মঙ্গলবাৰ , জুলাই 17 2018
দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প (পৃষ্ঠা 10)

কথাশিল্প

নাঙঠ পথাৰৰ পদ্য ৷৷ মিন্টুল হাজৰিকা৷৷

পথাৰে সেউজীয়া পোছাক পিন্ধে সেউজীয়াবোৰ গৈ এদিন কেঁচাসোণ বৰণীয়া হৈ দুপৰীয়াৰ পূৰঠ বেলিৰ আলিংগনত জুয়ে পোৰা সোণ হৈ হাঁহে এদিন পথাৰখনৰ ৰংটো দেউতাৰ কান্ধত উঠি চোতাল পায় আৰু পথাৰখন উকা হৈ পৰে ঠিক বৃদ্ধ গণিকাৰ কঁপালখনৰ দৰে কিদৰে হালধীয়াবোৰ পথাৰখনৰ বুকুত বহি যৌৱন বেহাই আৰু উটুৱাই ক্ৰমশঃ পথাৰৰ বুকুফালি কলিজাখন …

অধিক চাওক

নীল তমালৰ ৰ’দ : জনগোষ্ঠীয় ৰাজনীতিৰ ধাৰাভাষ্য ৷৷ পঞ্চানন হাজৰিকা৷৷

অসমীয়া ৰাজনৈতিক উপন্যাসৰ ধাৰাত প্ৰশান্ত কুমাৰ দাসৰ “নীল তমালৰ ৰ’দ” শেহতীয়াভাৱে এক গুৰুত্বপূৰ্ণ সংযোজন।সুদীৰ্ঘদিন বিচ্ছিন্নতাবাদী চেতনাই আলোড়িত আৰু গোষ্ঠী সংঘৰ্ঘত জৰ্জৰিত কাৰ্বি ভূমিৰ পটভূমিত উপন্যাসখনৰ কথাবস্তুৰ নিৰ্মাণ হৈছে। গোষ্ঠী সংঘৰ্ঘক লৈ এখন ৰাজনৈতিক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ যোৱা কথকে জন- ৰামচন নামৰ দুটি ভুক্তভোগী শিশুৰ মুখামুখি হৈছে- যি দুটি কাৰ্বি শিশুৱে …

অধিক চাওক

সাঁথৰৰ ৰং ( কৰিশ্মা হাজৰিকা )

ৰঙা। মোৰ বাবে সদায় এটা দোদুল্যমানৰ ৰং। কাষ চপাম নে আঁতৰাই ৰাখিম, আজিলৈ নিজক বুজাব নোৱাৰিলোঁ। কেতিয়াবা তীব্ৰ কৌতূহল,কেতিয়াবা তীব্ৰ বিতৃষ্ণা। ৰঙা হেনো শক্তিৰ প্ৰতীক। ৰঙা ফোঁটৰ দীঘল ৰেঘা আঁকি ধৰ্মৰ ভয় দেখুওৱা মানুহবোৰক কিন্তু বৰ দুৰ্বল বুলি ক’বলৈ মন যায় মোৰ। অতি হিন্দুত্ববাদী হৈ যোৱাৰ ভয়ত সেয়ে আজিকালি মন্দিৰলৈ …

অধিক চাওক

জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংগ্ৰামৰ উত্তৰাধিকাৰ ( ডা: অজিত কুমাৰ পটঙ্গীয়া )

কোনো এখন ঠাইত কোনো এটা যুগত এজন প্ৰতিভাবান মানুহ বা মনীষীৰ আবিৰ্ভাৱ সেইখন সমাজ বিকাশৰ এটা বিশেষ স্তৰত ঠাই খনৰ এটা সামাজিক প্ৰয়োজন, সামাজিক চাহিদা বা সমাজ আকুতিক ভিত্তি কৰিয়েই ঘটে। সেই কাৰণেই মহাপুৰুষ শঙ্কৰদেবৰ যুগত জ্যোতিপ্ৰসাদ আগৰৱালা বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ যুগত মহাপুৰুষ শঙ্কৰদেবৰ আবিৰ্ভাৱ সম্ভৱ হোৱা নাছিল। সেই অৰ্থত …

