বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / কথাশিল্প / কবিতা (পৃষ্ঠা 10)

কবিতা

কোনেও নক’বা শেৱালিবোৰ ফুলি উঠিল বুলি ( গীতিৰেখা দত্ত )

কোনেও নক’বা শেৱালিবোৰ ফুলি উঠিল বুলি মোৰ চহৰত এতিয়া শৰতৰ অসময় প্লাষ্টিক অৰ্কিডৰ তোৰাত যিদৰে বসন্ত বাৰমাহে ফুলে বাথৰুমৰ চাৱাৰত যিদৰে বাৰিষাৰ বৰষুণ পৰে সেইদৰে হালধীয়া পৰ্দাবোৰত ৱালৰ বেঙুনীয়াবোৰত কোঠাৰ ভিতৰৰ বন্ধ বতাহত ৰুম ফ্ৰেছনাৰত নাইট জেচমিনৰ বিন্দু বিন্দু টোপাল দিনে ৰাতিয়ে সৰে গ্ৰীষ্ম বৰ্ষাৰ জীপাল ৰাতিবোৰত হেমন্ত শীতৰ শীতাৰ্ত …

অধিক চাওক

তোমাৰ প্ৰিয় ৰঙৰ এজোৰ পোচাক বিচাৰি (লীনা ফুকন গগৈ)

তোমাৰ প্ৰিয় ৰঙৰ এজোৰ পোচাক বিচাৰি চহৰখনৰ ধুনীয়া শ্বপিংমলৰ ভিন্নৰঙী কাপোৰৰ মাজত এদিন আবেলি নিজকে এৰি দিলোঁ খুঁচৰি খুঁচৰি ৰংবোৰলৈ দৃষ্টি এৰিলোঁ কোমলতা অনুভৱ কৰিব খুজি আলফুলে দুহাত বুলালো। আহ, মোৰ যে কি এই হাবিয়াস!! কি যে এক অদম্য তাড়না তোমাৰ প্ৰিয় ৰঙেৰে নিজক বুৰাই দিয়াৰ গাভৰু গাভৰু মন এটা …

অধিক চাওক

সাধু , তিনিটা সাধু ( ভাৰ্গৱজ্যোতি বৰা )

অ’ই চা আজি জাকুৱা সীমান্তত কি উৰিছে কি উৰিছে চিলা চিলনী আৰু পাতিহাঁহৰ পাখিত ৰৈ ৰৈ ৰজনজনাই ৰাতিৰ ঢেকীয়াপতীয়া ৰাতি ঢেকীয়াপতীয়া হুদুমদেও সন্ধিয়া আজি হৰলাঙৰ বাতি আজি বাতি কঁপিছে আজি মাটি কঁপিছে আজি তোৰ ভৰিৰ মুদ্ৰাত ৰাতি কঁপিছে কি হব বুৰৈৰ কি হ’ব বুৰৈৰ আজি বুৰৈৰ ডৰিক ডাকোৱাল ৰাতি তোৰ …

অধিক চাওক

কিছুদিনৰ পৰা চকুৰ অসুখত ভুগিছোঁ ( ৰন্ জন্ কুমাৰ ৰেগন )

  আপুনি কয় এয়াই জাতি, মই আকৌ দেখোঁ হিন্দু বাংলাদেশী। আপুনি কয় এয়াই মাটি, মই আকৌ দেখোঁ চপৰা চপৰে খহা গৰা, খহনীয়া, মৃত আৰু মুমূৰ্ষু মথাউৰি, পট্টাহীন খিলঞ্জীয়া, আৰু আপোনাৰ উচ্ছেদৰ কিৰিলি… আপুনি কয় বোলে প্ৰবল হৈ পৰিছে ভেটিৰ পোতন, মই দেখোঁ প্লিন্থ যেন থৰক বৰক ভেটি যেন উছন। নিৰ্বাচনৰ …

অধিক চাওক

মুখ ( অনিতা গগৈ )

  ( ‘অচিনা’ৰ কবি অমূল্য বৰুৱাৰ প্রতি শ্রদ্ধাৰে ) . নৈখনৰ পাৰলৈ উঠি আহিলোঁ কি নাহিলোঁ আমাৰ চকুবোৰ ধোঁৱা কোঁৱা . বজাৰত বতাহত হুৱাদুুৱা নেজাল তৰাৰ নেজত ধৰি কোঁ কোৱাই উৰি গৈছে মাংসপিণ্ডবোৰ . নামঘৰত ডবা কোবোৱাৰ দৰে বাৰুদৰ শব্দত হৈ ধ্বনি দি কৰতাল বজাই কবৰে গাইছে দোহা . ভৈয়াই …

অধিক চাওক

আহত আৰু নিহতসকলৰ সাধু ( ৰৌচন আৰা বেগম )

এই পৃথিৱীৰ আহত আৰু নিহতসকলে এদিন মর্মাহত হৈ মেল এখনৰ আয়োজন কৰিছিল, আলাই-আথানি দূৰ কৰিবলৈ বুলি দানপাত্রসমূহ ইষ্ট দেৱতাৰ কৰকমলত তুলি দিবলৈকো ঠিক কৰিছিল আৰু কৰণি উপচিপৰা বৰঙণিৰে বোজা পাতলাব বুলি ভাবি শান্তি লভিছিল। যাৰ উঞ্চ পৰশত ব্যাপ্তি-পৰিসমাপ্তি, যি সময়ৰ নির্নিমেষ নিৰ্ণায়ক, কৰুণা প্রাপ্তিৰ উদ্দেশ্যে সেই দিন আৰু ৰাতিক নিদ্রাৰপৰা …

অধিক চাওক

কৌস্তুভমণি শইকীয়াৰ কবিতা

চৈধ্য আগষ্টত মোৰ হিয়া ভাগে পোন্ধৰ আগষ্ট মোৰ আটাইতকৈ বিষণ্ণ দিন আঠষষ্ঠি বছৰে মই বহন কৰিছোঁ এই কলুষিত সোঁৱৰণি সিন্ধু গংগা লুইতৰ পাৰে পাৰে পৰুৱাই পোৱা অভিশপ্ত গতি পহিলাতে স্বাধীনতাৰ পাশাখেলত আয়ে হেৰুৱালে আত্মা ধৰ্ম ৰ হাথিয়াৰেৰে কাটি নিলে এটা চফল পয়োধৰ তাৰ পাছত ভাইৰ তেজত হাত ধুই পালন কৰা …

অধিক চাওক

অমৰ মৃত্যু ( ৰক্তিম শৰ্মা )

এসোঁতা তেজৰ নাম কেতিয়া নৈ হ’ব পাৰে ? কিদৰে বুকুবোৰ জ্বলি জ্বলি ছাঁই হয় ৰৈ ৰৈ শিল হয় প্ৰতিটো অপেক্ষাৰ ৰাতি ? কোনেও একো নুবুজিলে কাৰো অৱকাশ নাই শুনাৰ যদিও সহযোদ্ধাৰ তেজ লগা বাটেৰে অহৰহ অহা যোৱা প্ৰতিপল ৰাষ্ট্ৰৰ চৰ্দাৰী হেজাৰ অপমানৰ অন্তত আঁজুৰি লৈ যায় আইৰ সমস্ত ৷ কোনেনো …

অধিক চাওক