মঙ্গলবাৰ , জুলাই 17 2018
দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প (পৃষ্ঠা 5)

কথাশিল্প

কথাবোৰ ৷৷ যোজনা পাঠক৷৷

কিছুমান কথা অনৱৰতে কঢ়িয়াই লৈ ফুৰা যায় কথাবোৰত থাকে প্ৰতিখোজৰ সেউজীয়া ৰঙা আৰু কজলাৰঙী পাঠ আৰু বহু নপঢ়া পাঠ নপঢ়া পাঠেও চিঙিব পাৰে আঁত থাউকতে কাঢ়িব পাৰে পলসুৱা জীৱনৰ মাত হেৰাই বহুযোজন বাট৷৷

অধিক চাওক

অতিথিখানা৷৷ মানস প্ৰতিম ফুকন ৷৷

এজন নিৰাশ্ৰয় বাটৰুৱাই কোনো এঘৰ মানুহৰ ঘৰত ৰাতিটো থাকিবলৈ বিচাৰিলে। ঘৰৰ গিৰিহঁতে তাক হাতেৰে ইংগিত দি ক’লে ,” যা যা এইটো অতিথিখানা নহয় ।” বাটৰুৱাৰ মনত বৰকৈ লাগিল । সি গম্ভীৰ হৈ অলপপৰ ভাবিলে। পাছত টান মাতেৰে ক’লে,” মোৰ মতে এইটোৱেই অতিথিখানা।” বাটৰুৱাৰ কথা শুনি গিৰিহঁতে এইবাৰ প্ৰচণ্ড খঙেৰে কৈ …

অধিক চাওক

জয়মতী সম্পৰ্কে কিছু কথা৷৷ জিতেন বেজবৰুৱা৷৷

এইটো বিদ্যায়তনিকভাৱে প্ৰতিষ্ঠিত সত্য যে জয়মতী চৰিত্ৰটো তথা জীৱন-কাহিনীটো সম্পৰ্কে পৰ্যাপ্ত ঐতিহাসিক সমলৰ অভাৱ। পুৰণি বুৰঞ্জীসমূহত চৰিত্ৰটোৰ কোনো উল্লেখ পোৱা নাযায়। এই সংক্ৰান্তত জে. এম. ফ’ষ্টাৰে কাশীনাথ তামুলীফুকনৰ বুৰঞ্জীখনৰ যিটো আৰম্ভণিৰ সংস্কৰণৰ কথা উল্লেখ কৰিছে সেইটোও পাবলৈ নাই। সেইবাবে চৰিত্ৰটো তথা তৎকেন্দ্ৰিক কাহিনীটোৱে সময়ে সময়ে বিতৰ্কৰ সৃষ্টি কৰি আহিছে। (‘The …

অধিক চাওক

দিৰৈ পাৰৰ সোণামতী ৷৷ টুনুজ্যোতি গগৈ৷৷

কঁপি কঁপি জ্বলিব চকলঙৰ এশ এগছি চাকি৷ চাকিৰ পোহৰত উজলি উঠিব ভলুকাৰ কুন্দত কটা মুখ৷ ম-লুঙে অহৰহ উচ্চাৰণ কৰিব মাংগলিক মন্ত্ৰ৷ পিতাক ভদৰামে তাইক প্ৰিয়তমৰ হাতত সম্প্ৰদান কৰিব৷ তাই কাষৰ শৰাইত থোৱা হেংদান আৰু কৱচ বস্ত্ৰ প্ৰিয়তমক অৰ্পণ কৰি ক’ব– : এই হেংদানেৰে তুমি নিজৰ দেশ, নিজৰ পত্নী-পুত্ৰ আৰু নিজৰ …

অধিক চাওক

 কেতিয়াবা।। যোজনা পাঠক ।।

কেতিয়াবা- হেঁপাহৰ বাটটো আছুতীয়া হ’লে বুকুত আঁচ টানি ৰৈ যোৱা সহজ কথাবোৰ অসহজ হৈ পৰে কথাবোৰ অসহজ হ’লেই- অবাধ্য অসাধ্য হৈ পৰে বুজা বা বুজোৱাৰ মায়াময়তা নিজক হেৰুৱাৰ সুতীব্ৰ শংকা অথবা আকাংক্ষাত উন্মাদ হৈ পৰে সময়।  

অধিক চাওক

তোমাক এবাৰ লগ পাম৷৷ সত্যেন্দ্ৰ বৰদলৈ৷৷

মই তোমাক এবাৰ লগ পাম মহাজাগতিক গছ এজোপাৰ তলত গাণিতিক তত্ত্ব আৰু ব্ৰহ্মাণ্ডৰ প্ৰয়োগশালাত ক্ষন্তেক জিৰণি ল’ম আৰু বিনিময় কৰিম পাৰ্থিৱ অনুভৱ তুমি খুলি যাবাঁ ৰহস্যৰ প্ৰতিখন বন্ধ দুৱাৰ কাণ পাতি শুনিবা তুমি প্ৰতিটো কৃষ্ণগহ্বৰৰ উচুপনি নহ’লে বিকিৰণ মাথো দুটিমান আলোকবৰ্ষ পাৰ হৈ তোমাক আকৌ এবাৰ লগ পাম মহাজাগতিক কোনো …

অধিক চাওক

লিংগ অধ্যয়নৰ আলোকত অসমীয়া সাধুকথা৷৷ মৃদুল মৰাণ৷৷

(লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘মেকুৰীৰ জীয়েকৰ সাধু’ আৰু ‘চিলনীৰ জীয়েকৰ সাধু’ শীৰ্ষক সাধু দুটাৰ বিশেষ উল্লেখেৰে) অৱতৰণিকাঃ লোকসংস্কৃতি অধ্যয়নৰ মানকসমূহৰ ভিতৰত লিংগ অন্যতম। সাম্প্ৰতিক সময়ত লোকসংস্কৃতিৰ অধ্যয়নত লিংগ অধ্যয়নৰ নানা দিশৰ প্ৰয়োগ আৰম্ভ হৈছে আৰু ই লোকসংস্কৃতিৰ অধ্যয়নক এক নতুন মাত্ৰা প্ৰদান কৰিছে। লোকসংস্কৃতিৰ লিংগ অধ্যয়নে সামৰি লোৱা …

অধিক চাওক

বমি ৷৷ টুনুজ্যোতি গগৈ৷৷

: ওৱাক… ওৱাক…ওৱাক৷ – মহীকান্তৰ ঘৰৰ পদূলিমুখত ৰৈ, নঙলা খুঁটা এটাত ধৰি লৈ জীৱেশ্বৰে বঁতিয়াইছিল৷ মদৰ নিচাত অপ্ৰকৃতিস্থ হৈ পৰা জীৱেশ্বৰৰ কাণ্ড-কাৰখানা ঘৰৰ পিৰালিৰ পৰা প্ৰত্যক্ষ কৰি মহীকান্তৰ ঘৈণীয়েক মালতীৰ মুখখন প্ৰচণ্ড খঙত ৰঙা পৰিছিল, মুহূৰ্তৰ ভিতৰত তাইৰ দুচকু যেন ভমভমাই জ্বলিহে উঠিব৷ প্ৰায় তিনিমিনিট সময় বমি কৰি জীৱেশ্বৰে দোৰোল …

অধিক চাওক