অধিক চাওক

কথাৰ কথকতা ( মদাৰজ্যোতি )

কথাবোৰ আৰু কথা হৈ নাথাকিব গহৰা কথাৰ লতাই চানিব সাধুকথাৰ ডাল-পাত পাত হালধীয়া হ’ব পচিব মাটিৰ খনিজ কমি আহিব ৰ’দৰ ৰাইয’বিয়ামো সেউজীয়া গ্ৰহ এটাৰ সন্তুলনো পাণ্ডুৰোগীৰ বৰণ ল’ব সেউজীয়াই সোণাৰু সূৰুয ৰঙা দৈত্য বোৱতী কথাত উটিব জাঁজি জঁট বাঢ়িব সংস্কৃত কথাত কথাৰ ভেৰণিত ককবকাব ভালপোৱাৰ মসৃণ শব্দ এই কথা গমিবলৈ …

অধিক চাওক

কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী ( জ্যোতিপ্ৰসাদ আগৰৱালা )

(১) মই কাঞ্চনজঙ্ঘা তুষাৰ শুভ্ৰশিৰ ময়ে অভ্ৰভেদী বীৰ মোৰ জটা ঝাৰি ঝাৰি নিজৰি নিজৰি বয় নিগৰি নগিৰ অবিকল কল্‌কল্‌ ৷ শৈলজা পয়োধৰা পিযুষ সলিলা যুৰধনী গঙ্গা ; প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি, অণ্বনৃ হুৰি মোৰ আলোক-নৃত্য কৰি ৷ বিয়পাই বিশ্বত ৰঞ্জন দ্যূতি ৷ মোৰে আশেপাশে গায় কিন্নৰী বালিকাই আলোক-বোধন মহাগীত, সন্ধিয়াই সন্ধিয়াই …

অধিক চাওক

মোৰ গাঁৱৰ মেজিটো ( তপন বৰুৱা)

কুঁৱলিয়ে ঢাকি ধৰিছে মোৰ গাঁৱৰ মেজিটো! উছৱৰ উলাহত নাচি উঠা যেন লাগিলেও চোতাল-পদূলি; ভিতৰে ভিতৰে কলিজাত এক অবৰ্ণনীয় বিষ । ইমান প্ৰৱল পশ্চিমৰ বতাহ ইমান উত্তাল বাণিজ্যিক ঢৌ খুউব সহজেই গঞা-গিয়াতি কিয় সেই নিচাত মাতাল ওৰ নাপাওঁ ভাবি ! উদযাপনৰো আছে সীমা । সেয়া, গাঁৱৰ প্রয়োজন আৰু সমস্যাক চেৰাই কেতিয়াও …

অধিক চাওক

সৌৰভ কুমাৰ চলিহা আৰু স্বাধীন অসম (টুনুজ্যোতি গগৈ)

অসমীয়া গল্প সাহিত্যৰ অপ্ৰতিদ্বন্দ্বী সম্ৰাট সৌৰভ কুমাৰ চলিহাৰ নামৰ সৈতে ‘স্বাধীন অসম’ শব্দ যুগল আচহুৱা যেন লাগিলেও চলিহাই স্বাধীন অসমৰ পোষকতা কৰিছিল৷ চলিহাই কৈছিল– ‘… আলফাৰ দৰে আমিও অসম স্বাধীন হোৱাটো বিচাৰো, কিন্তু আমি বাৰে বাৰে কৈ আহিছো যে তাৰ বাবে মানুহ মাৰি ফুৰিব নালাগে, আমাৰ মানুহৰ মাজত স্বাধীনতাকাংক্ষাৰ বীজ …

অধিক চাওক