চ’ৰাঘৰ / কথাশিল্প (পৃষ্ঠা 2)

কথাশিল্প

কেনেকৈ পাহৰিম কাৰ্বি আংলঙৰ খেৰণীক ? ৷৷ মীনাক্ষী বৰুৱা৷৷

১৯৯৮ চনৰপৰা ২০০০ চনলৈকে প্ৰায় আঢ়ৈ বছৰ কাল মই কাৰ্বি-আংলং জিলাৰ খেৰণীত আছিলোঁ। নগাঁও জিলাৰ লংকাৰ পৰা কাৰ্বি আংলং জিলাৰ এই সৰু ঠাইখনলৈ দূৰত্ব প্ৰায় ১৬ কিলোমিটাৰ। কিন্তু বাট-পথৰ শোচনীয় অৱস্থাৰ বাবে তেতিয়াৰ ৪০৭ গাড়ীবোৰত সময় লৈছিল প্ৰায় এঘণ্টা। লংকাৰপৰা খেৰণীলৈ গাড়ী নিৰ্দিষ্ট সময়ৰ মূৰে মূৰেহে চলিছিল। ভীষণ ভীৰ। কোনোবা …

অধিক চাওক

এলপ্ৰাজোলাম৷৷ মমিন বৰা৷৷

নগ্ন নাভিৰ ওপৰেৰে নষ্ট আলাপৰ জুনুকা বজাই পাৰ হোৱা ক’লা ঘোঁৰাৰ জাকটো ৰাতিৰ ৰে’লত উঠি গুচি যায় গোপন গন্তব্যস্থানলৈ সামন্তবাদী সময়ৰ ডেউকাত উঠি কিৰিলিয়াই থাকোঁতে আমি ভ্ৰূক্ষেপহীন এই ক’লা ঘোঁৰাবোৰক লৈ সম উচ্চতাৰ পৰা পকা আম চিঙি খোৱা বা নিজস্ব পৰিসীমাৰ হেৰফেৰ নোহোৱাকৈ ব্যক্ত কৰা কথাবোৰ একে তেনে মাহেন্দ্ৰক্ষণত চুহিবলৈ …

অধিক চাওক

বাটৰ কবিতা৷৷ টুনুজ্যোতি গগৈ৷৷

আইতা, মোক কলৰ ঠোৰাৰে আকৌ ঘেঁাৰা এটা সাজি দে মই চেকুৰাই দিওঁ ল’ৰালিৰ সেই ধূলিয়ৰি বাটেৰে সৌখন টেপুৰামৰ দোকান চাৰি অনা দে আইতা মই সাউতকৈ তোলৈ কিনি আনোঁ বান্দৰ বিড়ি অ’ পিতাই তই যে গাঁৱৰ ধূলিয়ৰি বাট এৰি মোক গুচি যাব কৈছিলি এটা পোহৰৰ বাটেৰে সেই বাট জানো মহানগৰীৰৰ এই …

অধিক চাওক

নাৰী, তোমাৰ দেহৰ বাবে৷৷ কোকিল৷৷

দেশ কালৰ সকলো নিস্তৰংগ  স্থিতৱস্থা বুৰ্জোৱাৰ বিপৰীতে কবিতা লিখা বাদ দি মই এই মুহূৰ্তত কেৱল তোমাৰ শৰীৰৰ কথাকেই কবিতাত লিখিব খুজিছোঁ দূৰ নিলগৰ পাহাৰটো মোৰ বুকুৰ মাজতেই ডাঙৰ হৈছে সেই কথা তোমাক ক’বলৈ আছে পৃথিৱীৰ সমস্ত ৰং ৰূপ তোমাৰ মাজতেই আছে সকলো উপঢৌকণ, সাগৰীয় বন্দৰ,যুদ্ধ ভূমি তোমাৰ শৰীৰতেই অাছে সেই …

অধিক চাওক

এজন বিদ্ৰোহী কবিৰ কাহিনী৷৷ কোকিল শইকীয়া৷৷

১৯৩৫ চনত চালভাদৰ চহৰত জন্ম হোৱা কবি ৰোকে ডালতনৰ বিষয়ে ক’বলৈ ওলাইছোঁ। এটা ধনী পৰিয়ালত জন্মগ্ৰহণ কৰা ডালতনে উচ্চ শিক্ষাৰ University of Chile ত পঢ়িবলৈ যায় আৰু তাতে তেওঁ মাৰ্ক্সবাদৰ প্ৰতি আকৃষ্ট হৈ মাৰ্ক্সবাদ আৰু সমাজ বিপ্লৱ সম্পৰ্কে প্ৰচুৰ অধ্যয়ন কৰে। তাতে তেওঁ কবিতা চৰ্চাও আৰম্ভ কৰে। গৃ্হ চহৰ চালভাদৰলৈ …

অধিক চাওক

হঠাতে হেৰাই যোৱা মানুহজন ৷৷ পঞ্চানন হাজৰিকা৷৷

(পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাৰ্ঘ্য) তেওঁ চিঞৰিছিল তেওঁৰ নিজাকৈ এটা কন্ঠ আছিল তেওঁ আছিল এখন যুঁজাৰু চিলা সপোন আছিল বাবেই সংগ্ৰাম কৰিছিল উশাহত ধাৰন কৰিছিল এই মাটি,এই মানুহৰ প্ৰতি দুৰ্বাৰ ভালপোৱা কলমৰ জোঙা নিবটোৰে তেওঁ ক্ষত-বিক্ষত কৰিছিল ৰাতিবোৰ,নিশাচৰ চিঞৰবোৰ আন্ধাৰ ফালি তেৱেঁই কাটিব খুজিছিল সূৰ্যোদয়ৰ সোণালী বাট তেওঁ সূৰ্য ভালপোৱা মানুহ …

অধিক চাওক

দু:সময়ৰ কবিতা ৷৷ গীতিৰেখা দত্ত৷৷

মানুহবোৰে এতিয়া কাপোৰ সলাইছে ছোঁঘৰৰ ৰখীয়া হৈ চাই আছোঁ সেই দৃশ্য অলপ পিছত সকলো মঞ্চত উঠিব সকলো উঠিব আৰু অতদিনে আওৰাই থকা সংলাপবোৰ দাৰি কমা ভাববোধক সকলো যথাৰ্থ ৰূপত ৰাখি উবুৰিয়াই বাকি দিব হেলজেনৰ পাণ্ডু বৰণীয়া পোহৰেৰে চেপি ৰখা মঞ্চটোৰ বুকুত৷ অত দিনৰ অতবোৰ আখৰাত দিয়া একেটা গঢ়তে চিঞৰবোৰ ওলাই …

অধিক চাওক

তৃতীয় জগত৷৷ মদাৰজ্যোতি৷৷

পানীপোতাত নদীয়া পাতি গিৰিহঁতনী সৰণ খেৰৰ উঁৱলা ছাল চাবেক নজনা প্ৰফুল্লৰ হাতে তমালে বন্ধা এযুগ কাল কটা নিধক মতা, সোঁৱৰালো তিনি বেলিৰ আগতেই বোলো খেৰ ইকৰা আন এতিয়া মুঠা বান্ধি উলুৰে গোটাই ল বিৰিণা ছবছৰ আয়ুসৰ সঞ্জাত নোপোৱাকৈ ছালৰ ফুটাৰে কোন ঘৰ-গোণাই লেখে আকাশৰ তৰা চৰকাৰী গৃহও উজানত নপৰা বোলো …

অধিক চাওক