰ্ষাসিক্ত মনৰ কঙালী …

অধিক চাওক

ঘামৰ কবিতা (তিলক ৰয়)

ঘামৰ কেচেমা গোন্ধেৰে উৰ্বৰ ৰৌদ্ৰোজ্জ্বল আমাৰ দেহত ইতিহাসৰ প্ৰতিটো অধ্যায়ত চমতাৰ সজীৱ চাব! প্ৰতিবাৰ বাৰিষাৰ বানে ধৰ্ষণ কৰা পথাৰখনত যোৱাবাৰ বণিকে পাতিলে বেহা, পথাৰৰ পৰা পদূলিলৈ বন্ধকীৰ দৰদাম! ইতিহাস আৰু বৰ্তমানক উফৰাই দিব পৰাকৈ আমাৰ ঘামত এইবাৰ নতুনৰ সুঘ্ৰাণ, সপোনত তলবলীয়া নাঙল দাৱনীৰ লাৱনি হাতত ধাৰাল কাঁচি গাঁৱৰ বাটে বাটে …

অধিক চাওক