মঙ্গলবাৰ , জুলাই 17 2018
দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প (পৃষ্ঠা 3)

কথাশিল্প

ৰ’দৰ প্ৰত্যাশাই আমাক জীয়াই ৰাখক৷৷ যোজনা পাঠক৷৷

ৰ’দৰ প্ৰত্যাশাই আমাক জীয়াই ৰাখক! কোনোকালে বিশেষ নোহোৱা অপ্ৰত্যাশিত শেলে সী নিয়া অস্থিৰতাৰ আলি কেঁকুৰিকেইটা হওকেই বা শোক সৰাৰ আখৰাথলী হাৰি হাৰি পতিয়ন নোযোৱা সেমেকা ৰাতি তথাপিও আমি জী থাকোঁ ৰ’দৰ প্ৰত্যাশাই আমাক জীয়াই ৰাখক!

অধিক চাওক

হেমাংগ অথবা অন্যান্য৷৷ নিজৰা ৰাজকুমাৰী৷৷

১১জানুৱাৰী, ২০১৮-ৰ সন্ধ্যা। কাৰোবাৰ বাবে হয়তো এটা গতানুগতিক সন্ধ্যা, কাৰোবাৰ বাবে উলাহৰ, হয়তো দুখ অথবা সৃষ্টিৰ। অাৰু মোৰ বাবে? চৈধ্যমহীয়া সন্তানৰ অচেতন ,নীলাপৰা কনমাণি শৰীৰটো বুকুত সাৱটি চিকিৎসালয়মুখী বাটত থমকি থমকি ৰোৱা সন্ধ্যাটো এজনী মাকৰ বাবে কেনে হ’ব পাৰেনো !! ভাবিছিলো অাজি মোৰ সকলো শেষ হৈ গ’ল ।প্ৰাৰ্থনা নে তেজ …

অধিক চাওক

মোৰ দেশৰ মাটিত শইচ ফুলে৷৷ দিতুল চেতিয়া৷৷

মোৰ দেশৰ মাটিৰ গোন্ধই মোক ব্যাকুল কৰে প্ৰতিদিনে মোৰ দেশৰ আকাশে বতাহে মোৰ পিতৃ পিতামহৰ আত্মাই মোক ৰিঙিয়াই কয় এই দেশ মোৰ প্ৰাণৰ স্বদেশ মোৰ দেশৰ নদী দিচাং দিখৌ দিহিঙৰ পাৰে পাৰে মোৰ আজোককাৰ পদচিহ্ন মোৰ আইৰ হাতৰ চেনেহৰ পৰশ মোৰ দেশৰ আকাশৰ তৰা ফুলে বাৰে বাৰে কয় আমিয়ে অতীত …

অধিক চাওক

সেউজীয়া সপোনৰ অপেক্ষাত ৷৷ সত্যেন্দ্ৰ বৰদলৈ৷৷

চ’তহেন চোতালত নিতৌ ৰ’দাওঁ সাঁচতীয়া শব্দবোৰ মোৰ ৰুক্ষ আঙুলিৰে লিৰিকি বিদাৰি সযতনে সামৰি টোমত ভৰাওঁ পাভটিত তুলি থওঁ সিহঁতে কি কথা পাতে সপোন দেখে সেয়া অজান নৈমিত্তিক বসন্তত সূৰ্যাস্তৰ ছবি আঁকি পমুৱা পথাৰত সিঁচিবলে বাট চাওঁ মেদহীন শব্দবোৰ মোৰযে বৰ হেঁপাহ আঘোণৰ কুঁৱলীৰ মাজতো জাগি থকা সপোন এটাহে যেন মাজে …

অধিক চাওক

আঁহতে সলাবৰ পাত (এটা পুৰণি সাধুকথা !) ৷৷ দাদুল দেৱকৃষ্ণ৷৷

আঁহতে সলাবৰ পাত কাঁইটত কেতেকীৰ মাত কোঁৱৰৰ বুকুত বিষে ধৰে শুনা নাই কুঁৱৰীৰ মাত আউল বাউল কুঁৱৰীৰ চুলি বতাহৰ কাকৈৰে মেলে বান্ধি লৈ খোপা কলদিলীয়া তগৰ এপাহি গুঁজে তগৰ ফুলে ক’ত— বসন্তই মেলা পাতে য’ত খোপাত গুঁজে কোনে— কোঁৱৰৰ আকাশৰ জোনে বনত কান্দিলে বনৰ চৰাই মনত ধৰফৰাই কোন দেৱে নেজানে …

অধিক চাওক

ইকুৱেশ্বন।। মানস প্ৰতিম ফুকন।।

এটা গতানুগতিক কাহিনী সময়ৰ পাখিলগা কাঁড়ত উঠি বছৰ বাগৰিল। ঋতুৱে ৰং সলালে, প্ৰকৃতিয়েও ন-ন ৰূপত ধৰা দিলেহি। হাঁড় কঁপোৱা শীতৰ সৈতে আলিংগনাবদ্ধ প্ৰকৃতিক মলয়াই দৌৰি আহি জনাই দিলে, ঋতুৰাজ বসন্তৰ আগমনৰ বতৰা। সেই বতৰা শ্ৰৱণ কৰি চঞ্চলা ফাগুনীৰ ভাকুটকুটনিত ঠেৰেঙা লাগি জুপুকা মাৰি বহি থকা বন-বিৰিখে সাৰ পাই উঠিল। নিজৰ …

অধিক চাওক

ৰবি ঠাকুৰৰ নিলিখা কবিতাটো৷৷ নিবিড় অনুৰাগ মানস৷৷

ৰবি ঠাকুৰৰ পাকঘৰত এখন পীৰা আছে দিনৰ দিনতো ঠেলা চলাই এই চানমাৰী, এই বেলতলা সকলোতে ৰাতি ভাত খাবৰ সময়ত পীৰাখন টানে আৰু শোৱাৰ আগত প্ৰায়ে বিদ্ৰোহৰ কবিতা এটা লিখাৰ কথা ভাৱে কেতিয়াবা সপোনো দেখে আইনষ্টাইনে দাড়ি খজুৱাই ব্লেকবৰ্ডত কিবা এটা লিখে ৰবি ঠাকুৰ খপজপকৈ সাৰ পাই আঁঠুৱাখনলৈ চায় মহ এটাই …

অধিক চাওক

জোঁৱাই ধেমেলীয়া৷৷ টুনুজ্যোতি গগৈ৷৷

: ভঁৰালত ধান৷—ধনেশ্বৰ নিচাদেউৰ দূবৰিভৰা চোতালখনত আমি ‘হেই হেই হেইয়া, হেই হেই হেইয়া’ বুলি হুলস্থুল কৰি বৃত্তাকাৰে ঘূৰিবলৈ আৰম্ভ কৰাৰ ক্ষন্তেক পাছতেই পোনাকায়ে সুমধুৰ কণ্ঠেৰে কৈ উঠিল৷ ইতিমধ্যে মুখত এমোকোৰা হাঁহিৰে পাখৰিজনিয়ানী এপাদেউ টিনৰ দুৱাৰখন ঘেৰেংকৈ খুলি ওলাই আহে আৰু আগপিনৰ চালিখনৰ ভলুকা বাঁহৰ বিয়াগোম খুঁটা এটাত আঁউজি আমালৈ চাই …

অধিক চাওক