মঙ্গলবাৰ , জুলাই 17 2018
দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প (পৃষ্ঠা 20)

কথাশিল্প

ছৈ দিয়া শব্দ ( ছবি গগৈ )

চৰাইৰ মাতত সাৰ পায় মোৰ বেলি হকাৰৰ চাইকেলত পেদেল হৈ ঘূৰে মোৰ পৃথিৱী বাতৰি কাকতৰ দৰেই মোৰ ঘৰৰ খিৰিকীবোৰ মেলিয়েই আৰম্ভ কৰোঁ নিজৰ সন্ধান সন্ধিয়া চৰাইবোৰে উভতাই দিয়েহি একোটা বেনামী ৰাতি তই দেখিছই চাগৈ সৰুমাই লেফাফা খুলিলেই চলে য’ত সপোন দেখাৰ সংগ্ৰাম ৷

অধিক চাওক

ঈশ্বৰ তেজীমলা হ’ল ( প্ৰশান্ত কুমাৰ বৰুৱা )

বনজুই  যেন অচিনাকী হেঁপাহৰ ৰঙে বৰকৈ পুৰিছে মোক হিমকণাই কিনকিনাই যায় বৰষুণৰ দৰে ধপধপাই উৰি যায় ভয়তে বৰবাদুলীৰ জাক কুঁৱলী সনা ৰোমান্টিক সপোন এটাই পদূলিত অগা-দেৱা কৰিছিলহিহে মাথোঁ বাঢ়ি আহে বনজুই মাজতেই ক’ৰ জানো এজাক জল্লাদ পিনপিনাই ফুৰেহি এতিয়া মোৰ আয়ে মচি থোৱা চোতাল গচকি বিচাৰি ফুৰে কোন আছে তেজত …

অধিক চাওক

এগৰাকী ধৰ্ষিতাৰ ডায়েৰীৰ পৰা ( ৰুবী এন বৰা )

ধৰ্ষিতা শব্দটো শুনিয়ে হয়তো বহুতৰে কপালৰ ভ্ৰূ কোঁচ খাই গৈছে। ভুল নুবুজিব মই কাকো বিপথে পৰিচালিত কৰিব খোজা নাই। ময়ো এজনী তেজ মঙহৰ মানুহ, মোৰো এটা জীৱন আছে। মোৰ জীৱনৰ পাৰ কৰি অহা দিনবোৰৰ কথা অলপ শুনকচোন। তেতিয়া মই নৱম শ্ৰেণীত পঢ়ো। সপোন দেখি উৰি ফুৰাৰ দিন। বাটত অকলে গৈ থাকোতে …

অধিক চাওক

মৌন নাদ ( লীনা শৰ্মা )

মোৰ যিমান দূৰ মনত আছে, চহৰৰ কোনোবা এটা উপকণ্ঠ অঞ্চলত সেই ঘৰটো আছিল, ঘৰটোৰ সন্মুখেৰে এখন পাহাৰীয়া নদী বৈ গৈছিল আৰু ঘৰটোৰ অলপ আঁতৰৰ পৰাই এখন পাহাৰ এঢলীয়াকৈ ওপৰলৈ উঠি গৈ আকাশ স্পৰ্শ কৰাৰ স্পৰ্ধা কৰিছিল। ঘৰটো আৰু নদীখনৰ মাজত এজোপা বেলগছ আছিল আৰু সেইখিনিতে ৰৈ মই কেতিয়াবা নদীখনৰ ফালে, …

অধিক চাওক

আৱহ আৱাহন, হে জীৱন! ( গীতালি বৰা )

শেষবাৰৰ বাবে যমুনাই যেতিয়া তাইৰ মৃত সন্তানটিক স্পৰ্শ কৰিছিল, তাই জনা নাছিল তাইৰ ভিতৰত কোনটো বোধ প্ৰবল আছিল– নিজৰ তেজ-মঙহেৰে গঢ়া এক ক্ষুদ্ৰ শৰীৰক স্পৰ্শ কৰাৰ আনন্দ নে সেই শৰীৰ প্ৰাণহীন হোৱাৰ বিষাদ! পাছত যেতিয়া তাই সেই মুহূৰ্তটোৰ কথা ভাবিছিল, তাইৰ মনত পৰিছিল মুংখৰ সেই বিখ্যাত পেইণ্টিংখনলৈ, য’ত আকাশ-পৃথিৱীৰ সমস্ত শুহি …

অধিক চাওক

ৰঙা হাঁহি  ( প্ৰিয়ংকা দাস )

(কামৰূপী উপভাষাৰ কবিতা ) কপালখান ৰঙা হৈছিল মাঘোত৷ পছন্দ নহ’ল কিজানি গ’হাইৰ… বগা কৰি দিলাক বহাগোত! গুণা বাচা টিক্‌টিকে ৰঙা পাট’ৰ মেখ্লাখান পিন্ধবায়ে নাপালু৷ বৰপেটাত গঢ়ে আনা কেৰুযোৰ, বৰপেৰাত সুমে থৈ দিলু৷ চব বগা হৈ যাৱাৰ দিনধৰি!! কেত্তেবা পেৰাটু খুলি শুঙি চাওঁ৷ খোলাৰ লগে লগে যি গ’ন্ধটুই নাকোত ধৰে… আপনি …

অধিক চাওক

মোৰ এই শব্দবোৰ (ৰৌচন আৰা বেগম)

চেতনৰপৰা অৱচেতনলৈ বগাই যোৱা সুগন্ধিজোপাৰ কাষলৈ কোনেও মোক লৈ যাব নোৱাৰে! সপোনৰ ৰেহৰূপ কাৰো ইচ্ছাৰ অধীন নহয়, সেয়ে এই দুৰত্ব! ঢুকি পালেও সন্তোষ্টিৰ ফলকেইটালৈ হাত মেলিও ৰৈ যাওঁ আমি। অথচ ক’ব নোৱৰাকৈয়ে নোৱাই-ঢৌৱাই কেতিয়া যে কেনেকৈ কাক তৃপ্তিৰ অনন্তলৈ বোৱাই লৈ যায়! তেতিয়া মই আৰু মই হৈ নাথাকো মোৰ মাজত …

অধিক চাওক

অতি সাম্প্ৰতিক অসমীয়া কবিতা ( অজিৎ কলিতা )

সাম্প্ৰতিক অসমীয়া কবিতাই ৰূপবস্তু, ভাববস্তু আৰু বিষয়বস্তু– তিনিওটা ক্ষেত্ৰতে বৈচিত্ৰ্য লাভ কৰি অসমীয়া সাহিত্য-ভড়ালক সমৃদ্ধিশালী কৰি তুলিছে৷ এই কথাখিনি বিচাৰ কৰি চাবলৈ আমি নগেন শইকীয়া, ৰবীন্দ্ৰ সৰকাৰ, ৰবীন্দ্ৰ বৰা, আনিচ উজ জামান, অনুভৱ তুলসী, জীৱন নৰহ, লুটফা হালুম চেলিমা বেগম, সমীন্দ্ৰ হুজুৰী আদি বিশিষ্ট কবিসকলৰ কেইটামান কবিতাক আধাৰ হিচাপে গ্ৰহণ …

অধিক চাওক